মহাদেৱ বেটিং এপ কেলেংকাৰীৰ জোকাৰিছে সমগ্ৰ দেশ। ইতিমধ্যে মহাদেৱ বেটিং এপৰ সৈতে EDয়ে বলীউদ কানেকচন লাভ কৰাত অধিক চৰ্চা লাভ কৰিছে। শেহতীয়াকৈ বলীউদৰ তাৰকা অভিনেতা ৰণবীৰ সিং, কমেডিয়ান কপিল শৰ্মা, অভিনেত্ৰী হোমা কুৰেশ্বী, শ্ৰদ্ধা কাপুৰ, বমান ইৰানী আৰু হিনা খানকে ধৰি প্ৰায় ১৪ গৰাকী বলীউদ জগতৰে জড়িত লোকক EDয়ে চমন জাৰি কৰিছে। সকলোকে EDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে।
মহাদেৱ বেটিং এপ কেলেংকাৰীৰ গোচৰ কি?
মহাদেৱ এপটো হৈছে এটা অনলাইন বেটিং প্লেটফৰ্ম য’ত ব্যৱহাৰকাৰীয়ে পকাৰ, কাৰ্ড গেম, বেডমিণ্টন, টেনিছ, ফুটবল, আৰু ক্ৰিকেটকে ধৰি বিভিন্ন গেমৰ মাজেৰে লাইভ জুৱা খেলিব পাৰে। ইয়াৰ উপৰিও এপটোৰ জৰিয়তে ভাৰ্চুৱেল ক্ৰিকেট গেমৰ লগতে টিন পাট্টি আৰু পকাৰৰ দৰে কাৰ্ড গেমো উপলব্ধ। এনেবোৰ সুবিধা উপলব্ধ থকা এপটোৱে প্ৰতিদিনে ২০০ কোটি টকা আচৰিত ধৰণে উপাৰ্জন কৰা বুলি জানিব পৰা গৈছে।
এপটোৰ জৰিয়তে একাংশই ৱেবছাইটত যোগাযোগ নম্বৰ পোষ্ট কৰি বিভিন্ন লোকক প্ৰলোভিত কৰি এপটোৰ জৰিয়তে জুৱাত অংশগ্ৰহণ আৰু লাভৰ বাবে প্ৰলোভিত কৰিছিল। এই যোগাযোগ নম্বৰসমূহ মূলতঃ হোৱাটছএপৰ দৰে প্লেটফৰ্মৰ জৰিয়তে লাভ কৰিব পৰা যায়। যেতিয়া ব্যৱহাৰকাৰীয়ে এই নম্বৰসমূহত সঁহাৰি জনাই, তেতিয়া তেওঁলোকে দুটা সুকীয়া যোগাযোগ নম্বৰ লাভ কৰে। এটাই বাজিত ব্যৱহৃত ইউজাৰ আইডিৰ বাবে ধন জমা আৰু পইণ্টৰ সুবিধা প্ৰদান কৰে, আনহাতে আনটোৱে নিযুক্ত আইডিৰ পৰা পইণ্ট কেছিং আউটৰ বাবে ৱেবছাইটৰ সৈতে সংযোগ কৰে।
এনেদৰেই এই মহাদেৱ বেটিং এপত কোটি কোটি লোকে জুৱা খেলাৰ তথ্য লাভ কৰিছে EDয়ে। ইয়াৰ উপৰিও বহু বেনামী একাউণ্টাৰ ধন এই এপটোত সোমোৱাৰ তথ্য আছে EDৰ হাতত। আৰৱ দেশৰ বহু বেনামী ধন কিন্তু মহাদেৱ বেটিং এপত লাগিছে।
লগতে পঢ়ক : বচ্চন নহয়, অমিতাভৰ উপাধি আনহে! নেপথ্যত আছে বিশেষ কাৰণ, ৯৯ শতাংশ লোকেই নাজানে এই কথা
মহাদেৱ এপৰ মালিক কোন?
কোম্পানীটোৰ মালিকীস্বত্ব সৌৰভ চন্দ্ৰকাৰ আৰু ৰবি উপ্পালৰ হাতত আছে। যিয়ে ক্ৰিকেট, টেনিছ, বেডমিণ্টন, পকাৰ, কাৰ্ড গেমকে ধৰি লাইভ গেমত অবৈধ বাজিৰ অনলাইন পথ প্ৰদান কৰিছিল বুলি অভিযোগ উঠিছে। বিগত চাৰি বছৰ ধৰি তেওঁলোকৰ অবৈধ অভিযান সক্ৰিয় হৈ আছে। চন্দ্ৰকাৰ আৰু উপ্পলে মহাদেৱৰ অনলাইন বুক বেটিং এপ্লিকেচনটো অবৈধ বেটিং ৱেবছাইটৰ বাবে অনলাইন প্লেটফৰ্মৰ সুবিধা প্ৰদান কৰা ছিণ্ডিকেটৰ সৈতে জড়িত। এই কেলেংকাৰীৰ জৰিয়তে চন্দ্ৰকাৰৰ কোম্পানীয়ে প্ৰায় ৫ হাজাৰ কোটি টকা সংগ্ৰহ কৰাৰ সন্দেহ কৰা হৈছে। তদুপৰি মহাদেৱ অনলাইন বেটিং এপৰ মালিকসকলৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ লগতে স্থানীয় ব্যৱসায়ী আৰু হাৱালা অপাৰেচনৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হৈছে।
EDৰ দৃষ্টিলৈ কেনেকৈ আহিল মহাদৱ এপ?
