ৰাজনীতিক, আৰক্ষী আৰু সুন্দৰীৰে ডেভিদ দে’ গেঙৰ লেটিপেটি! কোন আৰক্ষী–ৰাজনীতিকৰে মিতিৰালি চাইবাৰ অপৰাধীৰ?

1 min read

কোন ৰাজনীতিকৰে লেটিপেটি আছে ডেভিদ দে’ এণ্ড কোম্পানীৰ? আৰক্ষীৰ কোন বিষয়াই ৰক্ষণাবেক্ষন দিছে চাইবাৰ অপৰাধীৰ গেঙক? ডেভিদ দে’, ৰাজন ছিদানা আৰু দিব্যম আৰোৰাৰ মোবাইলৰ পৰীক্ষাত মহানগৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে বহু ৰাজনীতিক আৰু আৰক্ষীৰ নাম। লগতে জাকে জাকে সুন্দৰীৰে চাইবাৰ গেঙৰ যোগাযোগ থকাৰ তথ্য পাইছে আৰক্ষীয়ে।

 
সুৰা, সুন্দৰী আৰু ৰেভ পাৰ্টী

আমেৰিকাৰ বয়োবৃদ্ধ লোকৰ পৰা লুটি অনা শ শ কোটি টকাৰে বিলাসী জীৱন কটাছিল চাইবাৰ অপৰাধী গেঙে। মন গ’লেই সোঁৱে–বাঁৱে সুন্দৰীৰে পৰিবেষ্টিত হৈ গোৱা, মুম্বাই, ডুবাই, ছিংগাপুৰলৈ উৰা মাৰিছিল ডেভিদ দে’ এণ্ড কোম্পানী। কেতিয়াবা এই ৰূপালী গেঙৰ সংগী হৈছিল ৰাজনৈতিক নেতা। কেতিয়াবা আৰক্ষী বিষয়া। আৰক্ষী বিষয়াৰ পৰিয়ালৰ লোকৰ সৈতেও মিতিৰালি আছিল ডেভিড দে’ গেঙৰ। আনকি গুৱাহাটীৰ বহু প্ৰতিষ্ঠিত ব্যৱসায়ী আৰু ঠিকাদাৰৰে সনা–পিটিকা আছিল চাইবাৰ অপৰাধীৰ দলটোৰ। ডেভিদ দে’, ৰাজন ছিদানা আৰু দিব্যম আৰোৰাৰ জব্দ কৰা মোবাইলৰ তথ্যত পোহৰলৈ আহিছে এনে বহু চাঞ্চল্যকৰ তথ্য।

কিন্তু ৰেভ পাৰ্টীত কোটিটকীয়া কোকেইন সেৱন কৰাই কাল হ’ল ডেভিড দে’ গেঙৰ। ইয়াৰ আঁৰত আছে ৰাজ্যৰ এজন প্ৰতিষ্ঠিত ঠিকাদাৰৰ পুত্ৰ। যি ঠিকাদাৰৰ পুত্ৰ ঘনিষ্ঠ বন্ধু আছিল ডেভিড দে’ৰ। ডেভিডৰ ৰেভ পাৰ্টীত প্ৰায়েই আলহী হৈছিল সেই ঠিকাদাৰৰ পুত্ৰ। ৰেভ পাৰ্টীলৈ তাঁত বাতি কাঢ়োতে কাঢ়োতে কোকেইনৰ প্ৰতি আসক্ত হৈ পৰিছিল ব্যৱসায়ীৰ পুত্ৰ। কাজেই পুত্ৰৰ অধঃপতন সহিব নোৱাৰি মহানগৰ আৰক্ষীৰ কাষ চাপিছিল ঠিকাদাৰগৰাকী। তাৰ পাছতে তাছপাতৰ ঘৰৰ দৰে খহি পৰিল চাইবাৰ গেঙৰ সাম্ৰাজ্য।
কিন্তু তাৰ মাজতে সুৰুঙা উলিয়াই সাৰি গ’ল তছদিকুৰ ৰহমান। ১৪ ছেপ্টেম্বৰৰ নিশা মহানগৰীৰ ১০টা স্থানত আৰক্ষীৰ কম্বিং অপাৰেচনৰ পাছতো কেনেকৈ সাৰি গ’ল প্ৰাক্তন IAS বিষয়া আতিকা চুলতানাৰ পুত্ৰ তছদিকুৰ ৰহমান? মহানগৰ আৰক্ষীৰে কোনো শীৰ্ষ বিষয়াৰ পৰা খবৰ পাই তছদিকুৰে গান্ধী বস্তিৰ শুভম এলাইট এপাৰ্টমেণ্টৰ পৰা পলোৱাৰ সন্দেহ কৰিছে একাংশ শীৰ্ষ আৰক্ষীয়ে। সাতে সোতৰই প্ৰশ্ন হয়, একাংশ ৰাজনৈতিক নেতা আৰু আৰক্ষী বিষয়াৰে ঘনিষ্ঠতা থকা চাইবাৰ অপৰাধীৰ দলটোৰ বিৰুদ্ধে বিচাৰ চলাই শাস্তি বিহিব পাৰিবনে মহানগৰ আৰক্ষীয়ে?

You May Also Like

More From Author