৪ নৱেম্বৰত কাজিৰঙা ভ্ৰমণ কৰিব ভূটানৰ ৰজাই

1 min read

প্ৰকৃতিৰ ৰম্যভূমিত বিভোৰ হ’বলৈ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ ৰজা উপস্থিত হ’বহি কাজিৰঙাত৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰাত অহা ৪ নৱেম্বৰত উপস্থিত হ’বহি ভূটানৰ ৰাষ্ট্ৰ প্ৰধান গৰাকী৷ দুদিনীয়া ভ্ৰমণসূচীলৈ কাজিৰঙাত উপস্থিত হ’বলগীয়া ভূটানৰ ৰজাক আদৰিবলৈ ইতিমধ্যেই সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে গোলাঘাট, কাৰ্বি আংলং আৰু নগাঁও জিলা প্ৰশাসন৷

আনহাতে বিদেশী ৰাষ্ট্ৰখনৰ ৰজাৰ আগমণৰ বাবে ইতিমধ্যেই কাজিৰঙাৰ বিভিন্ন অতিথিশালাৰ শতাধিক কোঠা চৰকাৰীভাৱে বুকিং কৰা হৈছে৷ উল্লেখ্য যে, কাজিৰঙাৰ ৬কুৰি বছৰীয়া ইতিহাসত বহু উত্থান-পতন হ’লেও মাত্ৰ ১০/১২টা গঁড়ৰ আৱাসস্থল কাজিৰঙাত সম্প্ৰতি ২৫০০ অধিক গঁড়ৰ অৱস্থিতি পোৱা গৈছে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা এলেকাৰ জনগণৰ ত্যাগ আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে কৰি অহা অহোপুৰুষাৰ্থ কচৰতৰ লগতে কাজিৰঙাৰ বন বনবিভাগৰ সহযোগিতাত কাজিৰঙাই বিশ্বৰ মানচিত্ৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷

১৯৭৪ চনতে ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰা কাজিৰঙাই অহা ১১ ফেব্ৰুৱাৰীত গৌৰৱময় ৫০ বছৰ সম্পূৰ্ণ কৰিব৷ তাৰ প্ৰাকক্ষণত কিছু বছৰৰ পূৰ্বে বলিউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খান, সমান্তৰালভাৱে ইংলেণ্ডৰ ৰাজকুমাৰ, ৰাজকুমাৰীয়ে কাজিৰঙাত নৈসৰ্গিক সময় উদযাপন কৰাৰ পাছত কাজিৰঙাত উপস্থিত হৈ অষ্ট্ৰেলিয়া ক্ৰিকেটাৰ কেভিন পিটাৰছনে ৰাষ্ট্ৰীয় উদ্যানক লৈ তথ্যচিত্ৰ নিৰ্মাণ কৰে৷

শেহতীয়াকৈ লোকসভাৰ সাংসদ ওম বিৰলা, যোৱা বছৰ দেশৰ মহামান্য ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, চলিত বৰ্ষৰ প্ৰথমাৰ্ধত দেশৰ মহামান্য ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ কাজিৰঙাত উপস্থিত হৈ ৰাষ্ট্ৰীয় উদ্যানত সময় উদযাপন কৰে৷ ইপিনে, ১৯৮৫ চনতে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ মৰ্যাদা লাভ কৰা কাজিৰঙা দৰ্শন কৰিবলৈ এইবাৰ সপৰিয়ালে উপস্থিত হ’ব বিদেশী ৰাষ্ট্ৰ ভূটানৰ ৰজা৷ অহা ৪ নৱেম্বৰত কাজিৰঙালৈ আগমণ ঘটিব ৰজাগৰাকীৰ৷ ইতিমধ্যে বৈদেশিক মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰশাসনক বিষয়টো অৱগত কৰাৰ পাছতেই কাজিৰঙাৰ শতাধিক ল’জ-ৰিচৰ্ট ইতিমধ্যেই বুকিং কৰিছে প্ৰশাসনে৷

আনহাতে, প্ৰশাসনৰ নিৰ্দেশনা অনুসৰিয়েই পূৰ্বৰ বুকিং বাতিল কৰি হ’লেও কাজিৰঙাৰ চৰকাৰী-বেচৰকাৰী ল’জ-ৰিচৰ্টে প্ৰশাসনৰ স’তে সহযোগিতা আগবঢ়াইছে৷ তথ্য অনুসৰি, প্ৰশাসনে ৩ নৱেম্বৰৰ পৰা ৫ নৱেম্বৰলৈ কাজিৰঙাৰ বিভিন্ন হোটেলৰ কোঠাসমূহ বুকিং কৰিছে৷

যিহেতু যোৱা ১৫ অক্টোবৰত কাজিৰঙাৰ জীপ ছাফাৰী মুকলি হোৱাৰ পাছত অহা ১ নৱেম্বৰৰ পৰা কাজিৰঙাত হাতী ছাফাৰীও আনুষ্ঠানিকভাৱে মুকলি হ’ব, ভূটানৰ ৰজাই হাতী ছাফাৰী কৰাৰ লগতে জীপ ছাফাৰী কৰাৰ সম্ভাৱনা আছে৷ ইতিমধ্যে বিদেশী ৰাষ্ট্ৰপ্ৰধান গৰাকীৰ সুৰক্ষাৰ হেতু গোলাঘাট, কাৰ্বি আংলং আৰু নগাঁও জিলাৰ আৰক্ষী-প্ৰশাসন সাজু হৈছে৷ তদুপৰি, ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰোৱাবলৈ কাজিৰঙাৰ বনবিভাগ সম্পূৰ্ণৰূপে সাজু হৈছে বুলিও জানিব পৰা গৈছে৷

You May Also Like

More From Author