বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। অসমলৈ আহি থকা নৰ্থ ইষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত। ডাউন লাইনত গৈ থকা ৰে’লখন লাইনচ্যুত হৈ পৰে। জানিব পৰা মতে, এই দুৰ্ঘটনাত ৰে’লখনৰ কেইবাটাও ডবা বাগৰি পৰিছে। বক্সৰ জিলাৰ ৰঘুনাথপুৰ ৰে’লৱে ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা।
জানিব পৰা মতে, ৰে’লখনে বক্সৰৰ পৰা ৰঘুনাথপুৰত উপস্থিত হোৱাৰ সময়তে কেইবাটাও ডবা লাইনচ্যুত হয়। বক্সৰৰ আৰক্ষী অধীক্ষকে জনাইছে যে ২৫০৬ নম্বৰ নৰ্থ ইষ্ট এক্সপ্ৰেছ লাইনচ্যুত হৈছে। ঘটনাস্থলীত জিলা প্ৰশাসন আৰু আৰক্ষীৰ দল উপস্থিত হৈছে।
দিল্লীৰ আনন্দ বিহাৰ ষ্টেচনৰ পৰা গুৱাহাটীৰ কামাখ্যালৈ আহি আছিল ৰে’লখন। বক্সৰ জংছনৰ পৰা ৰে’লখন ৰাওনা হোৱাৰ পিছতে দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাৰ পিছতে সেই পথেৰে আহিবলগীয়া আন ৰে’লসমূহ ৰখাই দিয়া হৈছে। দুৰ্ঘটনাত হতাহতৰ সংখ্যা এই মুহূৰ্তলৈ জানিব পৰা হোৱা নাই।