দাঁত বিষৰ ঘৰুৱা প্ৰতিকাৰ…

1 min read

মানুহৰ গুৰুত্বপূৰ্ণ অংগ হল দাঁত। বহুত মানুহৰ দাঁতৰ সমস্যা আছে।যেনে-দাঁতৰ বিষ,দাঁত সিৰসিৰ কৰা-ইত্যাদি।এইবোৰ সমস্যাৰ পৰা ৰক্ষা এইসমূহ কৰিব লাগে। ( Assamese Health Tips )

১)পানী-

দাঁতৰ বিষ হলে-ফিটকাৰি পানীত দি-সেই পানীত তুলা এডোখৰ তিয়াই বিষ হোৱা দাঁতৰ গুৰিত লগাব।এনেকৈ ৩/৪দিন কৰিব।এনে কৰিলে আপুনি সুফল পাব।

২/কুল-কুল কৰিব-

বকুল গছৰ ছালৰ ৰস-কুহুমীয়া পানীত মিহলি কৰি-দৈনিক দুবাৰ কৰি কুল কুল কৰিব। ( Assamese Health Tips )

৩/লং-

৫টা লং পিহি-নেমুৰ ৰস মিহলি কৰি দাঁত মাজিলে-দাঁতৰ বিষ নাইকিয়া হয়।নাইবা ৫টা লং পিহি-১গিলাচ পানীন মিহলাই মুখ কুলকুলিয়ালে-দাঁতৰ বিষ কমে।

৪/ভীমকলৰ পাত-

ভীমকলৰ পাতৰ মাজৰ-কেঁচা ঠাৰি এডাল জুইত অলপ সেকি যিমান সময় পৰা যায়-বিষ হোৱা দাঁতেৰে কামুৰি ধৰিলে-বিষ নাইকিয়া হয়।

৫/সৰিয়হ তেল-

সৰিয়হ তেল,নেমু ৰস আৰু অলপ নিমখ মিহলি কৰি-দাঁত মাজিলে দাঁত পৰিষ্কাৰ হয়।দাঁতৰ বীজাণু নাশ হয় আৰু দাঁতৰ বিষ দূৰ হয়।(সংগ্ৰহিত)।

You May Also Like

More From Author