জোনমণিৰ ৰাভাৰ চূৰ্ণ-বিচূৰ্ণ গাড়ীত উদ্ধাৰ হোৱা ম’বাইল ফোন জোনমণিৰ নে আন কাৰোবাৰ?

1 min read

নগাঁৱৰ প্ৰয়াত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ ১৪২ দিনৰ পিছত তেওঁৰ চূৰ্ণ–বিচূৰ্ণ গাড়ীত দুটা ম’বাইল ফোন উদ্ধাৰ হয়। এই ম’বাইল ফোনকেইটা জোনমণি ৰাভাৰ নে আন কাৰোবাৰ, তাক লৈ এতিয়া বহু প্ৰশ্নৰ উকমুকনি ঘটিছে ৰাজ্যবাসীৰ মনত।

বুধবাৰে জখলাবন্ধা আৰক্ষী থানাত থকা জোনমণিৰ পৰিত্যক্ত এছপ্ৰেছ’ বাহনখনৰ ভিতৰতে CBIৰ তদন্তকাৰী দলে এটা ম’বাইল ফোন উদ্ধাৰ কৰে। জখলাবন্ধাৰ সৰুভগীয়াত ১৬ মে’ৰ পুৱা ৰহস্যজনক দুৰ্ঘটনাত SI জোনমণি ৰাভাৰ মৃত্যু হৈছিল। ইয়াৰ পিছত বহুবাৰ আৰক্ষী আৰু CIDৰ তদন্তৰ লগতে ৪ বাৰ ঘটনাস্থলীত CBIৰ অনুসন্ধানৰ পাছতো জোনমণিৰ হেৰোৱা মোবাইলটো উদ্ধাৰ হোৱা নাছিল। যদি বৰ্তমান উদ্ধাৰ হোৱা এই ম’বাইলটো প্ৰয়াত SI জোনমণি ৰাভাৰ হয়, তেন্তে ইমান দিনে বিভিন্ন তদন্তত কিয় ম’বাইলটো কোনো তদন্তকাৰী দলে বিচাৰি পোৱা নাছিল, তাকে লৈ বিভিন্ন মহলত প্ৰশ্নৰ সৃষ্টি হৈছে। জখলাবন্ধা থানাৰ আৰক্ষীয়ে কিয় দেখা নাপালে গাড়ীৰ ভিতৰতে থকা ম’বাইলটো? কিবা ৰহস্য আছে নেকি ইয়াৰ আঁৰত? নে এই ঘটনাক অন্য এক গতি দিয়াৰ চেষ্টা এয়া? এনে প্ৰশ্নই যেন সকলোৰে মনত উদয় হৈছে।

জোনমণিৰ পৰিয়ালৰ লগতে ৰাজ্যবাসীয়ে এতিয়া আশা কৰিছে যে, জোনমণিৰ ৰাভাৰ মৃত্যুৰ ৰহ্যসৰ ভেদ কেৱল CBI কিম্বা অসম আৰক্ষীয়েহে ভাঙিব পাৰিব। কিন্তু আৰু কিমান দিনলৈ অপেক্ষা কৰিব লাগিব অসমবাসী ৰাইজ তথা প্ৰয়াত জোনমণিৰ পৰিয়ালে সেয়া এতিয়া অস্পষ্ট।

১৪২ দিনৰ পাছত জোনমণিৰ গাড়ীত ম’বাইল উদ্ধাৰ হোৱাৰ পিছত এতিয়া ৰাজ্যবাসীৰ মনত বহু প্ৰশ্নৰ উকমুকনি ঘটিছে। জোনমণিয়ে পিন্ধি থকা সোণৰ চেইনডাল, জোনমনিৰ পাৰ্চ আদি সামগ্ৰী ক’ত আছে , সেয়া তথ্য এতিয়াও কোনো তদন্তকাৰী দলে লাভ কৰিব পৰা নাই। অসম আৰক্ষীৰ CIDৰ পিছত CBIৰ অব্যাহত তদন্ত প্ৰক্ৰিয়াক লৈ জখলাবন্ধাৰ সৰুভগীয়াৰ সচেতন নাগৰিকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

You May Also Like

More From Author