গুৱাহাটী আৰু শোণিতপুৰত তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে তিনিজন চৰকাৰী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে৷ প্ৰথমে তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই গুৱাহাটীৰ বামুণীমৈদামৰ অসম উচ্ছ মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ‘ছেবা’ৰ কাৰ্যালয়ত অভিযান চলাই হাতে-লোটে দুই কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে৷ ধৃত কৰ্মচাৰী দুজন হৈছে –ছেবাৰ পঞ্জীয়ন বিভাগৰ ভাৰপ্ৰাপ্ত অধীক্ষক দীনবন্ধু কলিতা আৰু সহকাৰী অধীক্ষক চৈয়দ আৰিছুদ্দিন আহমেদ৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, এজন অভিভাৱকে নিজৰ সন্তানৰ মেট্ৰিক পৰীক্ষাৰ উত্তীৰ্ণ হোৱাৰ প্ৰমাণ-পত্ৰ আৰু মাৰ্কশ্বিট শুধৰাবলৈ ছেবাৰ বামুণীমৈদামৰ কাৰ্যালয়লৈ আহে৷ কাৰ্যালয়ত উপস্থিত হৈ অভিভাৱকজনে ছেবাৰ পঞ্জীয়ন শাখাৰ ভাৰপ্ৰাপ্ত অধীক্ষক দীনবন্ধু কলিতা আৰু সহকাৰী অধীক্ষক চৈয়দ আৰিছুদ্দিন আহমেদক সাক্ষাৎ কৰি সন্তানৰ নথি-পত্ৰ শুধৰাই দিবলৈ আবেদন জনায়৷ নাম শুধৰাই দিয়াৰ বাবে ছেবাৰ বিষয়াদ্বয়ে অভিভাৱকজনৰ পৰা দুই হাজাৰ টকা উৎকোচ বিচাৰে৷ লগে লগে অভিভাৱকজনে ৰূপনগৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ কাৰ্যালয়ত উপস্থিত হৈ শীৰ্ষ আৰক্ষী বিষয়াক সকলো কথা বিৱৰী কয়৷ দুৰ্নীতি নিবাৰক শাখাৰ পৰামৰ্শৰ ভিত্তিত অভিভাৱকজনে ছেবাৰ কাৰ্যালয়ত উপস্থিত হৈ দুই বিষয়াক ১৫০০ টকা আদায় দিয়ে৷ ঠিক সেই সময়তে পূৰ্বেৰে পৰা খাপ পিটি থকা তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে দুই বিষয়াক গ্ৰেপ্তাৰ কৰে৷ ঘটনা সন্দৰ্ভত দুৰ্নীতি নিবাৰক শাখাই থানাত ৭৯/২৩ নম্বৰত এটা গোচৰ ৰুজু কৰি ছেবাৰ দুই বিষয়াক জেৰা চলাই আছে৷
ছেবাৰ দুই বিষয়া গ্ৰেপ্তাৰ…
Posted on by GTM Desk
![](https://guwahatitimes.com/wp-content/uploads/2023/10/Copy-of-Copy-of-Copy-of-DC-27.jpg)
1 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025