ধূপ-কাঠিক লৈ চলোৱা গৱেষণাত পোহৰলৈ আহিছে ভয়ানক তথ্য৷ ধূপৰ ধোঁৱা হেনো চিগাৰেটতকৈও ক্ষতিকাৰক৷ ছাউথ চাইনা ইউনিভাৰ্চিটী অব টেকন’লজী [এছ চি ইউ টি]ৰ বিজ্ঞানীসকলে চলোৱা গৱেষণাত পোহৰলৈ আহে ধূপ সম্পৰ্কে এই চাঞ্চল্যকৰ তথ্য৷ উক্ত গৱেষণাত পোৱা তথ্য মতে ধূপ কাঠিৰ ধোঁৱা হাওঁফাওঁৰ বাবে অতি ক্ষতিকাৰক৷ এই ধোঁৱা শৰীৰত প্ৰৱেশ কৰিলে হাওঁফাওঁ আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যাই দেখা দিয়ে৷
ঘৰত সুগন্ধি বিয়পাবলৈ আমি ধূপকাঠি জ্বলাও৷ কিন্তু এই ধূপকাঠি যে প্ৰাণঘাতী হ’ব পাৰে সেয়া বহুতেই নাজানে৷ এছ চি ইউ টিৰ গৱেষণাত পোৱা তথ্য মতে ধূপৰ ধোঁৱাত অতি ক্ষুদ্ৰাতিক্ষুদ্ৰ অসংখ্য দূষণ কণিকা থাকে৷ এই কণিকাসমূহ বতাহৰ সৈতে মিহলি হয়৷ যিটো স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক৷
ধূপকাঠিৰ ধোঁৱাত তিনিধৰণৰ বিষাক্ত দ্ৰব্য থাকে৷ সেইবোৰ হৈছে– মিউটাজেনিক, জিনোটক্সিক আৰু ছাইট’টক্সিক৷ এইবোৰৰ পৰা কেন্সাৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ে৷
মিউটাজেনিকে ডিএনএৰ কোষৰ চৰিত্ৰ সলনি কৰে৷ জিনোট’ক্সিকে জিনৰ চৰিত্ৰ ইমানেই সলনি কৰি পেলায় যে ইয়াৰ ফলত কৰ্কট ৰোগ হয়৷ ছাইট’টক্সিকে শৰীৰৰ বিভিন্ন কোষ নষ্ট কৰি পেলায়৷ আমেৰিকান কেন্সাৰ ছ’চাইটিৰ জাৰ্ণালত প্ৰকাশিত প্ৰতিবেদন মতে দীৰ্ঘদিন ধৰি যদি ধূপকাঠিৰ ধোঁৱা শৰীৰত প্ৰৱেশ কৰে তেন্তে আপাৰ ৰেছপিৰেটৰী ট্ৰেক্টত কৰ্কট ৰোগ হোৱাৰ আশংকা বাঢ়ে৷
ধূপকাঠিৰ ধোঁৱাত যিমান দূষণ কণিকা থাকে, তাৰ মাজত ৬৪ বিধ যৌগিক পদাৰ্থ থাকে৷ যিবোৰ ধোঁৱাৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰিলে শ্বাস-প্ৰশ্বাসত সমস্যাৰ সৃষ্টি হয়৷ গৱেষণাত পোৱা তথ্যমতে অকল ক্ষুদ্ৰাতিক্ষুদ্ৰ দূষণ কণিকাই নহয়, ধূপকাঠিত যিবোৰ সুগন্ধি ব্যৱহাৰ কৰা হয় সেইবোৰো অত্যন্ত ক্ষতিকাৰক৷ সেয়ে গৱেষকসকলে ভেণ্টিলেছনৰ সুব্যৱস্থা থকা কোঠালিতহে ধূপ জ্বলোৱাৰ পৰামৰ্শ আগবঢ়াইছে৷ বন্ধ কোঠালিত জ্বলোৱা ধূপৰ ধোঁৱাৰ পৰা উৎপন্ন হোৱা কাৰ্বন মনোঅক্সাইড শৰীৰত প্ৰৱেশ কৰিলে হাওঁফাওঁৰ মাৰাত্মক ক্ষতি হয়৷