মেষ ৰাশি : আন কাৰো সহায় লোৱা প্ৰয়োজন। বন্ধুবৰ্গই আপোনাৰ সৈতে থিয় দিব। অস্বাস্থ্যকৰ খোৱা–লোৱা বন্ধ কৰিব লাগিব।
বৃষ ৰাশি : মেজাজ সংযত ৰখাৰ চেষ্টা কৰক। সময়ৰ কাম সময়ত শেষ কৰিলে সফলতা আহিব।
মিথুন ৰাশি : যদি আপুনি সম্পৰ্কৰ উত্তেজনা দূৰ কৰিব বিচাৰে, আপুনি এই সময়ত উপায় উলিয়াব পাৰে। আপুনি সক্ৰিয়তা বজাই ৰাখিব লাগিব।
কৰ্কট ৰাশি : ওচৰ–পাজৰৰ মানুহৰ পৰা যথেষ্ট পৰিমাণে স্বীকৃতি আৰু সমৰ্থন আশা কৰিব পাৰে।
সিংহ ৰাশি : নিজৰ ভিতৰত উদ্যম অনুভৱ কৰিব। ঘৰত কোনো ডাঙৰ পৰিৱৰ্তন আহিব পাৰে।
কন্যা ৰাশি : সু–খবৰ প্ৰত্যাশা কৰিব পাৰে আজিৰ দিনটোত। বন্ধু–বান্ধৱ আৰু পৰিয়ালৰ সকলোৰে সৈতে ভাল সময় অতিবাহিত কৰা সম্ভৱ হ’ব।
তুলা ৰাশি : চাৰিওফালৰ সমস্যালৈ ভয় কৰিলে নচলিব। পাৰিপাৰ্শ্বিক পৰিস্থিতিৰ বাবে নিজকে দায়ী কৰা সঠিক নহ’ব।
বৃশ্চিক ৰাশি : অতীতত উপকাৰ হোৱা পদ্ধতি ব্যৱহাৰ কৰা উচিত কামৰ ক্ষেত্ৰত। নতুন পৰীক্ষামূলক কাম এই সময়ত নকৰাই ভাল।
ধনু ৰাশি : যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে ভালকৈ নিজৰ মূল্যায়ন কৰি চোৱা প্ৰয়োজন। সম্পদ ক্ৰয়ৰ উপযুক্ত সময়।
মকৰ ৰাশি : অতীতৰ কোনো ঘটনাৰ মুখামুখি হোৱাৰ সম্ভাৱনা আছে। সহনশীল দৃষ্টিভংগী প্ৰয়োজন।
কুম্ভ ৰাশি : বহু ভাল সুযোগে অপেক্ষা কৰিছে। নিজৰ ভদ্ৰ আচৰণৰ বাবে সকলোৰে সৈতে ভাল সম্পৰ্ক গঢ়িব পাৰিব।