দুৰ্বল হৃদযন্ত্ৰৰ ৰোগীসকলেও এইটো বিধান ব্যৱহাৰ কৰিব পাৰিব

1 min read

হাৰ্টৰ ৰোগীৰ বাবে আশীৰ্বাদ স্বৰূপ আঁহত (বামুনি আঁহত ) গছৰ পাত । ( Assamese Health Tips )

আঁহত গছৰ পাতে blockage অষ্ট্ৰপচাৰ নকৰাকৈ খুলি দিব পাৰে ।

15-20 টা পাত (বেছি কোমল নলব ) 2 গিলাচ পানীত উতলাই এক গিলাচ কৰি দিনত 2 বাৰকৈ খাওক ।

মাজত 3 ঘণ্টাৰ ব্যৱধান থকাটো প্ৰয়োজন । এমাহমান খোৱাৰ পিছত পৰীক্ষা কৰাই চাব ।

দুৰ্বল হৃদযন্ত্ৰৰ ৰোগীসকলেও এইটো বিধান ব্যৱহাৰ কৰিব পাৰিব ।

একেটা বিধান যিসকলৰ তেজৰ শৰ্কৰা ( suger ) কোনো ঔষধ খাই কমাব পৰা নাই , তেওঁলোকেও এই বিধান কিছুদিন কৰিলেই কমাব পাৰিব ।

ডায়েবেটিচ ৰোগীয়ে দিনত এবাৰকৈ ৰাতিপুৱা খালি পেটত খাব লাগে ।

অসমৰ প্ৰতিখন গাওঁতেই আঁহত গছ পোৱা যায় ।

###অৰ্জুন গছৰ ছালৰ গুড়ি ###

অৰ্জুন গছৰ ছালৰ গুড়ি হৃদৰোগীৰ বাবে অমৃত সদৃশ । হৃদযন্ত্ৰৰ বিভিন্ন ৰোগৰ বাবে ই মহৌষধ হয় । ( Assamese Health Tips )

Uric Acid কম কৰাৰ বাবে , VLDL কলেষ্টৰল কম কৰাৰ বাবে ই অত্যন্ত লাভকাৰী ।
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ বাবে অৰ্জুন ছালৰ গুড়ি বহুত উপকাৰী ।

ইয়াৰ উপৰিও শৰীৰৰ তেজ পৰিষ্কাৰ কৰাৰ বাবেও ই লাভকাৰী ।

তেজ পৰিস্কাৰ নহলে Diabetic ৰোগী কেতিয়াও ঠিক হব নোৱাৰে । গতিকে অৰ্জুন ৰস খোৱাটো খুব দৰকাৰী , বিশেষকৈ Sugar ৰ ৰোগীয়ে ।

অৰ্জুন গছৰ ছালৰ গুড়ি এক চামুচ এক গিলাচ গৰম পানীত মিহলাই ৰাতিপুৱা খালি পেটত খাব পাৰে নাইবা ৰস আধা কাপ খাব পাৰে ।

অৰ্জুন ৰস নাপালে মুলাৰ ৰস খাব পাৰে ।।।

অৰ্জুন ৰসৰ সমানেই কাম কৰে । ৰাতিপুৱা এক কাপ খালিপেটত খাব লাগে ।।।

অস্বগন্ধা চূৰ্ণ :

অস্বগন্ধা চূৰ্ণ নাৰ্ভৰ ৰোগৰ বাবে উপকাৰী । হাত ভৰি টনাটনি কৰা , ৰাতি কোচ খাই ধৰা , নাৰ্ভৰ পাক খাই যোৱা , দুৰ্বল নাৰ্ভৰ সমস্যাৰ বাবে অস্বগন্ধা চূৰ্ণ বহুত ভাল ঔষধি হয় ।

খুব দুৰ্বল , অতি ক্ষীণ মানুহে নিয়মিত সেৱন কৰিলে গাত বল শক্তি পোৱা যায় ।

হাত ভৰি থৰক-বৰক কৰা , ভালদৰে খোজ কাঢ়িব নোৱাৰা আদিৰ বাবে বহুত উপকাৰী ।

ইয়াৰ উপৰিও পুৰুষৰ ধাতু দুৰ্বলতা , শীঘ্ৰপতন , পেচাবত ধাতু যোৱা আদি ৰোগৰ বাবে অস্বগন্ধা চূৰ্ণ বহুত উপকাৰী হয় । অস্বগন্ধা চূৰ্ণ নিয়মিত খালে পুৰুষৰ শুক্ৰ দোষ নাইকিয়া কৰে ।

অস্বগন্ধা চূৰ্ণ নাৰ্ভৰ সমস্যাৰ বাবে ৰাতিপুৱা এক চামুচ গুড়ি এক গিলাচ গৰম পানীত মিহলাই খাওঁক আৰু পুৰুষৰ বিভিন্ন সমস্যাৰ বাবে গৰম গাখীৰৰ লগত মিহলাই ৰাতি ভাত খোৱাৰ আধা ঘন্টা পিছত খাওঁক ।

নিয়মীয়াকৈ 3 মাহ বা ততোধিক সময় খাব ।

Disclaimer: এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবে, সেয়েহে বিশদ জানিবলৈ সদায়ে এজন বিশেষজ্ঞৰ পৰামৰ্শ লওঁক।

You May Also Like

More From Author