ভগৱান শিৱই এনে লোকৰ পূজা অৰ্চনা স্বীকাৰ নকৰে

1 min read

ধাৰ্মিক মান্যতা অনুসাৰে, শাওণ মাহ ভগৱান শিৱৰ অতি প্ৰিয় মাহ হয়। সেইবাবে সম্পূর্ণ শাওণ মাহত ভগৱান শিৱৰ বিশেষভাৱে পূজা অৰ্চনা কৰা হয়( Religious Studies )। শাওণ মাহক প্ৰেমৰ মাহ বুলিও গণ্য কৰা হয়।
শাওণ মাহতে ভক্তই শাওণ মাহৰ সোমবাৰৰ ব্ৰত ৰাখে। কোৱা হয় এই ব্ৰট পালন কৰিলে, ভগৱান শিৱ তেওঁৰ ভক্তি দ্বাৰা প্ৰসন্ন হয়। নিজৰ ভক্তৰ সকলো মনোকামনা পূৰ্ণ কৰে। সুখী বৈবাহিক জীৱনৰ কামনাৰে শাওণ মাহৰ সোমবাৰৰ ব্ৰত ৰখা হয়। শাওণ মাহত ভক্তই গংগা নদী বা অন্য প্ৰৱিত্ৰ নদীৰ পৰা জল আনে আৰু মহাদেৱক জল অভিষেক কৰে। ভক্তসকলে ব্ৰত ৰাখি গাখীৰ,জল আদি অৰ্পনেৰে দেৱাদিদেৱ মহাদেৱক প্ৰসন্ন কৰাৰ প্ৰয়াস কৰে।

ইয়াৰ মাজতে এনে মহিলা বা পুৰুষে শাওণ মাহত ব্ৰট পালন কৰিব নালাগে। মহাদেৱে এওঁলোকৰ পূজা স্বীকাৰ নকৰে বুলি মান্যতা আছে।

১/স্বামী স্ত্রীৰ বাবে, শাওণ মাহৰ ব্ৰট ৰখাটো, বহুত প্ৰবিত্ৰ মনা হয়। এই ব্ৰটক পূৰ্ণ ৰূপে পালন কৰিলে, বৈবাহিক জীৱন সফল হয় আৰু অহা সাত জনমলৈ ইজনে সিজনক লগ পাব। কিন্তু আপুনি যদি হিন্দু নীতি নিয়ম অনুসৰি বিয়াত বহা নাই, তেতিয়া আপুনি এই শাওণ ব্ৰট পালন কৰিব নোঁৱাৰে। এনে হলে দূৰত থকাই ভাল। হোমৰ গুড়িত নবহাকৈ কোনো প্ৰেমৰ যোৰায়ে এই ব্ৰট পালন কৰিব নোঁৱাৰে। শাস্ত্ৰত এই বিয়াও মনা কৰা হয়, যদি আপুনি ক’ৰ্ঠ মেৰিজ কৰিছে, তথাপিটো আপুনি এই ব্ৰট পালন কৰাত সক্ষম নহয়।

প্ৰথমে আপুনি বিয়াৰ ৰীতি নিয়ম কৰিলেহে, শাওণ মাহৰ ব্ৰট পালন কৰিব পাৰিব। বিয়াৰ ৰীতি নিতি কৰাৰ পাছত, আপুনি কোনো ধাৰ্মিক কাৰ্য্যত ভাগ লব পাৰে। যদি আপুনি শাস্ত্ৰৰ বিৰোধিতা কৰে, তেন্তে আপুনি পাপৰ ভাগি হব পাৰে।

২/মনত বেয়া চিন্তা পুহি ৰখা জনে, এই প্ৰবিত্ৰ শাওণ মাহৰ পৰা দূৰত থকাই ভাল। এনে ব্যক্তিৰ পূজা মহাদেৱে কেতিয়াও স্বীকাৰ নকৰে বুলি মনা যায়।আমি যদি শাস্ত্ৰ অনুসাৰে যাওঁ, আপোনাৰ মনত ভুল বিচাৰ আহে, আৰু আপুনি আনৰ প্ৰতি বেয়া ভাৱনা মনত পুহি ৰাখে, তেনে লোকে শাওণ মাহৰ ব্ৰট পালন কৰিব নালাগে। মহাদেৱে এনে লোকৰ পৰা সদায়ে ক্ৰধিত থাকে। আৰু তেওঁলোকৰ পূজা কোনোদিন স্বীকাৰ নকৰে। যদি আপোনাক অন্তৰ শুদ্ধ হয়, তেতিয়া ভগৱান শিৱই আপোনাৰ প্ৰাৰ্থনা নিশ্চয় শুনা পায়। ( Religious Studies )
৩/ডিভোৰ্চ লোৱা জনেও শাওণ মাহত ভগৱান শিৱৰ ব্ৰত কৰিব নালাগে। কাৰণ শাওণ মাহক প্ৰেমৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। সেইবাবে এনে লোকে শাওণ মাহৰ ব্ৰট ৰখা উচিত নহয়। শাস্ত্ৰত কোৱা হয়, যি প্ৰেমৰ যোৰা এজনৰপৰা আনজন দূৰত থাকে, তেতিয়া তেওঁলোকে সময়ৰ লগত এক হৈ যাব লাগে। তেতিয়া হে ঈশ্বৰে তেওঁলোকৰ ভক্তি স্বীকাৰ কৰে। শাস্ত্ৰত কোৱা হয়, স্বামী স্ত্রীয়ে একেলগে যেতিয়া ঈশ্বৰৰ আৰাধনা কৰে, তেতিয়া বহু গুণ ফল প্ৰাপ্ত হয়। এনে যদি আপুনি শাওণ মাহত ব্ৰট ৰাখিবলৈ বিচাৰে, তেতিয়া দুয়ো এক হব লাগে। তেতিয়া হে ভগৱান শিৱই আপোনাৰ পূজা স্বীকাৰ কৰিব।
৪/এনে ভুল কেতিয়াও নকৰিব। শাস্ত্ৰ অনুসৰি বিয়া নোহোৱা ছোৱালীয়ে, শিৱ লিংগ স্পৰ্শ কৰিব নালাগে। এনে কৰাটো পাপ মনা হয়। আৰু যি ব্যক্তিয়ে মনত নাৰীৰ প্ৰতি বেয়া চিন্তা আৰু গালি শপনি দিয়ে, তেনে ব্যক্তিক ভগৱান শিৱই নৰকতো স্থান নিদিয়ে। আৰু এনে ব্যক্তিৰ পূজা ভগৱান শিৱই কেতিয়াও স্বীকাৰ নকৰে।
৫/অবিবাহিত ছোৱালীয়ে শাওণ মাহৰ ব্ৰট পালন কৰাটো উচিত। যদি পাব বিচাৰে মহাদেৱৰ দৰে স্বামী, তেতিয়া হলে অবিবাহিত ছোৱালীয়ে এই প্ৰবজত্ৰ শাওণ মাহৰ ব্ৰট নিশ্চয় পালন কৰিব। যদি শাওণ মাহৰ ব্ৰট, অবিবাহিত ছোৱালীয়ে নীয়ম নীতি অনুসৰি পালন কৰে, তেন্তে নিশ্চিত ভাৱে মহাদেৱেৰ দৰে স্বামী প্ৰাপ্তি হয়।।(কথাখিনি সংগ্ৰহিত)

You May Also Like

More From Author