বহিঃ ৰাজ্যৰ যুৱকক জালত পেলালে গুৱাহাটীৰ সুন্দৰীয়ে, তাৰ পিছত দাবী কৰিলে কোটি টকা

0 min read

গুৱাহাটীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বহিঃৰাজ্যৰ এজন যুৱক হানী ট্ৰেপিঙৰ বলি হৈ মহানগৰীৰৰ এটা এপাৰ্টমেণ্টৰ কোঠাত বন্দী হৈ থকা বুলি ওলোৱা ঘটনাই পৰৱৰ্তী সময়ত ল’লে নতুন মোৰ। আৰু তাৰ পাছতে সৃষ্টি হৈছে এটা নতুন প্ৰশ্নৰ, এয়া হানী ট্ৰেপিঙৰ ঘটনা নে সপোনৰ ঘৰ ভগাৰ যন্ত্ৰণাত প্ৰেমাস্পদক বান্ধি ৰখাৰ ব্যৰ্থ প্ৰয়াস!

গুৱাহাটীৰ মাজ মজিয়াত হোৱা এই ঘটনাৰ সূত্ৰপাত ঘটিছিল নতুন দিল্লীত। যুৱকজনৰ নাম ৰাজ কিৰণ। জাৰ্মানীত শিক্ষা গ্ৰহণ কৰা ঝাৰখণ্ডৰ যুৱক ৰাজ কিৰণ নতুন দিল্লীত অসমৰ বৰপেটাৰ এগৰাকী যুৱতীৰে প্ৰেমত পৰে। যুৱতীগৰাকীৰে একেলগে থাকি জীৱন–জীৱিকা চলাবলৈ ৰাজকিৰণ ২০২২ চনৰ ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহে। ষ্টক একচেঞ্জত বিনিয়োগেৰে জীৱিকা নিৰ্বাহ কৰে ৰাজ কিৰণে। প্ৰথমে কিছু দিন গুৱহাটীৰ হোটেল ৰেডিছন ব্লুতে ৰাজ কিৰণে বাহৰ পাতি আছিল। পৰৱৰ্তী সময়ত প্ৰেমিকাৰ সৈতে গুৱাহাটীৰ জয়ানগৰৰ পাৰ্লে ৰেছিডেন্সী নামৰ এপাৰ্টমেণ্টটোৰ এটা ফ্লেটত থাকিবলৈ লয়।

প্ৰথমে সকলো ঠিকেই আছিল, শেহতীয়াকৈ প্ৰায় পোন্ধৰ দিন পূৰ্বে যুৱতীগৰাকীয়ে ৰাজ কিৰণক পাৰ্লে ৰেছিডেন্সীৰ তেওঁলোক থকা ফ্লেটৰ এটা কোঠাত বন্দী কৰে। ৰাজ কিৰণৰ মোবাইল ফোনটোও যুৱতীগৰাকীয়ে হস্তগত কৰে। আৰু তাৰ পাছত যুৱতীগৰাকীয়ে ৰাজ কিৰণক ২ কোটি টকাৰ দাবী কৰে। আৰু দাবী কৰা ধন দিব নোৱাৰা বাবেই যুৱতীগৰাকীয়ে ৰাজ কিৰণক বন্দী কৰি থোৱাৰ লগতে শাৰিৰীক নিৰ্যাতনো চলায়। এই সময়ছোৱাৰ মাজতে ৰাজ কিৰণে যুৱতী গৰাকীক দুই লাখ টকাও আদায় দিয়ে।

লক্ষণীয়ভাৱে যুৱতীগৰাকীয়ে বন্দী ৰাজ কিৰণৰ পৰা টাচ স্ক্ৰীণ মোবাইলটো কাঢ়ি ল’লেও কিন্তু তেতিয়াও ৰাজ কিৰণৰ হাতত এটা কী পেড থকা পুৰণি মোবাইল আছিল। সেই কথাটো যুৱতীগৰাকীয়ে জনা নাছিল। সেই মোবাইলটোৰ সহায়ত ৰাজ কিৰণে, তেওঁক বন্দী কৰি থোৱাৰ কথা মেছেজ পঠিয়ায় ঘৰত কথাটো জনায়।

ইপিনে এপাৰ্টমেণ্টৰ কোঠাত বন্দী ৰাজ কিৰণে সুবিধা পালেই এপাৰ্টমেণ্টৰ খিৰিকীৰে কাগজত বিভিন্ন বাৰ্তা লিখি তললৈ পেলাবলৈ ধৰিলে। হেল্প মি, কল পুলিচ আদি লিখি এপাৰ্টমেণ্টৰ তললৈ পেলালে যদিও ছিকিউৰিটী গাৰ্ডে সেয়া বুজিব নোৱাৰি সামৰি সুতৰি থৈ দিয়ে।

ৰাজ কিৰণৰ মোবাইলযোগে গুৱাহাটীৰ এপাৰ্টমেণ্টত বন্দী হৈ থকাৰ খবৰ পাই ৰাজ কিৰণক উদ্ধাৰৰ বাবে, ঝাৰখণ্ডৰ পৰা অসমলৈ আহে পৰিয়ালৰ এজন লোক। আনহাতে ৰাজ কিৰণ আছিল ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় এছ টি মৰ্চাৰ সভাপতি তখা ঝাৰখণ্ডৰ ৰাজ্যসভাৰ সাংসদ সমীৰ ওৰাঙৰ ভতিজা। ৰাষ্ট্ৰীয় এছ টি মৰ্চাৰ সভাপতিগৰাকীয়ে অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ এছ টি মৰ্চাৰ বিষয় ববীয়াক ভতিজাক অসমত বন্দী হৈ থকাৰ খবৰ দি সহায়ৰ বাবে আহ্বান জনায়। সেই মৰ্মেই এছ টি মৰ্চাৰ বিষয়ববীয়াই ঝাৰখণ্ডৰ পৰা অহা পৰিয়ালৰ লোকজনক লগত লৈ বশিষ্ঠ আৰক্ষীৰ সহায়ত জয়ানগৰৰ এপাৰ্টমেণ্টটোৰ পৰা ৰাজ কিৰণক উদ্ধাৰ কৰে। ৰাজ কিৰণৰ দাবী যুৱতী গৰাকীৰ সৈতে আছে আৰু দুই তিনিজন লোকে। যাৰ সহায়ত যুৱতীগৰাকীয়ে ৰাজ কিৰণক বন্দী কৰাৰ লগতে ধন দাবী কৰি আহিছে।

ইপিনে প্ৰায় ১৫ দিনে ৰাজ কিৰণক বন্দী কৰি থোৱা যুৱতীগৰাকীয়ে দিছে বিপৰীত ভাষ্য। যুৱতীগৰাকীক ভাষ্য মতে ৰাজ কিৰণে ৪০ হাজাৰ টকাত ভাৰাত লোৱা জয়া নগৰৰ ফ্লেটটোৰ যোৱা ডিচেম্বৰ মাহৰ পৰাই ভাৰা আদায় দিয়া নাই। একেসময়তে যুৱতীগৰাকীয়ে দাবী কৰিলে ৰাজ কিৰণে তেওঁক এৰাৰ লগতে অসম এৰি পলায়ন কৰিব খুজিছে, সেয়ে এপাৰ্টমেণ্টৰ ভাৰাৰ বোজৰ লগতে প্ৰেমাস্পদক হেৰুওৱাৰ আশংকাত বান্ধি ৰাখিব খুজিছিল ৰাজ কিৰণক। দুয়োটা পক্ষৰ বিপৰীতে ভাষ্যৰে এতিয়া সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

You May Also Like

More From Author