পত্নীৰূপী নিষ্ঠুৰ প্ৰেমিকাৰ চৰম প্ৰতাৰণা আৰু পৰকীয়া প্ৰীতিৰ বলি হৈ প্রাণ হেৰুৱাবলগীয়া হৈছিল লতাকটাৰ যুৱক তথা বশিষ্ঠৰ ওজা জেচিবি প্ৰতিষ্ঠানৰ মেকানিক অঞ্জন নাথে। ঘটনাটো সংঘটিত হোৱাৰ ৭২ ঘণ্টা পাছত কালি নিশা মূল অভিযুক্তসহ মুঠ সাতজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে এই ভয়ংকৰ সত্য পোহৰলৈ আহিছে।
হত্যাকাণ্ডৰ আঁৰৰ কাহিনী
পূর্বে দুবাৰকৈ দুজন লোকৰ সৈতে বিবাহপাশত আবদ্ধ হৈ এটা পুত্ৰৰ মাতৃ হোৱাৰ সৌভাগ্য হোৱা গীতাশ্রী সিন্হাৰ দুয়োবাৰেই বিবাহ বিচ্ছেদ হৈছিল। বিবাহ বিচ্ছেদৰ কাৰণ কোনোৱে নাজানে যদিও দুজনকৈ পুৰুষৰ সৈতে সম্পর্ক গঢ়িও মানসিক অথবা শাৰীৰিকভাৱেও হয়তো পৰিতৃপ্ত হোৱা নাছিল চৰিত্ৰহীনা গীতাশ্রী সিন্হা । যাৰ ফলত দ্বিতীয় স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পাছৰ পৰাই শৈশৱৰ বন্ধু অঞ্জন নাথৰ সৈতে পুনৰ প্ৰেমত পৰে গীতাশ্রী সিন্হা। নিজৰ দৈহিক ক্ষুধা পূৰণত মত্ত গীতাশ্রী সিন্হাৰ বাবে সেই সময়ত কণমানি সন্তানৰ মায়াও হৈ পৰিছিল গৌণ। ৪ বছৰ পূৰ্বে অঞ্জন নাথৰ সৈতে সম্পৰ্ক গঢ়িলেও দুয়োৰে সম্পৰ্কৰ্ক সহজভাৱে ল’ব পৰা নাছিল গীতাশ্রী-অঞ্জনৰ দুয়োটা পৰিয়ালে। কিয়নো দুয়োরে সামাজিকভাৱে বিবাহপাশত আবদ্ধ হোৱাৰ সলনি লীভ-ইন সম্পৰ্কতহে স্বামী-স্ত্ৰীৰ দৰে আছিল। যিটো কথা বিশেষকৈ অঞ্জন নাথৰ পৰিয়ালে মানি ল’ব পৰা নাছিল। দুয়ো প্ৰথমতে অঞ্জন নাথৰ ঘৰতেই আছিল যদিও ঘৰুৱা অশান্তিৰ বাবে দুয়ো হেঙেৰাবাৰীৰ লিচুবাগানত ভাৰাতীয়া হিচাপে থাকিবলৈ লয়। এমাহ পূর্বে অঞ্জন নাথৰ পিতৃ কালিচৰণ নাথৰ দেহাৱসান ঘটাত দুয়ো পুনৰ লতাকটাৰ নিজ ঘৰলৈ উভতি যায়। অঞ্জন নাথে বশিষ্ঠৰ ওজা জেচিবিত মেকানিক ৰূপে কাম কৰাৰ বিপৰীতে এবিচিৰ জে মায়া নামৰ এখন মাছাজ পাৰ্লাৰত কাম কৰিছিল গীতাশ্রী সিন্হাই। পৰিয়ালৰ সৈতে বর্ধিত মতানৈক্যই দিন যোৱাৰ লগে লগে হতাশ কৰি তুলিছিল অঞ্জন নাথক আৰু হতাশাৰ পৰা মুক্তি বিচাৰি সুৰা সেৱনত ব্যস্ত হৈছিল তেওঁ। দিন যোৱাৰ লগে লগেই অঞ্জন নাথৰ এলকহল আসক্তি বৃদ্ধি পায় আৰু এই সুযোগতে গীতাশ্রী সিন্হাই ঘনিষ্ঠতা বঢ়াই নিছিল পাৰ্লাৰত চিনাকি হোৱা সৌৰভ গোৱেংকাৰ সৈতে। অঞ্জন নাথে গম নোপোৱাকৈ আন এটা ম’বাইল ফোনেৰে মনে মনে গীতাশ্ৰীয়ে সম্পর্ক অটুট ৰাখিছিল চতুর্থ প্রেমিক সৌৰভ গোৱেংকাৰ সৈতে। সম্পৰ্কৰ আৰম্ভণিৰে পৰা অঞ্জন নাথক চকুৰে দেখিব নোৱাৰা গীতাশ্রী সিন্হাৰ মাতৃ ঝর্ণা সিন্হায়ো ৰঙা দলিচা পাৰি একপ্ৰকাৰ স্বাগতম জনালে জীয়াৰীৰ নতুন প্রেমিক সৌৰভ গোৱেংকাক। ইতিমধ্যে লাহে লাহে পত্নীৰূপী প্ৰেমিকাৰ সকলো অভিসন্ধিৰ বিষয়ে অৱগত হোৱা অঞ্জন নাথক আঁতৰাবলৈ একপ্ৰকাৰ তৎপৰ হৈ পৰে গীতাশ্রী সিন্হাৰ পৰিয়ালবৰ্গ। সৌৰভ গোৱেংকাৰ চিনাকি তথা বিহাৰৰ প্ৰকৃত বাসিন্দা বর্তমানে কুমাৰপাৰাত ক্ষুদ্ৰ দুগ্ধ ব্যৱসায়ী ৰূপে কৰ্মৰত অৰবিন্দ ৰায়ৰ সহযোগত মায়ঙৰ তান্ত্ৰিকৰ শৰণাপন্ন হৈছিল গীতাশ্রী সিন্হাৰ পৰিয়াল। কিন্তু বেজৰ বেজালিয়ে কাম নিদিয়াত ঝর্ণা সিন্হাই চিৰদিনৰ বাবে অঞ্জন নাথক নিশ্চিহ্ন কৰি দিবলৈ সৌৰভ গোৱেংকাক কয়। সেইমতেই তেতিয়াৰ পৰা অঞ্জন নাথক হত্যাৰ বাবে চেলু বিচাৰিবলৈ ধৰে সৌৰভ গোৱেংকাই।
কিদৰে সংঘটিত হ’ল হত্যাকাণ্ডটো ?
