বিয়াৰ পাছত শকত নহবলৈ কি কৰিব?

1 min read

ভাৰতবৰ্ষৰ অধিকাংশ মহিলাই বিবাহৰ পাছত সাধাৰণতে শকত হয়৷ দেশৰ অধিকাংশ নাৰীৰ ক্ষেত্ৰতে বিবাহৰ পৰৱৰ্তী সময়ত শকত হোৱা আৰু ওজন বৃদ্ধি হোৱা পৰিলক্ষিত হয়৷ বিয়াৰ পাছত পৰিয়ালৰ দায়িত্ব আৰু কৰ্তব্য এনেদৰে বৃদ্ধি পায় যে নিজৰ খেয়াল ৰাখিবলৈ সময়েই উলিয়াব নোৱাৰে৷ যাৰ বাবে ওজন বাঢ়ি যায় আৰু প্ৰয়োজনকৈ অধিক শকত হৈ পৰে৷ বিয়াৰ পূৰ্বে ছোৱালী অৱস্থাত নিজৰ শৰীৰটোক লৈ যিমান সচেতন বা নিজকে যত্ন লয় শ্লিম কৰি ৰাখিবৰ বাবে, বিয়াৰ পাছত সেই সচেতনতা নাথাকে ভাৰতীয় নাৰী সমাজৰ মাজত৷ ইয়াৰ উপৰিও আন কেতবোৰ অনুসংগিক কাৰণত মহিলাসকল বিয়াৰ পাছত শকত হয়৷

বিয়াৰ পাছত নাৰীৰ শৰীৰত প্ৰধানত দুই ধৰণৰ হৰম’নৰ পৰিৱৰ্তন ঘটে যাৰ বাবে নাৰী শকত হয়৷
বিয়াৰ পাছত নানা ধৰণৰ আচাৰ-অনুষ্ঠানত অংশগ্ৰহণ, আত্মীয়ৰ ঘৰলৈ এসাঁজ ভালদৰে খোৱাৰ নিমন্ত্ৰণ ৰক্ষা কৰি ন-বোৱাৰীয়ে ভালদৰে মাছে-মঙহে খাই থকাৰ বাবেও শৰীৰৰ ওজন বাঢ়ি যায় আৰু ক্ৰমশঃ লনি শৰীৰত মেদ জমা হয়৷
একাধিক নাৰী আছে যি সচৰাচৰ সোনকালে গৰ্ভধাৰণ কৰিব নিবিচাৰে, কাজেই তাৰ বাবে গৰ্ভ নিৰোধক নানান ধৰণৰ টেবলেট বা ইনজেকশ্বন লয়, ইয়াৰ বাবেও স্বাভাৱিকত সংশ্লিষ্ট সেইসকল মহিলা শকত হয়৷
বিয়াৰ পৰৱৰ্তী সময়ত বহু নাৰীয়ে খাদ্যভাসৰ ৰুটিন মানি নচলে, যাৰ বাবে অধিক খোৱাৰ বাবে শকত হৈ পৰে৷ বিয়াৰ পাছত মহিলাই যদি নিজৰ শৰীৰৰ খেয়াল ৰাখে, ব্যায়াম যোগ, প্ৰণায়াম অব্যাহত ৰাখে, খোৱাৰ ক্ষেত্ৰত ৰুটিন মানি চলে তেন্তে নিয়মীয়া স্বাস্থ্যৰ অধিকাৰী হ’ব পাৰে৷

You May Also Like

More From Author