ভগৱান শ্ৰী গণেশ আৰু ধনৰ দেৱতা কুবেৰৰ কথাৰে

1 min read

হিন্দু ধৰ্ম অনুসাৰে-কুবেৰ ধন আৰু বৈভৱৰ দেৱতা হয়।মনা হয় যে-তেওঁৰ ওচৰত বহু ধন আছে।আৰু এইবাবেই ধনৰ দেৱতা কুবেৰে ভাৱিলে যে-তিনিও লোকতে অধিক ধন তেওঁৰ ওচৰতে আছে,আৰু এই কথা লৈ তেওঁৰ অহংকাৰ হবলৈ ধৰিলে। ( Religious Studies )

*এদিনাখন নিজৰ ধনক দেখাবলৈ-কুবেৰ দেৱতাই মহাভোজৰ আয়োজন কৰিলে।এই মহাভোজত কুবেৰ দেৱতাই সকলো দেৱতাগণক নিমন্ত্ৰণ জনালে।কাৰ্য্যকৰ্মৰ নেওতা লৈ-কুবেৰ দেৱতা কৈলাশলৈ ভগৱান শিৱৰ ওচৰলৈ গল।আৰু মহাদেৱক বিশেষ অতিথি ৰূপে ভোজলৈ আহিবলৈ নিমন্ত্ৰণ কৰিলে।

*ভগৱান শিৱই-কুবেৰ দেৱতাৰ অহংকাৰক বুজিছিল,আৰু সেইবাবে ভাবিলে-কুবেৰ দেৱতাক এটা শিক্ষা দিব লাগে।এই কথা ভাবি লৈ-মহাদেৱে কুবেৰ দেৱতাক কলে-কুবেৰ-মই তোমাৰ নিমন্ত্ৰণ গ্ৰহণ কৰিছো।কিন্তু বিশেষ প্ৰয়োজনীয় কাম এটা থকাৰ বাবে-মই মহাভোজলৈ যাব নোঁৱাৰিম।কিন্তু-তুমি চিন্তা নকৰিবা।মোৰ ঠাইত-মোৰ পুত্ৰ গণেশে-তোমাৰ কায্যকৰ্মলৈ নিশ্চয় যাব।

*ভগৱান শিৱৰ কথা শুনি-কুবেৰ সুখী হৈ কৈলাশৰ পৰা গুচি আহিল।

*মহাভোজৰ দিন আহিল।

সকলো দেৱতাগণ কুবেৰৰ মহাভোজলৈ আহিল।ভগৱান শ্ৰী গণেশো সময়ত-কায্যকৰ্মলৈ আহিল।যেতিয়াই ভোজন আৰম্ভ হল-ভগৱান গণেশে সকলো ভোজন শেষ কৰি দিলে।যেতিয়া-কুবেৰে বাকী আলহীলৈ পুনৰ ভোজন প্ৰস্তুত কৰিলে,তেতিয়া পুনৰ গণপতিয়ে ভোজন খায় শেষ কৰি দিলে। ( Religious Studies )

ভগৱান গণেশে কুবেৰৰ পাকঘৰত থকা সকলো ভোজন শেষ কৰি গৈ আছিল,কিন্তু গণপতিৰ ভোক শান্ত হোৱা নাছিল।লাহে-লাহে কৰি কুবেৰৰ ওচৰত থকা সকলো খাদ্য শেষ হৈ গৈছিল।তেতিয়া-কুবেৰে ভগৱান গণেশক কলে-প্ৰভূ-আৰু খাদ্য আহিবলৈ সময় লাগিব।তেতিয়ালৈকে আপুনি বহি লওক।কুবেৰৰ কথা শুনি-গণপতিয়ে কলে-এতিয়াই যদি তুমি মোক ভোজন নিদিয়া-তেতিয়াহলে,মই তোমাৰ অট্ৰালিকাত থকা সকলো বস্তুকে খায় পেলাম।

গণপতিৰ এই কথা শুনি-কুবেৰে ভয় খালে,আৰু কুবেৰৰ নিজৰ ভুলৰ অনুভৱ হল।তেতিয়া তৎক্ষণাত কুবেৰে গণপতিৰ চৰণত পৰিল আৰু ক্ষমা বিচাৰিলে।

এই কাহিনীৰ পৰা শিক্ষা-

আমি কেতিয়াও অহংকাৰ কৰিব নালাগে।।

You May Also Like

More From Author