সুৰাৰ আড্ডাত বন্ধুৰ প্ৰহাৰত মৃত্যু বন্ধুৰ…

1 min read

ৰহাৰ বালিপাৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড। সুৰাৰ আড্ডাত বন্ধুৰ প্ৰহাৰত মৃত্যু আন এজন বন্ধুৰ। নিহত লোকজনৰ নাম ৰামু বৰদলৈ(৪০)। অভিযুক্ত হত্যাকাৰীৰ নাম সঞ্জয় বৰদলৈ(৩৫)। ঘটনাটো সংঘটিত হয় দেওবাৰে সন্ধিয়া। অভিযোগ মতে দেওবাৰে ৰহাৰ বালিপাৰাত সুৰাপান কৰি থকা অৱস্থাত দুই বন্ধুৰ মাজত সৃষ্টি হৈছিল কাজিয়াৰ। পিচত সেই কাজিয়াই মাৰ-পিটৰ ৰূপ লয় আৰু সঞ্জয়ৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় ৰামু।

পিচত ততাতৈয়াকৈ নিশাই ৰামুক নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও সোমবাৰে চিকিৎসকে গুৱাহাটীলৈ প্ৰেৰণ কৰে ৰামুক। কিন্তু গুৱাহাটীত চিকিৎসকে ৰামুক মৃত ঘোষণা কৰে। ঘটনাটোৱে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰহা আৰক্ষীয়ে মংগলবাৰে আটক কৰিছে অভিযুক্ত সঞ্জয় বৰদলৈক।

You May Also Like

More From Author