টোপনিত মানুহৰ মৃত্যু হয় কিয়?

0 min read

জন্মিলে মানুহৰ এদিন মৃত্যু হ’বই– এয়া প্ৰকৃতিৰ নিয়ম, চিৰন্তন সত্য৷ কিন্তু কাৰ কেতিয়া কেনেকৈ মৃত্যু হয় সেয়া জনাটো সম্ভৱ নহয়৷ কাৰোবাৰ মৃত্যু হয় খোজ কাঢ়ি থাকোতেই, কাৰোবাৰ বিভিন্ন ৰোগত, কাৰোবাৰ মৃত্যু হয় দুৰ্ঘটনাত, কাৰোবাৰ আকৌ টোপনিতে মৃত্যু হয়৷ এনেদৰে টোপনিতে মৃত্যু হোৱাৰ কাৰণ কি? এই সন্দৰ্ভত দীৰ্ঘদিন ধৰি চলি আছে গৱেষণা৷ বিশেষজ্ঞসকলৰ মতে শৰীৰৰ মাত্ৰাধিকভাৱে ওজন বৃদ্ধি হ’লে, শ্বাসযন্ত্ৰৰ সমস্যা হ’লে, প্ৰচণ্ড ঠাণ্ডাৰ ফলত নাক বন্ধ হ’লে টোপনিত এজন মানুহৰ মৃত্যু হ’ব পাৰে৷ যাক এক কথাত ‘শ্লীপ ডিছঅৰ্ডা’ৰ বুলি কোৱা হয়৷ শ্লীপ ডিছঅৰ্ডাৰৰ ফলত হৃদযন্ত্ৰৰ সোঁ আৰু বাঁওফালৰ ভেণ্টিকুলাৰৰ মাৰাত্মক ক্ষতি হয়৷ ইয়াৰ ফলশ্ৰুতিত ষ্ট্ৰ’ক হয় আৰু টোপনিত এজন মানুহৰ মৃত্যু হয়৷ শ্লীপ ডিছঅৰ্ডাৰৰ ফলতে মানুহৰ টোপনিত নাকৰ মাত উঠে৷ টোপনিত নাকৰ মাত উঠাটোকে অন্য কথাত শ্লীপ অপনিয়াৰ বুলিও কোৱা হয়৷ বহু সময়ত মানুহৰ দুৰ্বল অৱস্থাৰ বাবে নাকৰ মাত উঠা বুলি কোৱা হয়৷ কিন্তু এই কথা সত্য নহয়৷ শৰীৰত দেখা দিয়া বিভিন্ন বিসংগতিৰ বাবে টোপনিত নাকৰ শব্দ হ’ব পাৰে৷ গতিকে অকাল মৃত্যুৰ পৰা হাত সাৰিবলৈ হ’লে টোপনিত নাকৰ শব্দ উঠাৰ সমস্যা দূৰ কৰিবলৈ ব্যৱস্থা ল’ব লাগে৷ প্ৰয়োজনত বিশেষজ্ঞ চিকিৎসকৰ পৰা পৰামৰ্শ ল’ব লাগে৷

You May Also Like

More From Author