লোকসভা নিৰ্বাচনক লৈ BJP, AGP, UPPLৰ সমন্বয়ৰক্ষী কৰ্ণধাৰ সমিতিৰ প্ৰথম খন বৈঠক বিজেপি ৰাজ্যিক কাৰ্য্যালয় অনুষ্ঠিত হয় ৷ ১০গৰাকী সদস্যৰে তিনি দলৰ মাজত গঠন সমন্বয়ৰক্ষী কৰ্ণধাৰ সমিতিখনত বিজেপিৰ পৰা পল্লৱলোচন দাস, মনোজ বৰুৱা, ধ্ৰুৱজ্যোতি মৰল সমিতিত অগপৰ পৰা সমিতিখনত মনোজ শইকীয়া, সুনীল ডেকা, তপন দাস আৰু তুলাৰাম গগৈক দায়িত্বUPPLৰ পৰা
Month: September 2023
মটৰচাইকেল চুৰি কৰিবলৈ আহি আটক ৩ চোৰ। কাছাৰৰ গুমড়াত ৰাইজে আটক কৰিলে বাইক চোৰক। পাইকান পেট্ৰ’ল পাম্পৰ সম্মুখৰ পৰা বাইক চুৰি কৰিবলৈ আহিছিল। লক ভাঙি বাইকখন লৈ যোৱা দেখা পায় কেইজনমান লোকে। ৰাইজে খেদি খেদি কৰায়ত্ত কৰে তিনি মটৰচাইকেল চোৰক। ধৃত ৩ চোৰকেইটা মোস্তফা আহমেদ, চুহেল আহমেদ, কাইয়ুম আহমেদ।
শিলচৰ-আগৰতলা ৰে’লত উদ্ধাৰ দুটাকৈ পিষ্টল, মেগজিন। ৰে’ল আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ অস্ত্ৰকেইটা। ধৰ্মনগৰ ষ্টেচনত জব্দ কৰা হয় অস্ত্ৰকেইটা। ডিমাপুৰৰ পৰা বি চাকমা নামৰ যুৱকজনে কৰিছিল অস্ত্ৰ ক্ৰয়। বাংলাদেশলৈ প্ৰেৰণৰ সময়তে আৰক্ষীয়ে জব্দ কৰে অস্ত্ৰকেইটা।
বাৰাণসীত নিৰ্মাণ হ’ব এই অত্যাধুনিক ক্ৰিকেট ষ্টেডিয়াম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে এই ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিব। ভগৱান শিৱৰ ত্ৰিশূল, ডম্বৰুৰ আৰ্হিও সন্নিবিষ্ট হ’ব এই ষ্টেডিয়ামখনত। একেলগে ৩০ হাজাৰ দৰ্শকে খেল উপভোগ কৰাৰ সুবিধা থাকিব এই ষ্টেডিয়ামখনত।
মণিপুৰত পুনৰ অগ্নিগৰ্ভা পৰিস্থিতি। আৰক্ষী বিষয়াৰ বাসগৃহত আক্ৰমণ মেইটেই মহিলাৰ। মেইৰা পাইবীৰ সদস্যৰ আক্ৰমণ আৰক্ষীৰ বিষয়াৰ বাসগৃহত। বাসগৃহটোত অগ্নিসংযোগৰো চেষ্টা দলটোৰ। বাসগৃহটোৰ সামগ্ৰী ভাঙি তচনচ কৰে আক্ৰমণকাৰী মহিলাই।