আপোনাৰ মোবাইলটো গৰম হৈ গ’লে কি কৰিব?

1 min read

এতিয়া স্মাৰ্টফোনৰ প্ৰচেছিঙৰ শক্তি বৃদ্ধি পাইছে৷ তাৰ লগতে আছে ডাঙৰ বেটাৰী আৰু দ্ৰুতগতিৰ চাৰ্জিং প্ৰযুক্তি৷ ফলত বহু সময়ত স্মাৰ্টফোন খুবেই গৰম হৈ যায়৷ কামৰ সময়, চাৰ্জ দিয়াৰ সময়, ভিডিঅ’ চোৱা বা ৰেকৰ্ডিং কৰাৰ সময় কিম্বা গেম খেলা বা কোনো গধুৰ এপ্‌ ব্যৱহাৰৰ সময়ত ফোনটো বেছি গৰম হৈ যায়৷ অধিকাংশ ক্ষেত্ৰতে ফোন গৰম হোৱাৰ বিষয়টো হাৰ্ডৱেৰ জনিত বিষয় বুলি ধৰা হয়৷ সেয়েহে কি কাৰণত ফোনটো অতিৰিক্ত গৰম হয় বা ইয়াক নিয়ন্ত্ৰণৰ উপায় কি তাক জানি লওক–

ফোন কম দামী হ’লে বোলে বেছি গৰম হয়৷ কিন্তু এই কথা সঁচা নহয়৷ স্বাভাৱিকভাৱে স্মাৰ্টফোন ৩৫-৪৭ ডিগ্ৰী ছেলছিয়াছ পৰ্যন্ত গৰম হ’ব পাৰে৷ ‘ষ্টেণ্ডবাই মুড’ত যদি ফোনটো ৩৫-৪৭ ডিগ্ৰী ছেলছিয়াছ গৰম হয় তেতিয়া বুজিব লাগিব যে আপোনাৰ ফোনটোতে কোনো সমস্যা আছে৷ ম’বাইল কোম্পানীসমূহে বৰ্তমান স্মাৰ্টফোন বিলাক পাতলকৈ তৈয়াৰ কৰিছে৷ সেয়েহে তাৰ তুলনাত বেটাৰীৰ প্ৰযুক্তি সিমান উন্নত হোৱা নাই৷ বেটাৰী যিমান বেছি দুৰ্বল হয় ফোনে তাতকৈ বেছি তাপ উৎপাদন কৰে৷ বেটাৰী চাৰ্জ দিয়াৰ সময় অথবা ডিচাৰ্জ হোৱাৰ সময়তো ফোন বেছিকৈ গৰম হয়৷ স্মাৰ্টফোন গৰম হোৱাৰ এটা কাৰণ হৈছে ফোনটোৰ প্ৰচেছৰ গৰম হৈ যোৱা৷ আপোনালোকৰ হয়তো বহুতেই জানে স্মাৰ্টফোনৰ মূল অংগ হৈছে প্ৰচেছৰ৷ প্ৰচেছৰ এনে এটা ডিভাইছ যিয়ে সকলো সময়তে কাম কৰে৷ ফোন গৰম হোৱাৰ আন এটি কাৰণ হৈছে দুৰ্বল নেটৱৰ্ক৷ আপোনাৰ ফোনত যদি নেটৱৰ্ক দুৰ্বল থাকে তেতিয়া চিগ্‌নেল যায় আৰু আহে আৰু ৱাইফাইৰ ব্যৱহাৰ কৰিলে চিগ্‌নেলৰ বাবে বহুত চাপ সহ্য কৰিবলগীয়া হয়৷ এই চাপৰ ফলত স্মাৰ্টফোন অত্যধিক গৰম হয়৷ স্মাৰ্টফোন অতিৰিক্ত গৰম হোৱাৰ পৰা কেনেকৈ ৰক্ষা পৰিব–

বহুতেই বহু সময় স্মাৰ্টফোনৰ সৈতে অতিৰিক্ত ক’ভাৰ বা কেছযুক্ত কৰি ব্যৱহাৰ কৰে৷ এই ধৰণৰ কেছ ফোনৰ পৰা বাহিৰ হোৱা উত্তাপ মজুত ৰাখি ফোনটো বেছি গৰম কৰি তোলে৷ ফোন যদি অতিৰিক্ত গৰম তেতিয়া এই ধৰণৰ কেছ বা ক’ভাৰ এৰাই চলক৷ সকলো সময়তে খেয়াল ৰাখিব যাতে ফোনটোত চাৰ্জ থাকে৷ একেলগে বেছি এপ্‌ সক্ৰিয় কৰি নাৰাখিব৷ ফোনৰ অতিৰিক্ত এপ্‌ছে ‘বেকগ্ৰাউণ্ড’ত বেছি ঠাই দখল কৰিছে নেকি তাৰ প্ৰতিও লক্ষ্য ৰাখিব৷ স্মাৰ্টফোন বেছি ব্যৱহাৰ কৰিলে বা ফোনত অতিৰিক্ত গেম খেলিলে গৰম হয়, যিটো একেবাৰে ঠিক নহয়৷

You May Also Like

More From Author