ভাৰতীয় বায়ুসেনাৰ প্ৰথমজন শীৰ্ষ অসমীয়া বিষয়াৰ দেহাৱসান

1 min read

ভাৰতীয় বায়ু সেনা বাহিনীৰ অসমৰ প্ৰথমজন শীৰ্ষ বিষয়া প্ৰণৱ কুমাৰ বৰবৰা আৰু নাই । চুবুৰীয়া ৰাজ্য মেঘালয়ত জন্মগ্ৰহণ কৰা বায়ু সেনাৰ প্ৰাক্তন এয়াৰ মাৰ্শ্বালগৰাকীয়ে ১৯৭০ চনৰ ১৩ জুনত যুঁজাৰু পাইলট হিচাবে আই এ এফত কমিচন লাভ কৰে ৷

উল্লেখ্য যে, ১৯৫০ চনৰ ১০ ডিচেম্বৰত জন্মগ্ৰহণ কৰা প্ৰণৱ কুমাৰ বৰবৰা বিগত সময়চোৱাত দিল্লীৰ আৰ এণ্ড আৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল৷ এয়াৰ মাৰ্শ্বাল প্ৰণৱ কুমাৰ বৰবৰাই ১৯৭০ চনৰ ১৩ জুনত ভাৰতীয় বায়ুসেনা (আই এ এফ)ত কমিচন পোৱাৰ সময়ত যুঁজাৰু পাইলট হিচাবে যাত্ৰা আৰম্ভ কৰিছিল ৷ প্ৰাক্তন এয়াৰ মাৰ্শ্বালগৰাকীয়ে ৩,৫০০ তকৈ অধিক ঘণ্টাতকৈও অধিক সময় যুঁজাৰু বিমান উৰুওৱাৰ অভিজ্ঞতা লাভ কৰিছিল ।বায়ুসেনাৰ প্ৰাক্তন উপ-মুখ্য প্ৰধান এয়াৰ মাৰ্শ্বাল বৰবৰাই ১৯৭১ চনৰ বাংলাদেশৰ মুক্তিযুদ্ধতো অংশগ্ৰহণ কৰিছিল । তেওঁ প্ৰথম জাগুয়াৰ স্কোয়াড্ৰনক অন্তৰ্ভুক্ত কৰা আই এ এফৰ দলৰ সদস্য আছিল আৰু লগতে আই এ এফৰ প্ৰথম এয়াৰ কম্বেট চিমুলেটৰ, এছিয়াত এইধৰণৰ প্ৰথমটো দলৰ বায়ুসেনা বিষয়া আছিল ।

You May Also Like

More From Author