ভিডিঅ’ কলত কাপোৰ খুলিবলৈ বাধ্য কৰালে নৱম শ্ৰেণীৰ ছাত্ৰীক, তাৰ পিছত ব্লেকমেইলিং!

0 min read

কণমানি জীয়ৰীজনীৰ বাবে স্মাৰ্ট ফোন কিনাৰ কথা ভাবিছে নেকি? যদি ভাবিছে আকৌ এবাৰ চিন্তা কৰক। জীয়ৰীৰ দাবী মানি কিনি দিয়া এটা স্মাৰ্ট ফোনে বিপদ ঘটালে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ। ছাত্ৰীগৰাকী এনেদৰে মানসিকভাৱে ভাগি পৰিলে যে প্ৰায় এমাহ ধৰি বিদ্যালয়লৈ যাবলৈকে বাদ দিলে।

গুজৰাটৰ মৰবিৰ এগৰাকী ১৩ বছৰীয়া কিশোৰী। কেইমাহমান এমাহ পূৰ্বে কিশোৰী গৰাকীক দেউতাকে এটা স্মাটফোন কিনি দিয়ে। কেইদিনমান পাছতে কিশোৰীগৰাকীয়ে ইনষ্টাগ্ৰামত মিট্টাল ছোলাংকী নামৰ এগৰাকী মহিলাৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট লাভ কৰিলে। এইগৰাকী ইনষ্টাগ্ৰাম ফ্ৰেণ্ড মিট্টাল ছোলাংকীয়ে কিশোৰীগৰাকী কিষাণ পেটেল নামৰ এটা ল’ৰাৰ সৈতে চিনাকী কৰি দিয়ে। কিষাণ পেটেলৰ সৈতে কিশোৰীগৰাকীৰ প্ৰাহ দুমাহ ধৰি চাটিং চলিল।

১৯ বছৰীয়া কিষাণ পেটেলে এদিন কিশোৰীগৰাকীক লগ পোৱাৰ প্ৰস্তাৱ দিয়ে। কিশোৰীগৰাকীয়েও ইমান দিনে ছচিয়েল মিডিয়াত চাটিং কৰি থকা কিষাণ পেটেলক সাক্ষাৎ কৰিবলৈ ওলাল। কিষাণ পেটেলে দিয়া ঠিকনা অনুসৰি কিশোৰীগৰাকী মৰবিৰে এখন নিজান ঠাই ওলালগৈ। কিশোৰীগৰাকী সেই স্থান পোৱাৰ লগে লগে কিষাণ পেটেলে তাইক নোসোধাকৈয়ে এখন ছেল্ফী উঠোৱাৰ লগতে কিশোৰীগৰাকী শাৰীৰিক নিৰ্যাতন চলোৱাৰ চেষ্টা কৰিলে।

সেই ছেল্ফীখনকে ছচিয়েল মিডিয়াত ভাইৰেল কৰি দিয়াৰ ভাবুকিৰে কিষাণ পেটেলে কিশোৰীগৰাকীক ব্লেকমেইলিং কৰিবলৈ ধৰিলে। কেইদিনমান পাছতে কিষাণ পেটেলে এটা ভিডিঅ’ কল কৰি কিশোৰীগৰাকীক উলংগ হ’বলৈ বাধ্য কৰিলে। এইবাৰ কিশোৰীগৰাকীয়ে কাপোৰ খোলাৰ সমগ্ৰ দৃশ্য ভিডিঅ’ কৰি কিষাণ পেটেলে ধন দাবীৰে ব্লেকমিইলিং কৰিবলৈ ধৰিলে।

সেই ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল কৰাৰ ভাবুকিত কিশোগৰাকীয়ে দিকবিদিক হেৰুৱালে। কিশোৰীগৰাকীয়ে ব্লেক মেইলিঙৰ পৰা ৰক্ষা পৰিবলৈ ঘৰৰ পৰা ৭০ হাজাৰ টকা চুৰি কৰিলে। মাকৰ সোণৰ আ–অলংকাৰো গতাই দিলে ব্লেকমেইলাৰৰ হাতত। সেয়া দি অতোৱাৰ পাছত আকৌ এইবাৰ ব্লেকমেইলাৰ কিষাণ পেটেলে কিশোৰীগৰাকীৰ স্মাৰ্ট ফোনটোও দাবী কৰিলে।

ব্লেকমেইলিঙৰ কবলত পৰি কিশোৰী গৰাকীয়ে ইতিমধ্যে বিদ্যালয়লৈ যাবলৈ বাদ দিলে। মাতৃয়ে আচাৰ–আচৰণ দেখি কি হৈছেনো সোধাত কান্দোনত ভাগি পৰে কিশোৰীগৰাকী। মাকক সকলো বিবৰি কোৱাত যোৱা দেওবাৰে কিশোৰীগৰাকীৰ মাতৃয়ে মৰবি আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে। লগে লগে মৰবি আৰক্ষীয়ে কিষাণ পেটেলক গ্ৰেপ্তাৰ কৰে। কিশোৰীগৰাকীক কিষাণ পেটেলৰ সৈতে চিনাকী কৰি দিয়া মিট্টাল ছোলাংকীকো বিচাৰি অভিযান চলাইছে আৰক্ষীয়ে।

You May Also Like

More From Author