নগাঁৱৰ বঢ়মপুৰত অসম কৃষি বিশ্ববিদ্যালয় আৰু নৱম আৰক্ষী বাহিনীৰ যুটীয়া উদ্যোগত “লা” খেতিৰ প্ৰশিক্ষণ

1 min read

নিউজ ব্যুৰ’,নগাঁও,২অক্টোবৰ:–অসম আৰক্ষী দিৱসৰ লগত সংগতি ৰাখি অসম কৃষি বিশ্ববিদ্যালয় আৰু নগাঁও জিলাৰ বঢ়মপুৰৰ নৱম আৰক্ষী বাহিনীৰ যুটীয়া উদ্যোগত ৰবিবাৰে নিবনুৱা যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ বাবে “লা”ৰ বৈজ্ঞানিক আৰু বাণিজ্যিক খেতিৰ ওপৰত এখনি এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । বঢ়মপুৰৰ নৱম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত এই কৰ্মশালাখনি অনুষ্ঠিত কৰাত বিশেষ আগভাগ লয় বাহিনীৰ অধিনায়ক মুকুট ৰাভাই । মুকুট ৰাভাৰ নেতৃত্বত শতাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণ শিবিৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম কৃষি বিশ্ববিদ্যালয়ৰ পতংগবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড° পূৰ্ণিমা দাস । ড° দাসে উপস্থিত যুৱক-যুৱতীসকলক উদ্দেশ্যি “লা”খেতি বৈজ্ঞানিকভাৱে কেনেদৰে কৰিব পাৰি,পোকৰ পৰা কি কি মূল্যৱান সম্পদ পাব পাৰি, কেনে মাটিত কৰিব পাৰি আদিৰ বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা দাঙি ধৰে । প্ৰশিক্ষণ কাৰ্য্যসূচীত কেইবাজনো যুৱক-যুৱতী এই খেতি কৰিবলৈ আগ্ৰহী হোৱা বুলি অধ্যাপিকা ড° পূৰ্ণিমা দাসে জনাইছে । প্ৰশিক্ষণ শিবিৰত ড° পূৰ্ণিমা দাসৰ সৈতে আন এজন সমল ব্যক্তি হিচাপে অন্ধ্ৰপ্ৰদেশত অধ্যয়নৰত হৈ থকা গৱেষণা ছাত্ৰী বান্না উচ্চাশ্ৰীকে প্ৰমুখ্যে কৰি বাহিনীটোৰ সহকাৰী অধিনায়ক নৱকান্ত ডেকা আৰু কৰ্মৰত জোৱানসকল উপস্থিত থাকে । উল্লেখ্য যে,অসম আৰক্ষী দিৱস উপলক্ষে বিয়লি নৱম অসম বাহিনীৰ জোৱানসকলৰ মাজত এখনি প্ৰীতি ফুটবল খেলো অনুষ্ঠিত হয় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author