নগাঁৱৰ বটদ্ৰৱাৰ সোণাই নৈৰ পাৰৰ গৌৰীনাথ শিৱ মন্দিৰত যুগ্ম জীৱন আৰম্ভ কৰিলে শৰ্মিষ্ঠা-প্ৰাঞ্জলে

1 min read

নিউজ ব্যুৰ’,নগাঁও,৫ছেপ্টেম্বৰ:–পবিত্ৰ ভাদ মাহত হোমৰ জুইক সাক্ষী কৰি মঙলবাৰে যুগ্ম জীৱন আৰম্ভণি কৰিলে শৰ্মিষ্ঠা প্ৰীতম আৰু প্ৰাঞ্জল মহন্তই। নীলপৱনবৰুৱা -দীপালি বৰঠাকুৰৰ দৰে অমৰ প্ৰেমৰ কাহিনীৰ সাক্ষী হৈ ৰ’ল শৰ্মিষ্ঠা প্ৰীতম আৰু প্ৰাঞ্জল মহন্ত । মাংগলিক ৰীতি নীতিৰে নগাঁও জিলাৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত সোণাইপাৰৰ গৌৰীনাথ শিৱ মন্দিৰত হোমৰ জুইত সাক্ষী কৰি মংগলবাৰৰে পৰা যুগ্ম জীৱনৰ পাতনি মেলিলে এই দুৰন্ত প্ৰেমিক-প্ৰেমিকাই। যাৰ বাবে আয়তীৰ উৰুলি আৰু মাংগলিক ধ্বনিৰে মুখৰিত হৈ পৰিল গৌৰীনাথ শিৱমন্দিৰ প্ৰাংগণ। শিল্পী, সাহিত্যিক,সাংবাদিক আৰু ইষ্ট কুটুম্বৰ উপস্থিতিত উখল মাখল পৰিৱেশত অতিথি আপ্যায়নত ব্যস্ত হৈ পৰিল পৰিয়ালবৰ্গ। উল্লেখ্য যে,পখিলা খেদাৰ বয়সতে শৰ্মিষ্ঠাৰ ভৰি দুখন অসাৰ হৈ গৈছিল। এছ এম এ ৰোগত আক্ৰান্ত হৈ হেৰুৱাই পেলাইছিল শৈশৱৰ মাধুৰ্যতা। বেবেজীয়াৰ সমীপৰ ফুলগুৰিৰ “শান্তি নিলয়”ৰ এটা কোঠাৰ এখন শেতেলীয়েই জীৱন সংগী হৈ পৰিছিল। কিন্তু সাহসী শৰ্মিষ্ঠাই যুঁজিলে,হুইল চেয়াৰ আৰু ঘৰৰ সেই শেতেলীখনতেই আৰম্ভ কৰিলে সংগ্ৰাম । হুইল চেয়াৰত বহিয়েই উচ্চ শিক্ষাৰ ডিগ্ৰী গ্ৰহণ কৰি তাই নিৰলসভাৱে সাহিত্য চৰ্চা কৰি গ’ল। এই এছ এম এ যোদ্ধা শৰ্মিষ্ঠা প্ৰীতমৰ কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰি সাহিত্যৰ ক্ষেত্ৰখনত তাইক জিলিকাই তোলাৰ আঁৰৰ ব্যক্তি গৰাকীয়েই আছিল প্ৰাঞ্জল কুমাৰ মহন্ত । ইয়োৰপৰি এই দুৰাৰোগ্য ব্যাধিৰ ব্যয়বহুল চিকিৎসাৰ বাবে অৰ্থ সংগ্ৰহৰ অভিযান আৰম্ভ কৰাৰ ক্ষেত্ৰতো বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল এই যুৱকগৰাকীয়ে । আনহাতে শৰ্মিষ্ঠাক কঠিন জীৱন-যাপনৰ মাজতো লিখিবলৈ সাহস দি যোৱা যুৱকজনেই আছিল প্ৰাঞ্জল কুমাৰ মহন্ত। আজি সেই লেখক,গ্ৰন্থ প্ৰকাশক তথা সাংস্কৃতিক সংগঠক প্ৰাঞ্জল কুমাৰ মহন্তৰ সৈতে শৰ্মিষ্ঠাৰ মাংগলিক বিবাহ সম্পন্ন হয়। বিবাহ অনুষ্ঠানত গৌৰীনাথ শিৱ মন্দিৰৰ ভকত বৈষ্ণৱেও চৌহদতে প্ৰাঞ্জল-শৰ্মিষ্ঠাক আশীৰ্বাদ প্ৰদান কৰি ধৰ্ম বস্ত্ৰৰে আদৰণি জনায় । ইফালে বিবাহ অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক মুনীন বায়ন,নিতুমণি শইকীয়া,শিল্পী অৰুণ নাথ,কমল নাথ,শিক্ষাবিদ সদানন্দ পায়েং,ড° কুলেন দাস, গল্পকাৰ শিৱানন্দ কাকতি, অধিবক্তা মুকুল প্ৰসাদ বৰঠাকুৰ, বৰঠাকুৰ,সংগীত শিল্পী দীগেন মহন্ত,ৰঞ্জন বেজবৰুৱা,লেখিকা মুনী কাকতি,মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈকে বহুকেইজন শিল্পী,সাহিত্যিক তথা সাংবাদিকৰ লগতে গুণমুগ্ধই শুভেচ্ছা জনায় শৰ্মিষ্ঠা-প্ৰাঞ্জলক ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author