‘সতিনী’ক দেখি ৰুদ্ৰমূৰ্তি প্ৰেমিকৰ পত্নীৰ, তাৰ পিছত…
সুন্দৰীৰ কঠোৰ সংগ্ৰাম। ক’ভিডে স্বামীক কাঢ়ি নিয়াৰ পিছত ৩ সন্তানক প্ৰতিপাল কৰিবলৈ অশেষ কষ্ট কৰিব লগা হৈছে এইগৰাকী মহিলাই। সংসাৰ থানবান হোৱাৰ পাছত বাধ্য হৈ সুন্দৰীয়ে বাছি ল’লে বিয়াৰ পূৰ্বৰ প্ৰফেচন। ৰূপসজ্জা। আনক ধুনীয়া কৰিবলৈ যাওঁতে বহুসময়ত নিজকে ঘুণীয়া কৰিব লগা হ’ল স্বামীহাৰা মহিলাগৰাকীয়ে। কিন্তু তাৰ পাছতো হাৰ নামানিলে মহিলাগৰাকীয়ে। ৰূপসজ্জা কৰি পোৱা ধনেৰে ৩ সন্তানৰ সৈতে খৰছ উলিয়ালে নিজৰ।
লাহে লাহে সংসাৰ থানথিত লগাৰ পাছত নিজলৈয়ো সময় উলিয়ালে মহিলাই। দিনৰ ব্যস্ততাৰ অন্তত মোবাইলটো লিৰিকি বিদাৰি টোপনি যাবলৈ চেষ্টা কৰাৰ সময়তে ফেচবুকত চিনাকি হ’ল এজন যুৱকৰ সৈতে। যুৱকৰ সৈতে চেটিং কৰি মনৰ হেৰোৱা বল ওভতাই পালে মহিলাই। কিছুদিন কথা পতাৰ পাছত কথা নপতাকৈ থাকিব নোৱাৰা হ’ল দুয়ো। ইজনে সিজনক লগ পাবলৈ ব্যাকুল হৈ উঠিল। কিন্তু দুয়োৰে মাজত বাধাৰ প্ৰাচীৰ হৈ থিয় দিলে দুখন দেশৰ সীমা।
ভাৰত আৰু বাংলাদেশ। যুৱকৰ ঘৰ ভাৰতত। মহিলা বাংলাদেশৰ। জীৱনৰ নতুন উপলব্ধিত দুৰ্বাৰ সাহসী হৈ উঠিল মহিলা। তিনি সন্তানক বুকুত বান্ধি ভাৰতলৈ আহিবলৈ মহিলাগৰাকীয়ে আৱেদন কৰিলে পৰ্যটক ভিছা। ঢাকাৰ ভাৰতীয় দূতাবাসে অনুমোদনো জনালে মহিলাৰ আৱেদনত। ইয়াৰ পাছত এক মুহূৰ্তও ৰৈ নাথাকিল মহিলাগৰাকী। সন্তান তিনিটাৰ সৈতে বিমানেৰে দিল্লী পালেহি মহিলা। দিল্লীৰ পৰা পোনে পোনে লক্ষ্ণৌ।
বাদশ্বাহৰ চহৰ লক্ষ্ণৌত যুৱকৰ সৈতে চাৰি চকুৰ মিলন হ’ল মহিলাৰ। ইজনে সিজনক কাষত পাই আৱেগত ক’ব নোৱৰা হৈ পৰিল দুয়ো। নতুন দেশ, নতুন পৰিস্থিতিত আমোদ পালে ১৫ বছৰীয়া, ১২ বছৰীয়া আৰু ৭ বছৰীয়া সন্তান তিনিটাই। দুৰাতি লক্ষ্ণৌত কটোৱাৰ পাছত সকলোকে লৈ ৰোচনগড়ৰ ঘৰলৈ ওলাল যুৱক। পাছে গাড়ী গৈ ঘৰৰ পদূলি পোৱা মাত্ৰকে সলনি হৈ গ’ল পৰিস্থিতি।
গাঁৱৰ ঘৰত প্ৰেমিকৰ পত্নীৰে মুখামুখি হ’ল বাংলাদেশৰ মহিলাৰ। সন্মুখত সাক্ষাৎ সতিনীক দেখি ৰুদ্ৰমূৰ্তি ধৰিলে পত্নীয়ে। খন্তেক আগলৈকে প্ৰেমত মছগুল হৈ থকা যুৱকে পত্নীৰ ৰণচন্দী ৰূপ দেখি ধাৰণ কৰিলে মৌনব্ৰত। বিপৰীতে পত্নীয়ে সতিনীক এসেকা দিবলৈ গোটালে এদল প্ৰতিবেশী মহিলা। সকলোৱে ঘেৰি ধৰি তিনি সন্তানৰ সৈতে বাংলাদেশৰ পৰা অহা মহিলা খেদি বাহিৰ কৰি দিলে গাঁৱৰ পৰা।
প্ৰেমৰ মায়াত দেশান্তৰিত হৈ প্ৰতাৰিত হোৱা মহিলাৰ নাম দিলৰুবা। প্ৰতাৰক প্ৰেমিকৰ নাম আব্দুল কৰিম। প্ৰেমিক আব্দুল কৰিমৰ লগতে পত্নী আৰু গাঁওবাসীয়ে দিলৰুবাৰ ওপৰত অকথ্য নিৰ্যাতন চলালেও যোগীৰাজ্যৰ আৰক্ষীয়ে কোনো দোষ বিচাৰি নাপালে মহিলাৰ।
পৰ্যটক ভিছা লৈ ৩ সন্তানৰ সৈতে ভাৰতলৈ অহা মহিলাগৰাকীক উত্তৰ প্ৰদেশ আৰক্ষীয়ে বাট দেখুৱাই দিলে ঢাকাৰ। ভাৰ্ছুয়েল দুনিয়াৰ প্ৰেমৰ মিঠা অনুভুতি বাস্তৱত তিতা হ’ল দিলৰুবাৰ। কিন্তু তাৰ পাছতো হাৰ নামানি ৩ সন্তানৰ সৈতে সংসাৰ পৰিপূৰ্ণ কৰাৰ চেষ্টা চলাইছে দিলৰুৱাই।