যিকোনো প্ৰকাৰে বান্ধৱীৰ বিয়া ভঙাৰ চেষ্টা!
বান্ধৱীৰ বিয়া ভাঙিবলৈ ভাবীস্বামীলৈ বাকদত্তাৰ অশ্লীল ফটো প্ৰেৰণ কৰাৰ এটা ঘটনা। একেলগে দিনে–ৰাতিয়ে থকা বান্ধৱীৰ ওপৰতে মাৰ ঘাত মাৰিলে বান্ধৱীয়ে। একেলগে থাকি বান্ধৱীয়ে গম নোপোৱাকৈ ৰচিলে বিয়া ভঙাৰ কৌশল। ভাবীস্বামী, হ’বলগীয়া পত্নীৰ চৰিত্ৰক লৈ সন্দিহান! কোনে ক’ত কি পৰিস্থিতিত তুলিছিল ভাবীপত্নীৰ অশ্লীল ফটো!
বন্ধু নে শত্ৰু! বন্ধুৰ বেয়া হ’লে বেয়া লাগে, বন্ধুৰ ভাল হ’লে আৰু বেয়া লাগে! ‘থ্ৰী ইডিয়টছ’ নামৰ চিনেমাখনৰ মাধৱনৰ মুখৰ সেই সংলাপটোৱে সকলোকে হাঁহিৰ খোৰাক দিছিল। পিছে এগৰাকী বান্ধৱীৰ বিয়া ভাঙিবলৈ গৈ এগৰাকী যুৱতীয়ে যি কাম কৰিলে, সেয়া জানিলে সকলোৰে প্ৰথমে ‘থ্ৰী ইডিয়টছ’ৰ সেই সংলাপটোৰ কথাই মনলৈ আহিব। কাৰণ বিয়াৰ কথা আগবঢ়া কথাটো সহ্য কৰিব পৰা নাছিল বান্ধৱীয়ে। বান্ধৱীৰ বিয়া ভাঙিবলৈ কৰিছিল নকৰিবলগীয়া কাম।
স্নাতক বৰ্ষৰ ছাত্ৰী আছিল দুয়োগৰাকী। দুয়োগৰাকীৰ মাজত খুবেই বন্ধুত্ব। একেলগে কলেজলৈ যায়, একেলগে ফুৰিবলৈ যায়, একেলগে আড্ডাও দিয়ে ঘণ্টাৰ পিছত ঘণ্টা। এই দুগৰাকী বান্ধৱীৰে এগৰাকীৰ বিয়াৰ কথা আগবাঢ়িল। কইনাই দৰাৰ সৈতে বান্ধৱীকো চিনাকী কৰাই দিলে। ফোন নম্বৰো আদান–প্ৰদান হ’ল। বান্ধৱীৰ হ’বলগীয়া স্বামীৰ সৈতে অৱশ্যে হাই-হেল্ল’তে সীমাবদ্ধ থাকিল আনগৰাকী বান্ধৱী।
তাৰ মাজতে অনুষ্ঠিত হ’ল কইনাৰ আঙঠি পিন্ধোৱা। কইনাৰ ঘৰত আড়ম্বৰপূৰ্ণভাৱে পতা অনুষ্ঠানটোলৈ নিশ্চিতভাৱেই মতা হ’ল বান্ধৱীগৰাকীকো। বান্ধৱীৰ আঙঠি পিন্ধোৱাৰ দিনা সজাই পৰাই থোৱা ‘কইনা’জনীৰ বান্ধৱীয়ে মনৰ জোখাৰে ফটো তুলিলে।
আঙঠি পিন্ধোৱাৰ দুদিন পাছত কইনাৰ ভাবীস্বামীয়ে এটা অচিনাকী নম্বৰৰ পৰা বহুকেইখন ফটো পালে। দুদিন পূৰ্বে আঙঠি পিন্ধোৱা কইনাগৰাকীৰ নগ্ন ফটো, অশ্লীল ফটো।
বিবুধিত পৰিল ভাবিস্বামী। হ’বলগীয়া পত্নীৰ চৰিত্ৰক লৈ মনত সন্দেহৰো সৃষ্টি হ’ল। কি কৰিব কি নকৰিব ভাবি চিন্তি, কথাটো খোলাখুলিকৈ পতাৰ কথাই চিন্তা কৰিলে। ভাবী পত্নীৰে কথা পাতি দুয়ো আৰক্ষীৰ কাষ চপাটোকে সিদ্ধান্ত ল’লে। আৰক্ষীক গোচৰ দিয়া হ’ল। আৰক্ষীৰ তদন্ত চলি থাকিল।
প্ৰায় ডেৰ মাহ পাছত আৰক্ষীয়ে উদ্ধাৰ কৰিলে প্ৰকৃত তথ্য। দুয়োকে থানালৈ মাতি আনি আৰক্ষীয়ে ক’লে, আঙঠি পিন্ধোৱালৈ মাতি আথে বেথে অপ্যায়ন কৰা বান্ধৱীগৰাকীয়েই আন নম্বৰযোগে বান্ধৱীৰ ভাবীস্বামীলৈ প্ৰেৰণ কৰিছিল বান্ধৱীৰ আপত্তিজনক ফটোবোৰ। বান্ধৱীগৰাকীয়ে আৰক্ষীৰ জেৰাত সকলো কথা স্বীকাৰ কৰে। বান্ধৱীৰ বিয়া হৈ যোৱাটো তেওঁ সহজ ভাবে ল’বই পৰা নাছিল, সেইবাবেই বিয়াখন যিকোনো প্ৰকাশ ভাঙিবলৈ এনে কাম কৰিবলৈ বাধ্য হৈছিল।
তাৰ পিছতো প্ৰশ্নৰ সৃষ্টি হৈছিল বান্ধৱীৰ অশ্লীল ফটোৱোৰ কোনে তুলিছিল? কাৰোৱাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছিল নেকি কইনা হ’বলৈ ওলোৱা যুৱতীগৰাকীৰ? তাৰো উত্তৰ আছিল আৰক্ষীৰ হাতত। আঙঠি পিন্ধোৱাৰ দিনা বিভিন্ন সময়ত তোলা বান্ধৱীৰ ফটোবোৰৰ পৰাই ফটো এডিত (Edit) কৰি প্ৰস্তুত কৰা হৈছিল বান্ধৱীৰ অশ্লীল ফটো।
বিয়া ভাঙিবলৈ ভাবীস্বামীলৈ বাকদত্তাৰ অশ্লীল ফটো প্ৰেৰণ কৰা এইগৰাকী বান্ধৱীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি পিছে ভাবি পতি-পত্নীয়ে ক্ষমা কৰি দিয়াৰে সিদ্ধান্ত ল’লে। আৰক্ষী থানাৰ পৰা উঠাই ল’লে গোচৰটো। ঘটনাটো উত্তৰ প্ৰদেশৰ কানপুৰৰ।