যোৰহাটত মর্মান্তিক ঘটনা: বন্ধ কোঠাৰ বিছনাত কংকালসদৃশ মৃতদেহ উদ্ধাৰ!

0 min read

এগৰাকী মাতৃৰ কৰুণ মৃত্যু!

বন্ধ ঘৰৰ ভিতৰত পৰি আছে বৃদ্ধাৰ মৃতদেহ। এদিন, দুদিন…কিমান দিন মৃতদেহ পৰি আছে নাজানে কেলিফৰ্ণিয়াত থকা বৰ পুত্ৰই। আনকি মাতৃৰ মৃত্যুৰ খবৰ নাপালে একেখন ঘৰৰে আনটো পাৰ্টত থকা মানসিকভাৱে অসুস্থ জ্যেষ্ঠ কন্যাই। জন্মদাত্ৰীৰ মৃত্যুৰ খবৰ ওলাল গেংটকত থকা সৰু পুত্ৰ ঘৰ আহি পোৱাৰ পাছত। বাৰে বাৰে মাতিও মাকৰ সঁহাৰি নোপোৱাত খিৰিকিৰ জলঙাৰে জুমি চাই সৰু পুত্ৰই দেখিলে ভয়ংকৰ দৃশ্য। বিচনাত পৰি আছে মাতৃৰ উৱলি যোৱা দেহ। জহি খহি গৈছে বৃদ্ধাৰ শৰীৰ। সেই দৃশ্য দেখাৰ পাছত কৰিবলগা একো নাছিল।

তাৰ খন্তেক পাছতে পুত্ৰৰ পৰা খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ যোৰহাট আৰক্ষীয়ে উদ্ধাৰ কৰিলে ৭৫ বছৰীয়া অনুপমা দত্তৰ মৃতদেহ। নিৰৱে আঁতৰি গ’ল অনুপমা দত্ত, কিন্তু ৫৫ বছৰ পূৰ্বে ২ পুত্ৰ আৰু এগৰাকী কন্যাৰ কলৰৱেৰে মুখৰ হৈ আছিল যোৰহাটৰ ধোৱাপুখুৰীৰ ঘৰখন। জীৱনৰ সোণালী সময় উচৰ্গা কৰি অনুপমা দত্তই তুলি তালি খুটি খাব পৰা কৰিছিল ৩ সন্তানক। মাকৰ মৰমৰ বান্ধোন ছিঙি ওলাই গৈছিল ডাঙৰ মানুহ হ’ব খোজা ২ পুত্ৰ। হৈছিলো ‘ডাঙৰ মানুহ’। সাত সাগৰ তেৰ নদী পাৰ হৈ কেলিফৰ্ণিয়াত থিতাপি লৈছিল বৰ পুত্ৰই। গেংটকত সৰু পুত্ৰ।

যোৰহাটৰ ধোৱাপুখুৰীৰ উৱলি যোৱা ঘৰখনত মানসিকভাৱে অসুস্থ বায়েকৰ সৈতে আছিল ৭৫ বছৰীয়া মাতৃ। কাৰো হাতত সময় নাই। কেলিফৰ্ণিয়াত থকা বৰ পুত্ৰ কাচিৎ আহে মাতৃৰ কাষলৈ। গেংটকৰ সৰু পুত্ৰই ৩ মাহৰ মূৰে মূৰে আহি টকা সিকা দি যাইহি মাতৃক। সৰু পুত্ৰই দি যোৱা ধনেৰে নিজেই চাউলমুঠি সিজাই খাইছিল ৭৫ বছৰীয়া অনুপমা দত্তই। নিজেই কৰি খাব পৰা হৈ থকা কাৰণে পুত্ৰই হেনো গোটাই দিয়া নাছিল বন কৰা মহিলা। মাকৰ হাতত মোবাইল এটাও দিয়া নাছিল উচ্চ শিক্ষিত ২ পুত্ৰই। আনকি ২ পুত্ৰই প্ৰতিবেশীৰ পৰাও খবৰ খাতি লোৱা নাছিল মানসিকভাৱে অসুস্থ বায়েকৰ সৈতে থকা ৭৫ বছৰীয়া মাতৃৰ।
পোনে পোনে ৩ মাহৰ পাছত গেংটকৰ পৰা ঘৰত উপস্থিত হোৱা সৰু পুত্ৰই জীৱন্ত অৱস্থাত নাপালে মাতৃক। জীৱনৰ মায়া এৰি মাতৃ নিৰৱে আঁতৰি যোৱা সময়ত আপোন ভাবত মগন হৈ আছিল একেখন ঘৰতে থকা মানসিকভাৱে অসুস্থ কন্যা। দুই পুত্ৰ আৰু কন্যাৰ বাবে জীৱনৰ সোণালী সময় উচৰ্গা কৰা অনুপমা দত্তৰ এনে একাকী মৃত্যুৱে যেন সোঁৱৰাই দিলে আধুনিক জীৱনৰ কৰুণ গাঁথা।

You May Also Like

More From Author