“বন্ধৰ দিনত উদযাপন কাৰ্যসূচীয়ে আমাক অতীষ্ঠ কৰিছে”- মন্ত্ৰী, বিধায়কসকললৈ এগৰাকী শিক্ষকৰ আহ্বান

1 min read

অসমৰ মন্ত্ৰী, বিধায়কসকললৈ এগৰাকী শিক্ষকৰ আহ্বান। ছ’চিয়েল মিডিয়াত তেওঁ বিগত সময়চোৱাত চৰকাৰে লোৱা কাৰ্যসূচীক লৈ ক্ষোভ প্ৰকাশ কৰি লিখিলে এইদৰে- “মাননীয় মন্ত্ৰী বিধায়ক সকল। আপোনালোকৰ প্ৰতিটো বন্ধৰ দিনত উদযাপন কাৰ্যসূচীয়ে আমাক অতীষ্ঠ কৰিছে। চাকৰিৰ নামত আমি পৰিয়াল, সন্তাৰ পৰা দুৰত থাকো আৰু সপ্তাহৰ শেষৰ দিনটোলৈ বাট চাই থাকো। বিভিন্ন পৰিকল্পনা কৰি। একেলগে থকাৰ বাবে / পত্নীক ওচৰৰ বিদ্যালয়লৈ অনাৰ বাবে আবেদন কৰিছিলো যদিও আপোনালোকৰ অপৰিপক্ক সিদ্ধান্তৰ বাবে আজিলৈকে সেইয়া সম্ভৱ হৈ নুঠিল।
আপোনালোকে সমাজ সেৱা কৰিম বুলিয়েই আমাৰ পৰা ভোট ভিক্ষা মাগি দিছপুৰ, দিল্লীলৈ যায়। এটা প্ৰশ্ন আছে আপোনালোকলৈ। আপোনালোকৰ কেইজন মন্ত্ৰী বিধায়কৰ পত্নীয়ে কলহ লৈ ঘৰে ঘৰে মাটি বিছাৰি গৈছে? আপোনালোকৰ কেইজনৰ সন্তানে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দৰে এই গেলা গৰমত প্ৰভাত ফেৰীত অংশগ্ৰহণ কৰিছে? আপোনালোকৰ পৰিয়ালৰ কিমানজনে অমৃত বৃক্ষ ৰুই তাৰ প্ৰতিপালন কৰি আছে আজিলৈকে? সৰুতে আমি পঢ়িছিলো “উপদেশতকৈ আৰ্হি ভাল”। আপোনালোকে সস্তীয়া ৰাজনীতিৰ বাবে বিদ্যালয়ৰ কন কন শিশুক ব্যৱহাৰ নকৰিব। ঘৰৰ সদস্যসকলক এনেবোৰ কাম কৰিবলৈ অনুপ্ৰাণিত কৰক।
আৰু এটা কথা। আমি চাকৰি কৰিছো নিজৰ পৰিয়ালৰ বাবে। এতেকে দেওবাৰ সোমবাৰ নোহোৱাকৈ এনেবোৰ কামত আমাক ব্যস্ত ৰাখি আমাক পৰিয়ালৰ পৰা আতৰাই নাৰাখিব। অন্তত সপ্তাহত এদিন আমাক পৰিয়ালৰ লগত সময় কটাবলৈ দিয়ক।”

You May Also Like

More From Author