নগাঁৱৰ RD Motorsৰ প্ৰৱঞ্চনা; পুৰণি গাড়ী বিক্ৰীৰ নামত অনা অসমীয়া ব্যৱসায়ীৰ ৰামঠগন
মিটাৰ টেম্পাৰিং কৰি পুৰণি গাড়ী বিক্ৰী কৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে নগাঁৱৰ বিশাল আগৰৱালাৰ মালিকানাধীন RD Motorsৰ বিৰুদ্ধে। জানিবপৰামতে, নগাঁৱৰ বাইপাছত থকা মাৰুতি ট্ৰু ভেল্যুৰ পৰা মজিবুৰ ৰহমান নামৰ ধুবুৰীৰ এগৰাকী ব্যক্তিয়ে এখন পুৰণি মাৰুতি ব্ৰীজা গাড়ী ক্ৰয় কৰিছিল। মজিবুৰৰ অভিযোগ অনুসৰি গাড়ীখন কিনাৰ সময়ত মজিবুৰক আৰ ডি মটৰচে ৭৬হাজাৰ কিলোমিটাৰ চলা দেখুৱাইছিল। পিছে মজিবুৰে গাড়ীখন ক্ৰয় কৰাৰ দুমাহ পিছত বঙাইগাঁৱৰ মাৰুতি ৱৰ্কশ্বপত কাৰিকৰী কামৰ বাবে লৈ যায়। বঙাইগাঁৱৰ মাৰুতি বৰ্কশ্বপৰ কৰ্তৃপক্ষই তেঁওৰ গাড়ীখন ১লাখ ৯৫হাজাৰ কিলোমিটাৰ চলোৱাৰ পিছত বিক্ৰী কৰা বুলি তেঁওক জনায়। ইয়াৰ পিছতে ক্ষুব্ধ মজিবুৰে নগাঁও আৰডি মটৰচলৈ গাড়ীখন ঘূৰাই দিবলৈ আহে যদিও আৰ ডি মটৰচৰ কৰ্তৃপক্ষই তেঁওক উভোতাই পঠায়। মজিবুৰৰ অভিযোগ অনুসৰি বিশাল আগৰৱালাৰ মালিকানাধীন আৰডি মটৰচ নামৰ প্ৰতিষ্ঠানটোৱে তেঁওৰ দৰে বহু লোকক প্ৰৱঞ্চনা কৰিছে। অৱশ্যে আৰডি মটৰচ নামৰ প্ৰতিষ্ঠানটোৱে এই অভিযোগক নস্যাৎ কৰিছে।