UAEত ২৫০ কোটি টকাৰ আড়ম্বৰপূৰ্ণ বিবাহৰ পিছতে ২৮ বছৰীয়া সৌৰভ চন্দ্ৰকাৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰে EDয়ে। এই বিবাহ অনুষ্ঠানৰ পিছতে তদন্তকাৰী সংস্থাটোৱে আৰৱ আৰু পাকিস্তানত কথিত হাৱালা অভিযান আৰু সংযোগ উন্মোচন লাভ কৰে। এই কেলেংকাৰীত ধন হেৰুওৱা ভুক্তভোগীসকলে দাখিল কৰা কমেও সাতখন এজাহাৰ ইতিমধ্যে EDৰ হাতত পৰিছে।
লগতে পঢ়ক : হায়দৰাবাদত শ্বুটিঙত ব্যস্ত প্ৰীতি কংগনা, পিছে এইবাৰ অসমীয়া ছবি নহয়, ভুমুকি মাৰিব তেলুগু ছবিত
গোৱা, মুম্বাই, বিশাখাপট্টনম, আহমেদাবাদ, আৰু ছত্তীশগড়ৰ দৰে স্থানত এজাহাৰসমূহ লাভ কৰিছে EDয়ে। প্ৰায় আঠটা প্ৰধান আন্তঃৰাষ্ট্ৰীয় হাৱালা অপাৰেটৰ এতিয়া একেধৰণৰ প’ৰ্টেলৰ জৰিয়তে মধ্য প্ৰাচ্যৰ দেশ আৰু পাকিস্তানলৈ ধন সৰবৰাহৰ সৈতে জড়িত হোৱাৰ বাবে নিৰীক্ষণৰ অধীনত আছে। চন্দ্ৰকাৰ আৰু তেওঁৰ সহযোগীসকলে কথিতভাৱে অফশ্ব’ৰ একাউণ্টত ধনৰ লেনদেন কৰিবলৈ কমেও ৭০টা শ্বেল কোম্পানী নিয়োগ কৰিছিল। বৰ্তমান ইউ এ ইত থকা এপৰ মালিক সৌৰভ চন্দ্ৰকাৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ বাবে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ সৈতে সহযোগিতা কৰাৰ বাবে যোগাযোগ চলাই আছে ভাৰতীয় অনুসন্ধান সংস্থা EDয়ে।
বলীউদ চেলিব্ৰিটিসকল কেনেকৈ জড়িত হ’ল?
চলিত বৰ্ষৰ আৰম্ভণিতে অথাৎ ফেব্ৰুৱাৰীত সৌৰভ চন্দ্ৰকাৰৰ বিয়াত আৰু বিগত বছৰৰ কোম্পানীটোৰ সফলতাৰ পাৰ্টিত অংশগ্ৰহণ কৰা বা অনুষ্ঠান পৰিৱেশন কৰা বলীউদৰ তাৰকাসকল এতিয়া EDৰ নজৰত আছে। EDয়ে এতিয়ালৈকে মাতি অনাসকলৰ ভিতৰত আছে ৰণবীৰ কাপুৰ, শ্ৰদ্ধা কাপুৰ, হুমা কুৰেশী, কপিল শৰ্মা, বোমান ইৰানী আৰু হিনা খান।
এক গোপন সূত্ৰৰ তথ্য অনুসৰি, প্ৰায় ২০ জনকৈ বলীউদ তাৰকাৰ নাম EDৰ হাতত।এই তাৰকাসকলে এই অনুষ্ঠানসমূহত অংশগ্ৰহণ বা অভিনয়ৰ বাবে যথেষ্ট পৰিমাণৰ নগদ ধন গ্ৰহণ কৰিছিল। ইতিমধ্যে ইডিয়ে ভাৰতৰ বিভিন্ন চহৰৰ হাৱালা অপাৰেটৰৰ সৈতে জড়িত কেইবাটাও চৌহদত অভিযান চলাইছে, যাৰ ফলত ৪১৭ কোটি টকা জব্দ কৰা হৈছে।