ছিকিমত ডাৱৰ বিস্ফোৰণৰ ভয়ংকৰ ৰূপ ধাৰণ! সংহাৰী বানত ১৪ জন লোক নিহত, শতাধিক সন্ধানহীন

1 min read

ছিকিমৰ লহনাক হ্ৰদত সংঘটিত ডাৱৰ বিস্ফোৰণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এই বিস্ফোৰণৰ ফলত তিষ্টা নদীৰ নামনি অঞ্চলত সৃষ্টি হোৱা আকস্মিক বানে কেইবাটাও পথ-দলং উটুৱাই নিয়ে। এই বানত বৰ্তমানলৈ ১৪ জনৰ মৃত্যু হোৱাৰ লগতে ১০২ জন লোক সন্ধানহীন হৈ আছে। SDRF আৰু NDRFৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। নিখোজ ২৩ সেনাৰ ভিতৰত এজন সেনা জোৱানক উদ্ধাৰ কৰা হৈছে। অৱশ্যে পানীৰ সোঁতৰ বাবে উদ্ধাৰ অভিযানত ব্যাঘাত জন্মিছে।

উত্তৰ ছিকিমৰ তিস্তা নৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত মাংগান, পাকয়ং আৰু গেংটকত সৰ্বাধিক ক্ষতি হৈছে। ছিকিমৰ বহু অঞ্চলত এতিয়াও ২০০০ৰো অধিক লোক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে। চৰকাৰে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত সতৰ্কবাণী জাৰি কৰা হৈছে। ভাৰতীয় সেনাই ছিকিমত নিখোজ সেনা জোৱানসহ সন্ধানহীন লোকৰ পৰিয়ালৰ উদ্ধাৰৰ বাবে তিনিটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। সেনাৰ হেল্পলাইন নম্বৰসমূহ হৈছে–
পূব ছিকিমৰ বাবে হেল্পলাইন নম্বৰ – 8756991895
উত্তৰ ছিকিমৰ বাবে হেল্পলাইন নম্বৰ – 8750887741
সন্ধানহীন জোৱানৰ বাবে হেল্পলাইন নম্বৰ – 7588302011

মন কৰিবলগীয়া যে, ছিকিমত কিছু দিনৰ পৰা ধাৰষাৰ বৰষুণে নদীৰ জলপৃষ্ঠ বৃদ্ধি কৰি তুলিছিল। ইয়াৰ পিছতেই ৪ অক্টোবৰত উত্তৰ ছিকিমৰ (North Sikkim) লহনাক হ্ৰদত (Lhonak Lake) ডাৱৰ বিস্ফোৰণ (Sikkim Cloud Burst) হয়। এই বিস্ফোৰণৰ ফলত ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ জলবিদ্যুৎ প্ৰকল্প ছুংথাম বান্ধ ভাঙে আৰু তিষ্টা নদীৰ (Teesta River) নামনি অঞ্চলত ১৫-২০ ফুট পৰ্যন্ত জলপৃষ্ঠ বৃদ্ধি পায়। ইয়াৰ ফলত ৰাজ্যখনত আকস্মিক বানৰ সৃষ্টি হয়। এই বানে কেইবাটাও পথ-দলং উটুৱাই নিয়ে। ইয়াৰোপৰি, পূব ছিকিমৰ ছিংটামক সংযোগী আইকনিক ইন্দ্ৰেণী দলঙো (Indreni Bridge, Singtam) বানে উটুৱাই নিয়ে।

উল্লেখ্য যে, মঙলবাৰে নেপাল আৰু চুবুৰীয়া অঞ্চলক জোকাৰি যোৱা শক্তিশালী ভূমিকম্পৰ ফলত দক্ষিণ লোনাক হ্ৰদত ডাৱৰ বিস্ফোৰণ হৈছিল নেকি সেই বিষয়ে বিজ্ঞানীসকলে অন্বেষণৰ কৰি আছে। এই বিস্ফোৰণে ছিকিমৰ তিস্তা নদী অঞ্চলত আকস্মিক বানৰ সৃষ্টি কৰিছিল। হায়দৰাবাদস্থিত নেচনেল ৰিম’ট চেঞ্চিং চেণ্টাৰে প্ৰকাশ কৰা উপগ্ৰহৰ ছবিসমূহত দেখা পোৱা গৈছে যে, ১৭ ছেপ্টেম্বৰত দক্ষিণ লোনাক হ্ৰদৰ এলেকা যিমান আছিল, সেই এলেকা ৪ অক্টোবৰত ডাৱৰ বিস্ফোৰণৰ ফলত তিস্তা নদীত বান পৰিস্থিতি হোৱা বাবে ইয়াৰ এলেকা হ্ৰাস পাইছে।

কেন্দ্ৰীয় জল আয়োগৰ (CWC) এজন জ্যেষ্ঠ বিষয়াই পিটিআইক জনায় যে ‘‘নেপালত হোৱা ভূমিকম্প ছিকিমত আকস্মিক বানপানীৰ কাৰণ হ’ব পাৰে। হ্ৰদটো ইতিমধ্যে অসুৰক্ষিত আছিল আৰু ১৬৮ হেক্টৰত বিয়পি আছিল। ইয়াৰ এলেকা এতিয়া ৬০ হেক্টৰ হ্ৰাস পাইছে, সেয়ে প্ৰায় ১০০ হেক্টৰ পানীৰ পৰিমাণে স্তৰ ভংগ কৰিছে।’’ তিস্তা নদীৰ নামনি অঞ্চলত আকস্মিক বান হোৱা প্ৰসংগত বিষয়াজনে কয় যে, ‘‘যদিও এই মুহূৰ্তত নিশ্চিত কৰা কঠিন, কিন্তু ডাৱৰ বিস্ফোৰণৰ ফলত এনে ফলাফল নহয়।’’ সেই স্থানলৈ যোৱা কিছুমান বিশেষজ্ঞই অনুমান কৰিছে যে হয়তো নেপালত শেহতীয়াকৈ হোৱা ভূমিকম্পৰ জোকাৰণিৰ প্ৰভাৱে ছিকিমত এই সংহাৰী বান পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে।

You May Also Like

More From Author