নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম পাঠদান কাৰ্যসূচী শুভাৰম্ভ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

1 min read

নগাঁৱত উপস্থিত হৈ নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম পাঠদান কাৰ্যসূচী শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই। শুক্ৰবাৰে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ লগতে কোকোৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ পাঠদান আৰম্ভ হয়। ৰাজ্য চৰকাৰে ১৮০০ কোটি টকা ব্যয় সাপেক্ষে ৰাজ্যৰ এই তিনিখন চিকিৎসা মহাবিদ্যালয় নিৰ্মান কৰি উলিয়াইছে।

আনহাতে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ লগতে ৰাজ্যত ১২ খন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত সৰ্বমুঠ ১৫০০ খন আসনত চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰিব । ইফালে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ ১০০ খন আসনৰ বিপৰীতে প্ৰথম ৮৭ জন ছাত্ৰ- ছাত্ৰীয়ে আসন লাভ কৰিব সক্ষম হৈছে । মধ্য অসমৰ অন্যতম জিলা নগাঁৱলৈ এই চিকিৎসা মহাবিদ্যালয় খনে এক গৌৰৱৰ ক্ষণ কঢ়িয়াই অনাৰ লগতে নগাওঁ বাসীয়ে ৰাজ্য চৰকাৰলৈ কৃতজ্ঞতা জ্ঞাপন কৰে ।

You May Also Like

More From Author