ইজৰাইল–হামাছৰ সংঘৰ্ষত অকলে ৫জনক ধৰাশায়ী কৰিলে এইগৰাকী সুন্দৰীয়ে! ইনবালৰ কাহিনীয়ে আচৰিত কৰিব
হামাছৰ আক্ৰমণৰ দিনা, ২৫ বছৰীয়া ইনবালে বিস্ফোৰণৰ শব্দৰ অনুমান পাই গম পালে যে কিবা এটা বিপদ হৈছে।
পুৰুষৰ পৰা নাৰীলৈ, লিংগ নিৰ্বিশেষে যুদ্ধক্ষেত্ৰত নামিছে ইজৰালিয়ানসকল। হামাছৰ বিৰুদ্ধে অস্ত্ৰ তুলি লৈছে নাগৰিকসকলে। কিন্তু তেওঁলোকৰ মাজত আটাইতকৈ চৰ্চা চলিছে এগৰাকী মহিলাক লৈ।
সেই ইজৰাইলী সুন্দৰৰ নাম ইনবাল লিবাৰমেন। এগৰাকী নাৰী, হাতত অস্ত্ৰ, গাঁৱৰ মানুহক বচাবলৈ ৫জন হামাছক হত্যা কৰে ইনবালে।
হামাছসকলে যেতিয়া গাজা উপত্যকাৰ পৰা মাত্ৰ ১ মাইল দূৰত অগ্ৰসৰ হোৱাৰ চেষ্টা কৰিছিল, ইনবালে এগৰাকী সৈনিক হৈ সেই গাঁওখনক ৰখা কৰে।
ইয়াত নিৰ আম সম্প্ৰদায়ৰ মানুহ বসবাস কৰে। ৰিপ’ৰ্ট অনুসৰি, নিৰ আম হ’ল এনে এক সম্প্ৰদায়, যিসকলে হামাছাক বিতাড়িত কৰিবলৈ সক্ষম হৈছে।
হামাছৰ আক্ৰমণৰ দিনা, ২৫ বছৰীয়া ইনবালে বিস্ফোৰণৰ শব্দৰ অনুমান পাই গম পালে যে কিবা এটা বিপদ হৈছে। তাৰ পিছত গাঁৱৰ কিছু স্থান বাচি লৈ তাৰ পৰা তেওঁৰ দলে আক্ৰমণকাৰীলৈ লক্ষ্য কৰি বন্দুক টোঁৱায় খাপ পিতি থাকে।
গাঁৱৰ কাষলৈ অহা হামাছ যোদ্ধাসকললৈ লক্ষ্য কৰি গুলীচালনা কৰে তেওঁলোকে। লিবাৰমেনে অকলে পাঁচজন হামাছক হত্যা কৰে বুলি জানিব পৰা গৈছে।
আন সৈন্যসকলে মাত্ৰ চাৰিঘণ্টাৰ ভিতৰত কমেও ২০জনক হত্যা কৰে। ইনবালৰ স্বামীও তেওঁৰ সৈতে আছিল।