শালমইনা কিয় হয় জানি লওক…

1 min read

কিশোৰ আৰু যৌৱনৰ বয়:সন্ধি কালত বিশেষকৈ ১২/১৪ বছৰৰ পৰা ৩০ /৩৫বছৰ বয়সলৈ সকলো ডেকা গাভৰুৱে দেহৰ সৌন্দৰ্য্য চৰ্চাৰ প্ৰতি বৰ যত্নপৰ হয়। ঠিক এই সময়চোৱাতে আমনি দিয়া এটা বিৰক্তিকৰ ৰোগ হল- শালমইনা বা পিম্পল্চ্ । মুখমণ্ডল, বুকু বা পিঠিৰ ফালে প্ৰথমতে ৰঙা পৰি সৰু সৰু ফোহা হয়। বিষায় আৰু পকাৰ পিচত টিপিলে বগা শাল একোদাল ওলায় আৰু দাগ হয় । ( Assamese Beauty Tips )

#শালমইনা_কিয়_হয় ?

শালমইনা হল ছালৰ ভিতৰত থকা তৰপত (ডাৰ্মিচ) থকা তৈলগ্ৰন্থি( ছেবাছিয়াচ)-ৰ ৰোগ ।

এনে বয়সত সচৰাচৰ ছাল মসৃন আৰু তেলেতীয়া হয় অৰ্থাত যৌন হৰম’নৰ প্ৰভাৱত অধিক তৈল বা ছেবাম নামৰ তেলেতীয়া বস্তু নিঃসৰন হয় আৰু ইয়াত বেক্টেৰীয়াৰ সংস্পৰ্শত শালমইনা , ব্ৰন আদিৰ সৃস্টি হয় । শৰীৰৰ গঠন,জীৱন শৈলী আৰু খাদ্যাভাস অনুসৰি এই ৰোগ কাৰোবাৰ কম বা বেচিকৈ হোৱা দেখা যায় । বজাৰৰ যিকোনো চাবোন , ভুল প্ৰসাধন সামগ্ৰীৰ ব্যৱহাৰ , মুৰ আৰু ছালত বেচিকৈ তেল ঘহা , অপৰিস্কাৰ বা ছালৰ সথিক যতনৰ অভাৱত কিছুমানৰ ইমানেই বেচি হয় সুন্দৰ যুবক যুৱতী সকলো দেখিবলৈ কুশ্ৰী হৈ পৰে ।

অন্যহাতে অত্যধিক আবেগ , মানসিক চাপত ভোগা , অধিক যৌন উত্তেজনা , মৈথুন লগতে অধিক তেল জলা মচলা ,চৰ্বিযুক্ত গুৰুপাক আহাৰ ,অধিক মিঠাই বা ময়দাৰে বনোৱা খাদ্যসামগ্ৰী খোৱা আদিয়েও এই ৰোগৰ কাৰক হৈ পৰে ।

💙 #লবলগীয়া_যতন —💙

✔ ১। গোল নেমু বা কাজিনেমু মিহলোৱা পানীৰে দিনে ২-৩ বাৰ ( বিশেষকৈ ৰাতি শোৱাৰ আগেয়ে ) ভালদৰে ধুই পৰিস্কাৰ কপাহী কাপোৰেৰে মচিলে শালমইনাৰ প্ৰকোপ কমে আৰু দাগ গুচে ।

