২৭ বছৰীয়া এজন সুদৰ্শন যুৱক শৈলেশ চৌহান। বেশভূষাত ভাৰতীয় সেনাৰ ইউনিফৰ্ম পৰিহিত ফটোসহ ফেচবুক প্ৰফাইল। ভাৰতীয় সেনাত কৰ্মৰত বুলিয়ে লিখা আছে শৈলেশ চৌহানৰ ফেচবুক প্ৰফাইলত। এইগৰাকী শৈলেশ কুমাৰেই পৰিল পাকিস্তানী চোৰাংচোৱা সংস্থা ISIৰ সুন্দৰী এজেণ্টৰ হানী ট্ৰেপিঙৰ কৱলত।
শৈলেশ চৌহান তেতিয়া অৰুণাচলত কৰ্মৰত। দিনটোৰ কামৰ অন্তত ফেচবুকতে (Facebook) ব্যস্ত থাকে শৈলেশ কুমাৰ। ফেচবুকৰ জড়িয়তেই শৈলেশৰ সৈতে চিনাকী হয় হাৰলীন কৌৰ নামৰ এগৰাকী যুৱতীৰ। ফেচবুকত সুন্দৰ প্ৰপফাইল পিকচাৰৰ হাৰলীন কৌৰৰ সৈতে শৈলেশ চৌহানৰ সহজেই বন্দুত্ব গঢ়ি উঠিল। প্ৰথমে ফেচবুক মেচেঞ্জাৰ আৰু পাছত WhatsAppত কথা বতৰা চলিল হাৰলীন-শৈলেশৰ। হাৰলীন-শৈলেশৰ কথা বতৰা ক্ৰমে পৰিণত হ’ল অশ্লীল মেছেজলৈ। ২৭ বছৰীয়া ডেকা শৈলেশৰ বাবে হাৰলীনৰ সৈতে অশ্লীল কথা বতৰা যৌৱনোদ্দীপক ফটোৰ আদান প্ৰদান এৰাব নোৱাৰা অভ্যাস হৈ আহিল। তেনে সময়তে হাৰলীনৰ যোগেদিয়ে শৈলেশৰ সৈতে চিনাকী হয় প্ৰীতি নামৰ আন এগৰাকী যুৱতীৰ। অতি কম সময়তে শৈলেশৰ প্ৰীতিৰ সৈতেও অশ্লীল চাট আৰম্ভ হয়
সময় সুবিধা পালেই প্ৰীতি-হাৰলীনৰ সৈতে WhatsAppত কথা পতা শৈলেশৰ এক এৰাব নোৱাৰা অভ্যাসলৈ পৰিণত হ’ল। আৰু সেই সময়লৈয়ে যেন বাট চাই আছিল প্ৰীতি- হাৰলীনে। প্ৰীতিয়ে কথাৰ মাজতে শৈলেশক অৰুণাচলৰ সেনাৰ ঘাটিৰ ফটো পঠিয়াবলৈ আব্দাৰ কৰিলে। শৈলেশেও প্ৰীতিলৈ ফটো পঠিয়ালে। পৰৱৰ্তী সময়ত প্ৰীতি-হাৰলীনে পোনপটীয়াকৈয়ে শৈলেশক পাকিস্তানী চোৰাংচোৱা সংস্থা ISIৰ হৈ কাম কৰাৰ প্ৰস্তাৱ দিয়ে।
প্ৰীতিয়ে ‘ফোন পে’ যোগে অনলাইন পইছা দিয়াৰ বিনিময়ত শৈলেশৰ পৰা আৰুণাচল প্ৰদেশত সেনাৰ যান-বাহনৰ গতি বিধিৰ ফটো বিচাৰিলে। আৰম্ভ হ’ল শৈলেশৰ WhatsApp যোগে ফটো প্ৰেৰণ। প্ৰীতি-হাৰলীন দুয়োকে শৈলেশে সেনা চাউনি, সেনাৰ যান বাহনৰ ছবি পঠিয়াবলৈ ধৰিলে। বিনিময়ত PhonePe যোগে শৈলেশে ধনও পালে। আৰু এই সকলো তথ্য শেহতীয়াকৈ উদ্ধাৰ কৰিলে উত্তৰ প্ৰদেশ আৰক্ষীৰ সন্ত্ৰাসবাদ প্ৰতিৰোধী গোটে (ATS)। কেৱল সেয়াই নহয় উত্তৰ প্ৰদেশ ATSয়ে শৈলেশ কুমাৰক জেৰা কৰি উদ্ধাৰ কৰিলে সকলো তথ্য।
উত্তৰ প্ৰদেশৰ কাছগঞ্জৰ ২৭ বছৰীয়া যুৱক শৈলেশ কুমাৰ ওৰফে শৈলেন্দ্ৰ সিং চৌহানে যোৱা বছৰ প্ৰায় ন মাহৰ বাবে অৰুণাচলত ভাৰতীয় সেনাৰ পৰ্টাৰ ৰূপে অস্থায়ী কৰ্মচাৰী হিচাপে কাম কৰিছিল। আৰু সেই সময়তে ভাৰতীয় সেনাৰ পোচাকেৰে ফটো উঠি Facebookত নিজকে ভাৰতীয় সেনা জোৱান (Indian Army) হিচাপে চিনাকী দিছিল শৈলেশ চৌহানে। ভাৰতীয় সেনা বুলি জানি হানিট্ৰেপিঙেৰে (Honey Trapping) শৈলেশ কুমাৰক ISIৰ জালত পেলোৱা হাৰলীন কৌৰ বা প্ৰীতি দুয়ো হয়তো ভুৱা পৰিচয়েৰে ফেচবুক একাউণ্ট খোলা কোনো ISI এজেণ্ট আছিল।
উত্তৰ প্ৰদেশ ATSয়ে শৈলেশ কুমাৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ 121 (A) (দেশ বিৰোধী কাৰ্যকলাপত জড়িত তথা ষড়যন্ত্ৰ কৰা) আৰু ১৭১ ধাৰা (চৰকাৰী কৰ্মচাৰী বুলি মিছা মতা) আৰু ১৩ নং ধাৰাত (অবৈধ কাৰ্যকলাপত সহায় কৰা, উচটনি দিয়া বা অংশগ্ৰহণ কৰা)ৰ অধীনত গোচৰ ৰুজু কৰিছে। ISI এজেন্টে ভাৰতীয়ে সেনাৰ বিষয়া-জোৱানক হানীট্ৰেপিঙেৰে তথ্য সৰবৰাহ কৰাৰ চেষ্টা নতুন নহয়, শেহতীয়াকৈ এই তালিকাত সংযোজন ঘটিল আৰু এগৰাকী।