শ্ৰদ্ধাপূৰ্ৱক ভগৱান গণেশৰ পূজা আৰু ব্ৰত কৰিলে ভক্তৰ সকলো সংকট দূৰ হয়

1 min read

হিন্দু ধৰ্মত বুধবাৰৰ দিনটো-ভগৱান শ্ৰী গণেশক সমৰ্পিত।ভগৱান শ্ৰী গণেশক বিঘ্নিহৰ্তা কোৱা হয়।ভগৱনা শ্ৰী গণেশ স্বয়ং ৰিদ্ধি-সিদ্ধিৰ দাতা আৰু শুভ লাভৰ প্ৰদাতা হয়। ( Religious Studies )

 

মান্যতা অনুসাৰে শ্ৰদ্ধাপূৰ্ৱক ভগৱান গণেশৰ পূজা আৰু ব্ৰত কৰিলে-ভক্তৰ সকলো সংকট দূৰ হয় আৰু সকলো মনোকামনা পূৰ্ণ হয়।কোৱা হয় কোনো লোক-কোনো ৰোগ,দৰিদ্ৰতা বা সংকটৰ সৈতে যুঁজি আছে-তেন্তে-শুদ্ধ অন্তৰৰে ভগৱান শ্ৰী গণেশৰ পূজা-অৰ্চনা কৰিলে-এই সকলো সমস্যাৰ পৰা মুক্তি পোৱা যায়।বুধবাৰৰ দিনা-পূজা-পাঠ,আৰু ব্ৰত আদিৰ বাহিৰেও অন্য কিছু উপায়ৰ সহায়েৰে বিঘ্নিহৰ্তা শ্ৰী গণেশক প্ৰসন্ন কৰিব পৰা যায় আৰু তেওঁৰ কৃপা প্ৰাপ্ত হয়।কোৱা হয় যে-ভগৱান গণেশৰ কৃপাত জীৱনৰ সমস্ত দুখ দূৰ হয়।

 

#ভগৱান গণেশৰ লগত জড়িত-বহু পৌৰাণিক কথা আছে।যি দৰে ভগৱান শিৱ আৰু ভগৱান বিষ্ণুৱে অৱতাৰ লৈছিল-সেইদৰে ভগৱান গণেশেও বহু অৱতাৰ লৈছিল।সকলো কথাক গণেশৰ লগত জড়িত কৰিলে ভ্ৰমৰ স্থিতিৰ উৎপন্ন হয়।গণপতি আদিদেৱ হয়। গণপতিয়ে প্ৰতিটো যুগতে-বেলেগ বেলেগ অৱতাৰ লৈছিল।

 

ভগৱান গণেশৰ-১২টা প্ৰমূখ নাম-সুমুখ,একদন্ত,কপিল,

গজকৰ্ণক,লম্বোদৰ,বিকট, বিঘ্নিনাশক,বিনায়ক,ধুম্ৰকেতু, গণাধক্ষ্য,ভালচন্দ্ৰ আৰু গজানন। গণপতিৰ প্ৰত্যেক নামৰ পাছতে-একো একোটা কথা আছে।

 

বুধবাৰৰ দিনা জীৱনৰ সমস্ত দুখ-সমস্যা,বাধাৰ পৰা মুক্তি পাবলৈ-ভগৱান গণেশক সেন্দূৰ অৰ্পণ কৰিব লাগে।এনে কৰিলে সকলো বাধাৰ পৰা মুক্তি পোৱা যায়।

 

মান্যতা অনুসাৰে-ভগৱান গণেশৰ মন্দিৰলৈ গৈ-শ্ৰী গণেশৰ পূজা-অৰ্চনা কৰিলে-জীৱনত সমৃদ্ধিৰ প্ৰাপ্তি হয়।

 

বুধবাৰৰ দিনা ভগৱান গণেশক দুবৰি বন অৰ্পণ কৰিলে-জীৱনত লাভ প্ৰাপ্ত হয়।

 

বুধবাৰৰ দিনা-গণেশ মন্দিৰলৈ গৈ-ভগৱান শ্ৰী গণেশক গুড়ৰ ভোগ দিব লাগে।এনে কৰিলে-ভগৱান শ্ৰী গণেশে সকলো ইচ্ছা পূৰ্ণ কৰে। ( Religious Studies )

 

জীৱনৰ সফলতা আৰু ব্যৱসায়ত অহা বাধাৰ পৰা মুক্তি পাবলৈ-গণেশ ৰুদ্ৰাক্ষ ধাৰণ কৰিলে লাভ হয়।

 

জীৱনৰ বিভিন্ন ক্ষেত্ৰতে সফলতা অৰ্জন কৰিবলে-বুধবাৰৰ দিনা গৰুক ঘাঁহ খুৱাব লাগে।

 

বুধবাৰৰ দিনা-গণেশ মন্দিৰত দুবৰি এঘাৰ ডাল অৰ্পণ কৰিলে ভগৱান শ্ৰী গণেশ প্ৰসন্ন হয়।আৰু বুধ গ্ৰহৰ দোষ সমাপ্ত হয়।

 

কি দৰে পাতালৰ ৰজা হল গণপতি-

 

এবাৰ গণপতি মুনি পুত্ৰ সকলৰ লগত পৰাশৰ ঋষিৰ আশ্ৰমত খেলি আছিল।সেই সময়তে সেই স্থানলৈ নাগ কন্যা আহিল।নাগ কন্যাই-গণেশক আগ্ৰহ পূৰ্ৱক নিজৰ নাগ লোকলৈ লৈ যাবলৈ ধৰিলে।গণপতিয়েও-নাগ কন্যাৰ আগ্ৰহক বাধা দিব নোঁৱাৰিলে আৰু তেওঁলোকৰ লগত গুচি গল।

 

নাগ লোকত উপস্থিত হোৱাৰ পাছত-নাগ কন্যাসকলে গণপতিক চাৰিওফালৰ পৰা সৎকাৰ কৰিলে।তেতিয়া নাগৰাজ বাসুকীয়ে গণপতিক দেখা পালে আৰু উপহাসৰ ভাৱত গণপতিৰ লগত কথা পাতিল।গণপতিৰ ৰূপৰ বৰ্ণনা কৰিলে।তেতিয়া গণপতিৰ খং উঠিল।গণপতিয়ে বাসুকীৰ ফেনাত ভৰি ৰাখি-বাসুকীৰ মুকুটক স্বয়ং পিন্ধি ললে।

 

বাসুকীৰ দুৰ্দশাৰ খবৰ পায়-বাসুকীৰ ভাতৃ শ্ৰেচনাগ আহিলে।শ্ৰেচ নাগে-গৰ্জন কৰিলে যে-কোনে মোৰ ভাতৃক এই দশা কৰিলে।যেতিয়া গণপতি সন্মুখলৈ আহিলত-শ্ৰেচ নাগে তেওঁক চিনি পায় তেওঁক অভিবাদন কৰিলে আৰু গণপতিক নাগলোক তথা পাতালৰ ৰজা ঘোষিত কৰিলে।

You May Also Like

More From Author