✔ ২। মুলটান মাটিি আৰু বগা চন্দন মুখত

ভালদৰে মালিচ কৰাৰ নিচিনা ঘহি আধা

ঘন্টা পিছত ভালদৰে ধুই দিব ।

✔ ৩। হালধী, বগা চন্দন আৰু গাখীৰ

একেলগে মিহলাই নাইবা

কেচা হালধী তুলসী আৰু মৌ ভালদৰে ঘহি

কিছুপৰ পিচত ধুই পেলাব ।

✔৪। মচুৰ দাইল তিয়াই (নাইবা ঘিউৰে অকনমান

ভাজি ) মিহিকৈ বটি এৱা গাখীৰ মিহলাই

ভালদৰে ঘহি আধাঘন্টা ৰাখি ধুই দিব ।

✔ ৫। গা ধোৱাৰ আগেয়ে ছালত বেচন আৰু

হালধী ঘহাতো শালমইনা আৰু শৰীৰৰ

সৌন্দৰ্ চৰ্চাৰ বাবে উত্তম ব্যৱস্থা ।

বা বেচনৰ লগত নিমপাত বা ছালৰ শুকান গুড়ি

পানী মিহলাই ঘহিব পাৰে ।

✔৬। পকা অমিতা ঘহিলে শালমইনাৰ দাগ গুচে

আৰু ছাল মসৃন হয় ।

✔ ৭। দিনে ১-২ বাৰ ছালকুঁৱৰী বা এলোৱিৰা ৰস

পানীত মিহলাই আধাঘন্টা ঘহি ধুলে ছালৰ

সকলো প্ৰকাৰ ৰোগ বীজানু নাশ হোৱাৰ

লগতে সৌন্দৰ্য বৃদ্ধি হয় ।

✔ ৮। মহানিম পাতৰ ৰস ঘহিলে

নাইবা নিমৰ গুটি মিহিকৈ গুড়ি কৰি দৈ

মিহলাই ঘহিলে শালমইনা বহি যায়

আৰু ছাল ৰোগমুক্ত হয় ।

✔৯। নিমপাতৰ ৰস আৰু আলিভ অইল ঘহি

কিছুপৰ ৰাখি ধুই পেলাব।

✔১০। শালমইনা বা ব্ৰনৰ বিষ বেদনা গুচাবলৈ

অলপ পৰ বৰফ বা ঠান্ডা পানী লগাই লং

তেল লগালে উপসম হয় ।

✔১১। নাহৰৰ কুঁহিপাতৰ বা পদিনা পাতৰ ৰস

নাইবা জামু গুটি (পিহি) নাইবা

তৰমুজৰ গুটি পিহি গাখীৰ মিহলাই ঘহিব

পাৰে ।

✔১২। আমলখিৰ গুড়া, অৰ্জুন ছালৰ গুড়া , বগা

চন্দন আৰু মুলটানি মাটি মিহলাই মলমৰ দৰে

বনাই লগাব পাৰে (আধা ঘন্টা পিছত ধুব ।

✔১৩। সৰিয়হ মিহিকৈ বতি মুখত সানি কিছুসময়

ৰখাৰ পিছত ভালদৰে ধুই দিব ।

১৪। মুলাৰস আৰু তিয়হৰ ৰস সমানে মিহলাই সানিলে শালমইনাৰ বাবে বৰ উপকাৰী । ( Assamese Beauty Tips )

ওপৰোক্ত দিহা সমুহৰ পৰা বাচনি কৰি নিয়ম মতে ব্যৱহাৰ কৰিলে শালমইনাৰ পৰা নিশ্চয় অব্যাহতি পাব ।

♻ পিছে তলত দিয়া কথাখিনিত গুৰুত্ব দিব

✔#সুপথ্য :—-নেমু, আমলখি,ৰবাব,সুমথিৰা আদি টেঙাফল, শাক পাচলি লঘুপাক সুষম আহাৰ আৰু ৰাতিপুৱা আৰু দিনৰ ভাগত পৰ্যাপ্ত পৰিমানে সমুদায় কমেও ৩/৪ লিটাৰ পানী দৈনিক সেৱন কৰাৰ লগতে

#যোগ_ব্যায়াম_আসন আদি কৰাতো ভাল ।

✔ #অপথ্য ::–গুৰুপাকী খাদ্য , চৰ্বি যুক্ত খাদ্য, ঘিউ,তেল, জলা মচলা , মিঠাই , চকলেট,খোৱা ছ’দা , ময়দাৰে বনোৱা খাদ্য , চাহ কফি , নিচাদ্ৰব্য ,

কোল ড্ৰিংক আদি পৰাপক্ষত এৰিব ।,

✅#মনত_ৰাখিব:—-

✖ শালমইনা সঘনাই খুচৰি থকা নখ লগোৱা,

পিন বা বেজিৰে বিন্ধোৱা আদি খুবেই বেয়া ।

✖নজনাকৈ যিকোনো চাবোন আৰু প্ৰসাধন –> 🎈বিশেষকৈ তেলীয়া আৰু #গ্লিচাৰিনযুক্ত সামগ্ৰী , মলম আদি নঘহিব ।

✖ দিনত সময়ে সময়ে আৰু ৰাতি শোৱাৰ আগেয়ে ভালদৰে মুখমন্ডল ধুই

কপাহী কোমল কাপৰেৰে মচিব ।

✖তেলীয়া চুলি বা ছালত পৰাপক্ষত তেল নঘহিব ।

✖টোপনি ক্ষটি , আবেগ , উত্তেজনা , মানসিক

দুঃচিন্তা আদি এৰি চলিব ।

You May Also Like

More From Author