ডায়েবেটিচ, উচ্চ ৰক্তচাপ, থাইৰয়ড, কৌষ্ঠকাঠিন, আদি ৰোগৰ পৰা নিজকে বচাই ৰাখিবলৈ এই নিয়মসমূহ মানি চলক

1 min read

ৰাতিপুৱা শুই উঠি বাহী মুখত প্ৰথমে পানী খোৱাৰ দৰকাৰ । ৰাতিপুৱা খোৱা পানীয়ে গোটেই শৰীৰটো পৰিষ্কাৰ কৰি আমাক ভিতৰৰ পৰা চাফা কৰি তোলে । যিদৰে ঘৰটো আমি ৰাতিপুৱা পানীৰে ধুই মচি চাফা কৰো , ঠিক সেইদৰে শৰীৰৰ ভিতৰটোও পানীৰে চাফা কৰাৰ দৰকাৰ । ( Assamese Health Tips )

নিয়মীয়াকৈ ৰাতিপুৱা পানী খোৱা মানুহ ডায়েবেটিচ , উচ্চ ৰক্তচাপ , থাইৰয়ড , কৌষ্ঠকাঠিন , আদিৰ লগতে বেছিভাক জীৱনশৈলীৰ লগত জড়িত ৰোগৰ পৰা নিজকে বচাই ৰাখিব পাৰিব ।

ৰাতিপুৱা গৰমৰ দিনত আমি 3 মাহ তামৰ বাচনত থোৱা পানী খাব লাগে ।

ঠাণ্ডাৰ দিনত খোৱা পানী অলপ গৰম কৰি লব । কমেও 3 গিলাচ ৰাতিপুৱা খাওঁক ।

ৰাতিপুৱা পানী খোৱাৰ ডেৰ ঘণ্টা পিছত পেট ভৰাই খাওঁক । ভাত ভালদৰে চোৱাই চোৱাই খাওঁক । খাদ্য খোৱাৰ মাজত বা খাদ্য খাই উঠি লগে লগে পানী নাখাব ।। কমেও এক ঘণ্টা ৰৈ পানী খাব । এইখিনি সময়ত পিয়াহ লাগিলে Aloevera ৰস , ত্ৰিফলা চূৰ্ণ পানীত মিহলাই খাব পাৰে ।

ৰাতিপুৱা পেট ভৰাই খোৱাৰ পিছত দুপৰীয়া আধাপেট খাদ্য খাওঁক ।

দুপৰীয়া খাদ্য খাই বাওঁফালে কাটি হৈ 30 মিনিট শুব । 30 মিনিটৰ অধিক শুলে গাৰ বিষ হব ।

তাৰ পিছত গধূলিৰ খাদ্য একদম পাতল আৰু কম খাওঁক । গধূলিৰ খাদ্য খাই উঠি গাখীৰ এগিলাচ খাব পাৰে । ( Assamese Health Tips )

গধূলি খাদ্য খাই উঠি কমেও দুঘণ্টা পিছত শুব । 15 মিনিট সময় খোজকাঢ়িব গধূলি খাদ্য খাই ।

ৰাতিপুৱা খাদ্যৰ লগত দৈ , মাখন আদি খাব পাৰে । ৰাতি দৈ বা মাখন নাখাব ।

ত্ৰিফলা গুড়ি এচামুছ এগিলাচ গৰম পানীত মিহলাই ৰাতি শোৱাৰ আগতে নিয়মিত খালে সেই ব্যক্তি ডেৰশ বছৰ জীয়াই থাকিব সুস্থ শৰীৰে ।

ৰাতিপুৱা PURNANAVA ৰস সেৱন কৰিলে লিভাৰ আৰু কিডনী ভালে থাকে ।

এইদৰে দিনপঞ্জী পালন কৰা ব্যক্তিৰ সহজতে ৰোগ হব নোৱাৰে । ৰোগ নহলে আপুনি ঔষধ খোৱাৰ কোনো প্ৰয়োজনো নাই ।

গতিকে উচিত আহাৰ -বিহাৰ আৰু দিনপঞ্জী পালন কৰি সুস্থ হৈ থাকক ।

You May Also Like

More From Author