নলবাৰীৰ দৌলাশাল আৰক্ষী চকীৰ অন্তৰ্গত লচিমা গাঁৱত ৰহস্যজনকভাৱে মৃত্যু মাতৃ-কন্যাৰ । চুবুৰীয়া পৰিয়ালৰ পুখুৰীত উদ্ধাৰ মহিলাগৰাকীৰ লগতে কণমানি কন্যা সন্তানৰ মৃতদেহ।
মৃত ৰুণজুনি বেগম (২৪) গাঁওখনৰ বাসিন্দা আইনুল আলীৰ পত্নী।
জানিব পৰা মতে, মংগলবাৰে স্বামী-স্ত্ৰীৰ মাজত এটা ম’বাইল ফোনক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত হৈছিল, তাৰ পিচতে ৰহস্যজনকভাৱে ৰুণজুনি বেগম আৰু চাৰি বছৰীয়া সন্তানটি সন্ধানহীন হয়। আৰু বুধবাৰে পুৱা মাতৃ আৰু কন্যাৰ মৃতদেহ চুবুৰীয়াৰ পুখুৰীত উদ্ধাৰ হয়।
পিছত আৰক্ষীৰ উপস্থিতিত বৰক্ষেত্ৰীৰ কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীলৈ প্ৰেৰণ কৰা হয়।
এতিয়া প্ৰশ্ন উত্থাপন হৈ যে এইয়া আত্মহত্যা নে পৰিকল্পিত হত্যা?
এনে পৰিপ্ৰেক্ষিততে আৰক্ষীয়ে আইনুক আলীক আটক কৰা বুলি জানিব পৰা গৈছে।