যোৰহাটৰ গুলীচালনা ঘটনাৰ ৰহস্য ফাদিল!

1 min read

যোৰহাটত তিনিদিনৰ পূৰ্বে অৰ্থাৎ ১১ অক্টোবৰৰ দুপৰীয়া এক গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল। এই গুলীচালনাৰ ঘটনাৰ সৈতে জড়িত আটাইকেইগৰাকী অভিযুক্তক মাত্ৰ তিনিদিনৰ ভিতৰতে গ্ৰেপ্তাৰ কৰি ঘটনাৰ অন্তৰালৰ ৰহস্য ভেদ কৰিবলৈ সক্ষম হৈছে যোৰহাট আৰক্ষী। ঘটনাৰ পিছতে আৰক্ষীয়ে জিম্পলজিৎ গগৈ নামৰ এজন যুৱকৰ লগতে এগৰাকী যুৱতীক গ্ৰেপ্তাৰ কৰিছিল। শনিবাৰে এই ঘটনাৰ মূল অভিযুক্ত সঞ্জীৱ বৰুৱা নামৰ পেচাদাৰী অপৰাধীটোক লখিমপুৰৰ পৰা লখিমপুৰ আৰক্ষীৰ সহযোগত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

গুলীচালনা সংঘটিত কৰাৰ আঁৰৰ কাৰণ

আচলতে এই গুলীচালনাৰ ঘটনা কিয় সংঘটিত হৈছিল সেই সন্দৰ্ভত আৰক্ষীৰ তদন্তত বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। চিনেমাৰ কাহিনীৰ দৰেই চাঞ্চল্যকৰ এগৰাকী যুৱতীৰ সৈতে থকা প্ৰেমজনিত সম্পৰ্কৰ বাবে এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল। জানিব পৰা মতে, গুলীচালনাৰ বলি হোৱা বসন্ত দাস নামৰ যুৱকজনৰ সৈতে এগৰাকী যুৱতীৰ অতি ঘনিষ্ঠ সম্পৰ্ক আছিল। কিন্তু ড্ৰাগছ সৰৱৰাহৰ অভিযোগত গ্ৰেপ্তাৰ হৈ বসন্ত NDPS আইনৰ অধীনত কেইবাবাৰো জেললৈ যাব লগা হৈছিল। ইয়াৰ পিছতে এই সম্পৰ্কত ফাট মেলিবলৈ ধৰিল। তেতিয়াই যুৱতীগৰাকী জিম্পল গগৈৰ সম্পৰ্কলৈ আহে। দুয়োৰে মাজত সম্পৰ্ক গাঢ় হৈ পৰাত এই বিষয়ে জানিব পাৰি বিতুষ্ট হৈ পৰে বসন্ত। ইয়াৰ পিছত যুৱতীগৰাকীৰ জীৱনৰ পৰা আঁতৰি যাবলৈ বসন্তই জীম্পলক ভাবুকি দিয়া বুলিও আৰক্ষীক জানিবলৈ দিছে।

এই সংঘাতে তীব্ৰতৰ ৰূপ লোৱাৰ সময়তে জীম্পলৰ মনলৈ এজন বন্ধুৰ কথা আহিল। হত্যাৰ গোচৰত অভিযুক্ত হৈ সঞ্জীৱ বৰুৱা যোৰহাট জেলত থাকোতে জীম্পলো এবাৰ জেল যাব লগা হৈছিল। সেই সময়তে জেলৰ ভিতৰত সঞ্জীৱৰ সৈতে জীম্পলৰ সম্পৰ্ক গঢ়ি উঠে। জীম্পল জেলৰ পৰা ওলোৱাৰ পিছতো সঞ্জীৱৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক অটুত ৰাখে। শেহতীয়াকৈ বসন্ত দাসে প্ৰায়ে ভাবুকি দি অহাৰ কথা জীম্পলে সঞ্জীৱক কোৱাৰ পিছতে আলোচনা কৰি শেষত বসন্তক গুলীয়াই এই অধ্যায়ৰ সমাপ্তি পেলোৱাৰ পৰিকল্পনা কৰা হয়।

ঘটনাৰ দিনা কি হৈছিল?

ঘটনাৰ দিনা বসন্ত দাসক চাহ বাগিচাৰ নিৰ্জন স্থানলৈ মাতি নিয়া হৈছিল । এই সমগ্ৰ পৰিকল্পনাৰ বিষয়ে যুৱতীগৰাকী জ্ঞাত আছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। যুৱতীগৰাকীয়ে বসন্ত দাসক উক্ত স্থানলৈ যাবলৈ লগ ধৰাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে বুলি জানিব পৰা গৈছে। গুলীচালনাৰ সময়ত ঘটনাস্থলীত দুখন গাড়ী আছিল। এখনত বসন্ত দাস থকাৰ বিপৰীতে আনখনত জীম্পল আৰু সঞ্জীৱ আছিল। সেই সময়ত ঘটনাস্থলীত উক্ত যুৱতীগৰাকীও আছিল বুলি সন্দেহ প্ৰকাশ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

এটা দুমুখীয়া প্ৰেম কাহিনীৰ বাবেই পেচাদাৰী অপৰাধীক নিয়োগ কৰি হত্যাকাণ্ড সংঘটিত কৰিবলৈ বিচৰা এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে আৰক্ষীকো স্তম্ভিত কৰি তুলিছে। আৰক্ষীয়ে ধৃত সঞ্জীৱৰ পৰা ইটালীত নিৰ্মিত এটা ৭.৬৫ পিষ্টলৰ লগতে সজীৱ গুলী উদ্ধাৰ কৰিছে।

সঞ্জীৱ গগৈৰ বিৰুদ্ধে একাধিক অপৰাধৰ সৈতে জড়িত থকাৰ অভিযোগ আছে। লখিমপুৰৰ নাওবৈচাৰ নিবাসী সঞ্জীৱে ইয়াৰ পূৰ্বেও জেললৈ গৈছে। যোৰহাটৰ নকচাৰীত নাগালেণ্ড সীমান্তত সঞ্জীৱৰ অস্থায়ী বাসস্থান আছে। সঞ্জীৱে নাগালেণ্ডটো থাকিবলৈ যায় বুলি জানিব পৰা গৈছে। পিষ্টলসমূহ নাগালেণ্ডৰ পৰা অনা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। অৰুণাচল প্ৰদেশটো সঞ্জীৱৰ বিৰুদ্ধে অপৰাধজনিত ঘটনাৰে জড়িত থকাৰ সম্ভেদ লাভ কৰিছে আৰক্ষীয়ে। এই পেচাদাৰী অপৰাধীটোৰ পৰা অপৰাধ জগতৰ বহু তথ্য লাভ কৰাৰ সম্ভাৱনা আছে। আনহাতে, আৰক্ষীৰ গুলীত নিহত হোৱা উজনি অসমৰ অন্যতম পেচাদাৰী অপৰাধী বুবু কোঁৱৰৰ সৈতেও সঞ্জীৱৰ সম্পৰ্ক থকাৰ বিষয়ে জানিব পাৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে এই সকলো দিশ সামৰি তদন্ত আৰম্ভ কৰিছে।

You May Also Like

More From Author