পুনৰ খাকী পোছাকত দাগ ল’গালে দুই আৰক্ষীয়ে ৷ যেন সৰিয়হৰ ডুলিতে ভূত ৷ হাইলাকান্দিত আৰক্ষীৰ হাততেই গ্রেপ্তাৰ হ’ল দুই আৰক্ষী কনিষ্টবল ৷
ড্রাগছ সৰবৰাহ আৰু ডকাইতি ঘটনাৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় দুই কনিষ্টবলক ৷ ধৃত কনিষ্টবলদ্বয় হ’ল ইউনিচ আলী আৰু নাৰায়ণ দাস ৷
উল্লেখ্য যে, আছাম ৰাইফলছে দিয়া গোচৰৰ ভিত্তিতে হাইলাকান্দি আৰক্ষীয়ে গ্রেপ্তাৰ কৰে দুই কলংকিত কনিষ্টবলক ৷