গৰ্ভৱতী পত্নীলৈ লক্ষ্য কৰি আৰক্ষী বিষয়াই চলালে তিনিজাঁই গুলী, জোতাৰ ষ্টেণ্ডেৰে ৰক্ষা কৰিলে প্ৰাণ

0 min read

গৰ্ভৱতী পত্নী লক্ষ্য কৰি এজন আৰক্ষী বিষয়াই চলালে নিৰ্বিচাৰ গুলী। স্বামীৰ ছাৰ্ভিচ পিষ্টলৰ গুলীত গুৰুতৰভাৱে আহত হ’ল পত্নী। স্বামীৰ পিষ্টলৰ দুটাকৈ গুলী মহিলাগৰাকীৰ হাতত লাগে, আন এটা পেটত স্পৰ্শ কৰি ওলাই যায়। স্বামীৰ এই ভয়ংকৰ কাণ্ডত জোতাৰ ষ্টেণ্ডেৰে নিজৰ প্ৰাণ ৰক্ষাৰ চেষ্টা কৰে মহিলাগৰাকীয়ে।

ঘটনাটো দেওবাৰৰ। স্বামী ঘৰলৈ পলমকৈ অহাৰ কাৰণ সুধিলে পত্নীয়ে। তাতে জগৰ লাগিল। লগে লগে স্বামীয়ে নিজৰ ছাৰ্ভিচ পিষ্টলটো উলিয়াই পত্নীলৈ লক্ষ্য কৰি চলালে গুলী। এজাঁই দুজাঁই নহয়, পত্নীৰ ওপৰত তিনিজাঁই গুলী চলালে পাষাণ স্বামীয়ে।
মহিলাগৰাকীৰ হাতত দুটা গুলী লগাৰ বিপৰীতে এটা গুলী পেটত স্পৰ্শ কৰি যায়। গুলীৰ আঘাতত গুৰুতৰভাৱে আহত হয় পত্নী। আহত পত্নীক হাস্পতালত ভৰ্তি কৰাই পলায়ন কৰে আৰক্ষী বিষয়া স্বামীয়ে। অৱশ্যে পিছত আৰক্ষীৰ জালত পৰিছে লোকজন। আহত মহিলাগৰাকী বৰ্তমান চিকিৎসাধীন হৈ আছে।
এই ভয়ংকৰ ঘটনাটো সংঘটিত হয় উত্তৰ প্ৰদেশৰ ঝাঁচীত। উলদন থানাৰ অন্তৰ্গত বংৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শশাংক মিশ্ৰই নিজৰ ছাৰ্ভিত পিষ্টলেৰে গুলীচালনা কৰে পত্নীলৈ। এই ঘটনাৰ পিছতে উপ–পৰিদৰ্শক স্বামীয়ে পলায়ন কৰে। সংকটজনক অৱস্থাত মহিলাগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হয়। অভিযুক্ত আৰক্ষী উপ–পৰিদৰ্শকজনক নিলম্বন কৰি গোচৰ ৰুজু কৰা হৈছে।

স্বামীৰ গুলীচালনাৰ লগে লগে পত্নী শালিনীয়ে জোতাৰ ষ্টেণ্ডেৰে নিজকে ৰক্ষা কৰাৰ চেষ্টা কৰে আৰু প্ৰতিবেশীৰ ঘৰত লুকাই প্ৰাণ কৰে। পিছত শশাংকই শালিনীক হাস্পতালত ভৰ্তি কৰাই পলায়ন কৰে। আহত মহিলাগৰাকী বৰ্তমান বিপদমুক্ত বুলি জানিব পৰা গৈছে। অভিযুক্ত উপ–পৰিদৰ্শকজনক আৰক্ষীয়ে জিম্মাত লৈছে। তাৎক্ষণিকভাৱে তেওঁক নিলম্বন কৰা হয়।

You May Also Like

More From Author