বিগত কেইবাদিনো ধৰি অঞ্জন নাথক হত্যাৰ বাবে চেষ্টা চলাই থকা সৌৰভ গোৱেংকাই প্ৰথমতেই হত্যাৰ বাবে মাৰণাস্ত্ৰৰ সন্ধানত নামে। ফাঁচীবজাৰৰ নিজৰ কৰ্মস্থলীত গোবিন্দ ৰায় নামৰ আন এজন অটোচালকক এই সময়তে লগ পাই নিজৰ মনৰ কথা প্ৰকাশ কৰে সৌৰভ গোরেংকাই। সেইমৰ্মে সকলো ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া গোবিন্দ ৰায়ে এদিনাখন সৌৰভক লৈ বিমানেৰে বিহাৰলৈ যায়। বিহাৰৰ সমষ্টিপুৰৰ নিজা ঘৰৰ একাংশ বন্ধুৰ সহযোগত ৫৫ হাজাৰ টকাত এটা পইণ্ট ৩২ পিষ্টল ক্রয় কৰে সৌৰভে। কিন্তু পিষ্টলটো তিনিটা কার্টিজসহ নিজে নানি বাছত বিহাৰৰ পৰা চাটুগুৰিৰ পেকেটত ভৰাই আইএছবিটিলৈ আনে সৌৰভে। তাৰ পাছতো পিষ্টলটো নিজৰ লগত নাৰাখি অৰবিন্দ ৰায়ক ৰখাৰ দায়িত্ব দিয়ে সৌৰভে। পিষ্টল চলাব নজনা সৌৰভক অস্ত্রচালনাৰ প্ৰশিক্ষণ দিয়ে গোবিন্দ ৰায়ে। সকলো পৰিকল্পিতভাৱে হোৱাৰ পাছত ১২ অক্টোবৰত পুৱাৰে পৰা গতিবিধি লক্ষ্য কৰি আছিল সৌৰভ গোৱেংকাই। নিজৰ সুবিধাৰ বাবে স্কুটীৰ সলনি আন এগৰাকী বন্ধু মনীষ শৰ্মাৰ এএছ-০১ ইবি-৩৬৮৪ নম্বৰৰ য়ামাহা বাইকখন আনে সৌৰভ গোৱেংকাই। ঘটনাটোৰ দিনা পুৱা মাতৃগৃহত গীতাশ্রী সিন্হাক থৈ কাৰ্যালয়ৰ কামত ছয়গাঁৱলৈ গৈছিল অঞ্জন নাথ। তেতিয়াৰ পৰাই অঞ্জনৰ সকলো গতিবিধিৰ খবৰ সৌৰভক ম’বাইল ফোনত দি আছিল গীতাশ্রীয়ে। ইতিমধ্যে অঞ্জন নাথৰ সকলো গতিবিধি বুজি উঠা সৌৰভে সেইমতেই সন্ধিয়া অঞ্জন নাথক অনুসৰণ কৰি গৈ কইনাধৰা ট্ৰেফিক পইণ্টত শূন্য দূৰত্বৰ পৰা গুলীয়াই লগে লগে কাৰাগাৰ গেট-ভঙাগড় হৈ উলুবাৰী মণিপুৰ ভৱন পায়। যোৱাৰ সময়ত পিষ্টলটো উলুবাৰীৰ মাজাৰ পথৰ ভৰলু নৈত দলিয়াই পেলাই যোৱা বুলি আৰক্ষীক স্বীকাৰোক্তি দিয়ে। আৰক্ষীয়ে বৰ্তমানলৈ পিষ্টলটো উদ্ধাৰ কৰিব পৰা নাই যদিও মটৰচাইকেলখন, এটা খালী কার্টিজ আৰু ৬টা ম’বাইল ফোন জব্দ কৰিছে। গীতাশ্ৰীৰ গোপন ম’বাইলটো ধ্বংস কৰাৰ অপৰাধত তেওঁৰ ভগ্নী নেহা সিন্হাকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ঘটনাটোক লৈ আৰক্ষীয়ে বর্তমানেও তদন্ত অব্যাহত ৰাখিছে। যি কি নহওক, ভয়ানক এটা কাণ্ডই সমাজৰ নৈতিক স্খলনক বাৰুকৈয়ে উদঙাই দিলে।