মুঠ ৯০ জন আৰক্ষীলৈ ২০২৩ বৰ্ষৰ আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰশংসা পদক

1 min read

 অসমৰ মুঠ ৯০ জন আৰক্ষী বিষয়া আৰু আৰক্ষী জোৱানক প্ৰদান কৰা ২০২৩ বৰ্ষৰ আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰশংসা পদক। ইয়াৰে ৫জনক স্বৰ্ণ প্ৰশংসা পদক আৰু ৮৫ জনক ৰূপৰ প্ৰশংসা পদক প্ৰদান কৰা হয়।

নিজৰ কৰ্তৱ্য নিষ্ঠা আৰু সততাৰে পালন কৰাৰ লগতে তেওঁলোকৰ প্ৰসংশীয় কামৰ বাবে তেওঁলোকক প্ৰদান কৰা হয় এই পদক। শনিবাৰে উলুবাৰীস্থিত মুখ্য কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা হয় পদক লাভ কৰা আৰক্ষীৰ লোকসকলৰ তালিকা। উল্লেখযোগ্য যে, দেওবাৰে অসম আৰক্ষী দিৱসৰ প্ৰাকক্ষণত প্ৰকাশ কৰা হয় এই তালিকা।

আৰক্ষী সঞ্চালক প্ৰধানৰ স্বৰ্ণ প্ৰশংসা পদক লাভ কৰা আৰক্ষী বিষয়াসকল হ’ল ক্ৰমে আ পি এচ বিষয়া অনুৰাগ আগৰৱাল, আ পি এচ বিষয়া মজিবুৰ ৰহমান, এ পি এচ বিষয়া সিংহা ৰাম মিলি, এ পি এচ বিষয়া মইদুল ইছলাম আৰু পৰিদৰ্শক কপিল পাঠক।

You May Also Like

More From Author