জানেনে পুৱাৰ আহাৰৰ গুৰুত্ব কিমান !

1 min read

পুৱা শুই উঠাৰ পাছত প্ৰাতঃকৰ্ম সমাপন কৰাৰ পাছত মানুহৰ ভোক লাগে। কামলৈ ওলাই যোৱা পূর্বে সকলোকে পুৱাৰ আহাৰৰ প্ৰয়োজন। বিশেষজ্ঞৰ মতে,পর্যাপ্ত পৰিমাণৰ পুৱাৰ আহাৰে এজন লোকৰ স্বাস্থ্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

নিয়মিতৰূপে পুৱাৰ আহাৰ গ্ৰহণ নকৰিলে যে শৰীৰৰ মাৰাত্মক ক্ষতি হয়, সেই কথা আমি সকলোৱে জানো। কিন্তু শেহতীয়া এক গৱেষণাত তাতোকৈ বেছি ভয়ানক তথ্য লাভ কৰিছে এদল গৱেষকে। পৰীক্ষাৰ সময়ত দেখা গৈছে যে প্রায় নিয়মিতৰূপে পুৱা একো নাখালে হৃৎপিণ্ডত মাৰাত্মক চাপ পৰে।

ফলত হৃৎপিণ্ডৰ কাৰ্যক্ষমতা লাহে লাহে কমিবলৈ আৰম্ভ কৰে।কেৱল সেয়াই নহয়, এনে হৈ থকাৰ কাৰণে হঠাৎ হাৰ্ট এটেকৰ আশংকাও বৃদ্ধি পায়। সেইবাবেই চিকিৎসকে পুৱাৰ আহাৰক দিনটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ আহাৰ হিচাপে অভিহিত কৰে।

ইংৰাজীত কয়, ‘ইট ব্রেকফাষ্ট লাইক এ কিং’। পুৱাৰ আহাৰ গ্ৰহণ নকৰাৰ অভ্যাস থাকিলে যে কেৱল হৃৎপিণ্ডৰ কার্যক্ষমতাই হ্রায় পায়, সেয়াই নহয়। বৰঞ্চ এই সমস্যাৰ লগতে বহু ধৰণৰ ক্ষতিৰ সম্ভাৱনা থাকে। যেনে—

মধুমেহৰ আশংকা

গৱেষণাত দেখা গৈছে যে যিসকলে নিয়মিতৰূপে পুৱাৰ আহাৰ গ্ৰহণ নকৰে, তেওঁলোক টাইপ-২ মধুমেহত আক্রান্ত হোৱাৰ আশংকা প্ৰৱল। প্রসংগক্রমে, আমাৰ দেশত শেহতীয়াকৈ মধুমেহত আক্ৰান্ত হোৱাৰ সংখ্যা ইমান উদ্বেগজনকভাৱে বাঢ়িছে যে আমিও সতর্ক হোৱাৰ সময় আহিছে।

শক্তিৰ অভাৱ

পুৱাৰ আহাৰ যদি ভালদৰে গ্ৰহণ কৰা নহয়, তেন্তে দিনৰ আৰম্ভণিতে শৰীৰত শক্তিৰ অভাৱ ইমানেই মাৰাত্মক পৰ্যায়লৈ যায় যে কাম কৰাৰ ইচ্ছাই নোহোৱা হৈ পৰে। কেৱল সেয়াই নহয়, শৰীৰে যথাযথ পুষ্টি লাভ নকৰাৰ কাৰণে মস্তিষ্কৰ ক্ষমতাও হ্রাস পাবলৈ ধৰে। যাৰ প্ৰভাৱত স্মৃতিশত্তিও হ্রাস পায়।

চুলি সৰা বৃদ্ধি

পুৱাৰ আহাৰ কৰাৰ অভ্যাস নাথাকিলে শৰীৰৰ কেৰেটিন নামৰ উপাদানৰ মাত্ৰা কমিবলৈ আৰম্ভ কৰে। যাৰ প্ৰভাৱত চুলি সৰাৰ মাত্ৰা দ্ৰুতগতিৰে বৃদ্ধি পায়। সেয়ে কম বয়সতে আপুনি যদি তপা হ’ব নিবিচাৰে, তেন্তে নিয়মিতৰূপে পুৱাৰ আহাৰ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰক। দেখিব আপুনি নিশ্চিত উপকাৰ পাইছে।

হজম ক্ষমতা বৃদ্ধি

পেট্র’ল বা ডিজেলৰ অবিহনে গাড়ী এখন চলে জানো? ঠিক সেইদৰে নিশা বিশ্রাম লোৱাৰ বাবে আঠ-ন ঘণ্টা লঘোণত থকাৰ পাছত যদি আপুনি সঠিক পৰিমাণে পুৱাৰ আহাৰ গ্ৰহণ নকৰে, তেন্তে আপোনাৰ হজম ক্ষমতাত মাৰাত্মক প্ৰভাৱ পৰিব। ফলত স্বাভাৱিকভাৱে শৰীৰৰ ‘মেটাবলিজম ৰেট’ কমিবলৈ আৰম্ভ কৰে। সেয়া হ’বলৈ আৰম্ভ কৰিলেই বদ-হজম আৰু নানা ধৰণৰ পেটৰ ৰোগৰ প্ৰকোপো চকুত লগাকৈ বৃদ্ধি পায়৷ সেয়ে সাৱধান হোৱাটো অতি জৰুৰী।

You May Also Like

More From Author