ঢকুৱাখনাত ৰাইজে সাজি উলিয়ালে চাৰিকড়ীয়া নৈৰ ওপৰত ৩০০ মিটাৰ দীঘল এখন বাঁহৰ দলং

1 min read

ৰাইজে নখ জোকাৰিলে হেনো নৈ বয়,নৈ বওক বা নবওক কিন্ত ৰাইজে হাত উজান দিলে যে এখন দলং হয় সেয়া পুনৰ প্ৰমানিত কৰিলে ঢকুৱাখনা সমষ্টিৰ চাৰিখনকৈ গাঁৱৰ ৰাইজে।

চৰকাৰ-জনপ্ৰতিনিধিৰ আশা এৰি ৰাইজে সাজিলে চাৰিকড়ীয়া নদীৰ ওপৰত ৩০০ মিটাৰ দীঘল এখন বাঁহৰ দলং।সমষ্টিটোৰ পশ্চিম ঢকুৱাখনা পঞ্চায়তৰ অন্তৰ্গত সুঁতিমুখৰ পৰা জাৰণি গাঁও সংযোগী পথৰ চাৰিকড়ীয়া নৈৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে চৰকাৰ আৰু জনপ্ৰতিনিধিক বাৰম্বাৰ আবেদন নিবেদনৰ পিছতো সুফল লাভ নকৰাত অৱশেষত ৰাইজ নামিল হাতে কামে।

৪খনকৈ গাঁৱৰ ৰাইজ একত্ৰিত হৈ গাঁঠিৰ ধন ভাঙি চাৰিকড়ীয়া নদীৰ ওপৰত এদিনতে সাজি উলিয়ালে ৩০০ মিটাৰ দীঘল এখন বাঁহৰ দলং। উল্লেখ্য যে,সততে উন্নয়ন আৰু বিকাশৰ শ্লোগান আওৰাই অহা বিজেপি চৰকাৰৰ চূড়ান্ত অমানোযোগিতাৰ ফল ভোগ কৰিছে পঞ্চায়টোৰ জাৰণি গাঁও, ৰাওনাবাৰী, সুঁতিমুখ , বৰবাৰী আদিকে কৰি ৪খনকৈ গাঁওৰ চহা ৰাইজে।কাৰণ সুঁতিমুখৰ পৰা জাৰণি গাঁও সংযোগী পথৰ চাৰিকড়ীয়া নদীৰ ওপৰত নাই দলং।চাৰিকড়ীয়া নদীৰ বাঢ়নী পানীয়ে প্ৰতি বছৰেই উটুৱাই নিয়ে ৰাইজে সাজি লোৱা বাঁহৰ দলংখন।তাৰ পিছত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ বাবে যাতায়াতৰ একমাত্ৰ সম্বল হৈ পৰে টুলুঙা নাও।যাতায়তৰ বাবে অসুবিধাৰ সন্মুখীন হয় স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু ৰোগী।

You May Also Like

More From Author