কাজিৰঙাত মাৰাথন দৌৰ-চাইকেল ৰেলীৰে বিশ্ব গঁড় দিৱস-২০২৩ উদযাপন

1 min read

নিউজ ব্যুৰ’,নগাঁও,২২ছেপ্টেম্বৰ:–বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত শুক্ৰবাৰে উদযাপন কৰা হয় বিশ্ব গঁড় দিৱস-২০২৩ । গঁড়ৰ সুৰক্ষাৰ সংকল্পৰে পুৱা কাউণ্ট্ৰি মাৰাথন আৰু চাইকেল ৰেলীৰে আৰম্ভ হয় গঁড় দিৱসৰ কাৰ্যসূচী ৷ কাজিৰঙাৰ বনবিভাগ আৰু ইণ্ডিয়ান অইলৰ যৌথ উদ্যোগত আৰু বিশ্ব প্ৰকৃতি নিধি,কাজিৰঙা অধ্যয়ন চক্ৰ, আৰণ্যক,কাজিৰঙা ৱাইল্ড লাইফ চ’চাইটী,ভূমি,দ্য কৰবেট ফাউণ্ডেচন আদি সংগঠনৰ সহযোগত আয়োজিত কৰা দিৱসটি ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা এলেকাত “ৰাণ ফৰ ৰাইন’ ” শীৰ্ষক গ্ৰাম্য মাৰাথন দৌৰ আৰু “ৰাইড ফ’ৰ ৰাইন’ ” শীৰ্ষক চাইকেল ৰেলীৰে গঁড় দিৱস উদযাপনৰ মাজেৰে জনগণৰ মাজত সজাগতা সৃষ্টি কৰা হয় ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন বিভাগীয় অংশগ্ৰহণকাৰীৰ সহযোগত চাইকেল ৰেলী আৰু গ্ৰাম্য মাৰাথন সজাগতা দৌৰ অনুষ্ঠিত কৰা হয় ৷ উল্লেখ্য যে গঁড়ৰ সুৰক্ষাৰ হেতু বিশ্ব প্ৰকৃতি নিধিয়ে ২০১০ বৰ্ষত প্ৰথমবাৰৰ বাবে গঁড় দিৱস অনুষ্ঠিত কৰাৰ পাছতেই প্ৰতি বছৰে ২২ ছেপ্টেম্বৰৰ দিনটোত উলহ-মালহৰে বিশ্ব গঁড় দিৱস হিচাপে উদযাপন কৰি অহা হৈছে ৷ বিলুপ্তিৰ দিশলৈ আগবঢ়া গঁড়ৰ পাঁচোটা প্ৰজাতি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ প্ৰকৃত উদ্দেশ্যৰে শুকুৰবাৰৰ দিনটোতে গঁড় দিৱস উদযাপন কৰি গঁড় সুৰক্ষাৰ বাতাবৰণ সৃষ্টি কৰাৰ প্ৰয়াস কৰা হৈছে৷ সম্প্ৰতি বিশ্বত থকা গঁড়ৰ পাঁচটা প্ৰজাতি আফ্ৰিকা মহাদেশৰ দুটা খৰ্গযুক্ত ক’লা গঁড়,আফ্ৰিকা মহাদেশৰ বগা গঁড়,সুমাত্ৰাৰ দুটা খৰ্গযুক্ত গঁড়, জাভাৰ এটা খৰ্গ থকা গঁড় আৰু ভাৰতৰ এটা খৰ্গ থকা গঁড়ৰ সুৰক্ষা কৰাৰ উদ্দেশ্যত চলিত বৰ্ষত বিশ্ব গঁড় দিৱস উদযাপন কৰা হয় ৷ ইপিনে পুৱা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ বচাগাঁৱৰ ৰাষ্ট্ৰীয় পথৰ পৰা গ্ৰাম্য পথেৰে ম’হপৰা গাঁও হৈ কঁহৰা লৈকে মুঠ প্ৰায় ৮ কিলোমিটাৰ দৈঘ্যৰ ” ‘ৰাণ ফ’ৰ ৰাইন’ ” শীৰ্ষক ক্ৰচ ক্ৰাউণ্ট্ৰি মাৰাথন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ উল্লেখ্য যে বোকাখাতৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি পৰিস্মিতা দিহিঙীয়াৰ উপস্থিতিত অসম ক্ৰীড়া ব’ৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকনে এই মাৰাথনৰ মহিলাৰ প্ৰতিযোগিতা,বিশিষ্ট সমাজকৰ্মী দেৱ প্ৰদীপ বৰা আৰু আন্ত:ৰাষ্ট্ৰীয় খেলুৱৈ নয়নমণি শইকীয়াই পুৰুষৰ দৌৰ আৰু ইণ্ডিয়ান অইলৰ গুৱাহাটী শোধনাগাৰৰ মানৱ সম্পদৰ মুখ্য প্ৰৱন্ধক হিতজিৎ ভট্টচাৰ্য্যই বিভাগীয় দৌৰৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে ৷ প্ৰায় ৮ কিলোমিটাৰ এই মাৰাথন প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা ৫৫৩গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । ইয়াৰে ৪৩৪গৰাকী পুৰুষ আৰু ১১৯গৰাকী মহিলা । মাৰাথন প্ৰতিযোগিতাত বিভাগীয় অংশগ্ৰহণকাৰীৰ লগতে কাজিৰঙাৰ ডি এফ অ’ অৰুণ বিঘ্নেশ,বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ খৰ্গেশ পেগু, সহকাৰী বন সংৰক্ষকৰ উপৰিও বনাঞ্চলিক বিষয়াসকলে অংশগ্ৰহণ কৰে ৷

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author