মুঠ একৈশটা ৱাৰ্ডেৰে গঠিত লখিমপুৰ পৌৰসভা। বিগত সময়ত ১৪টা ৱাৰ্ডেৰে গঠিত পৌৰসভাখনৰ শেহতীয়াকৈ ৱাৰ্ডৰ সম্প্ৰসাৰণ ঘটাই ২১টালৈ বৃদ্ধি কৰা হয় ৱাৰ্ডৰ সংখ্যা। সম্প্রতি বিজেপিৰ দখলত থকা পৌৰসভাখনৰ পৌৰপতিৰ দায়িত্বত আছে নিবেদিতা দত্ত। তেওঁ তিনি নং ৱাৰ্ডৰ পৰা বিজয়ী হৈছিল। পিছে এতিয়া পৌৰসভাখনৰ ভিতৰত সৰ্বাধিক বিধ্বস্ত ৰূপত আছে পৌৰপতিগৰাকীৰ ৱাৰ্ডটো। তিনি নং ৱাৰ্ডৰ একাংশত নাগৰিকৰ ঘৰ-বাৰীৰ লগতে প্ৰায় তিনিশ মিটাৰ পথ এটা ছমাহে পানীৰ তলত আছে। যোৱা দুবছৰ মানৰ পৰা ৱাৰ্ডটোত এই অৱস্থা বাহাল আছে। বিশেষকৈ আমিৰুদ্দিন গাঁওবুঢা সংযোগী প্ৰায় আধা কিলোমিটাৰ দৈঘ্যৰ পথটোৰ ওপৰত তিনিশ মিটাৰ মানত একাঁঠু পানী। কেৱল পথৰ ওপৰতে নহয়। নাগৰিকৰ ঘৰৰ ভিতৰতো পানী। এয়া কেৱল এদিন-দুদিনৰ বাবেও নহয়। বছৰৰ ছমাহ এনেদৰে ডুবি থাকে ৱাৰ্ডটোৰ এই অংশটো। যাৰ বাবে নাগৰিকে অবৰ্ণনীয় যাতনা ভোগ কৰিবলগীয়া হৈছে। কণ কণ ছাত্র-ছাত্রীৰ পৰা সকলো লোকে দিনে-নিশাই একাঁঠু পানীত অহা-যোৱা কৰিবলগীয়া হৈছে। ৰাইজে পৌৰসভা, জিলা প্ৰশাসনক এই সন্দৰ্ভত আবেদন জনায়ো সুফল পোৱা নাই। উল্লেখ্য যে পৌৰসভাৰ কাৰ্য্যালয় আৰু জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ পৰা মুঠেই চাৰি-পাঁচশ মিটাৰ দূৰতে এই ৱাৰ্ডটোৰ নাগৰিকে এনেদৰে যাতনা ভোগ কৰিবলগীয়া হৈছে। প্ৰশাসন আৰু পৌৰসভাৰ অৱহেলাত এতিয়া চৰম ক্ষোভ প্রকাশ কৰিছে ৱাৰ্ডটোৰ নাগৰিকে। জিলা আয়ুক্তৰ কাৰ্য্যালয়ত কেইটামান ৰঙীণ লাইট, নগৰৰ মাজত আই লাভ লখিমপুৰ বুলি নিৰ্মাণ কৰা চেল্ফি পইন্টে উন্নয়ন নুবুজায় বুলি ক্ষোভ প্রকাশ কৰিছে নাগৰিকে। ৱাৰ্ডটো একপ্ৰকাৰ জলাশয়ত পৰিণত হোৱাৰ বাবে নাগৰিকে অমৃত সৰোবৰ স্হাপন কৰাৰ লগতে পানীৰ মাজত চেল্ফি পইন্ট এটা স্হাপন কৰিব লাগে বুলি কটাক্ষ কৰে। পৌৰসভাখনৰ পৌৰপতিৰ ৱাৰ্ডটোৰ এনে দুৰৱস্হাই পৌৰসভাখনৰ উন্নয়নৰ ধাৰা অথবা পৌৰপতিৰ কৰ্মদক্ষতাক লৈ প্ৰশ্ন উত্থাপন হৈছে।
ছমাহে পানীৰ তলত লখিমপুৰৰ পৌৰপতিৰ ৱাৰ্ড
Posted on by GTM Desk
1 min read
You May Also Like
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025
More From Author
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025