গুৱাহাটীৰ শিশু নিৰ্যাতনকাৰী দম্পতীক আটক

1 min read

গুৱাহাটীৰ শিশু নিৰ্যাতনকাৰী দম্পতীক আটক। এগৰাকী ১২বছৰীয়া বনকৰা কিশোৰীক নিৰ্যাতন চলোৱাৰ অভিযোগত আটক কৰা হৈছে ড০ চাবিনা লাংথাছাক। ড০ চাবিনা লাংথাছা বি বৰুৱা কলেজৰ সহকাৰী অধ্যাপক। প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক ড০ চাবিনা লাংথাছা। চাবিনাৰ স্বামী প্ৰেমা ভান্দ্ৰা বাচনুকো আটক কৰিছে আৰক্ষীয়ে। কিশোৰীগৰাকীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন চলোৱাৰ অভিযোগ তেওঁলোকৰ বিৰুদ্ধে। ভগদত্তপুৰ আৰক্ষী থানাত জেৰা কৰা হৈছে এই দম্পতীক।

ড০ চাবিনা লাংথাছাই বনকৰা শিশু হিচাপে ৰাখিছিল ১০ বছৰীয়া কন্যা শিশুটিক। মহানগৰীৰ ভগদত্তপুৰৰ পিয়া এক্স’টিকা নামৰ এপাৰ্টমেণ্টৰ পৰা উদ্ধাৰ কৰা হৈছে কিশোৰীগৰাকীক। কিশোৰীগৰাকীৰ ঘৰ উমৰাংছ’ত। প্ৰায় দুই বছৰ ধৰি কিশোৰীগৰাকীক নিৰ্যাতন চলাই অহাৰ অভিযোগ চাবিনা লাংথাছাৰ বিৰুদ্ধে।

মাৰপিট কৰাৰ লগতে দেহত গৰম ইস্ত্রি লগাই দিছিল কিশোৰীগৰাকীক। খাবলৈ নিদিয়াকৈ বান্ধি ৰখাৰ দৰে অকথ্য নিৰ্যাতনো চলাইছিল কিশোৰীগৰাকীৰ ওপৰত। Assam Centre for Rural Development আৰু Child Friendly Guwahati নামৰ দুটা সংস্থাৰ তৎপৰতাত উদ্ধাৰ কিশোৰীগৰাকীক। ভগদত্তপুৰ থানাত ৰুজু কৰা হৈছে গোচৰ।

You May Also Like

More From Author