পত্নী সন্ধানহীন! পুৱাই থানাত এজাহাৰ দিলেগৈ স্বামীয়ে…

1 min read

যোৱা ২০ ছেপ্টেম্বৰত নিৰুদ্দেশ হৈছিল ৰীমা। দুটা সন্তানৰ মাতৃগৰাকী সন্ধানহীন হোৱা বুলি থানাত এজাহাৰ দাখিল কৰিছিল স্বামী ৰাকেশে। পত্নী নোহোৱা হোৱাৰ খবৰ শহুৰেকৰ ঘৰতো জনাইছিল ৰাকেশে। সেই খবৰ পোৱা মাত্ৰকে ৩০ বছৰীয়া ৰীমাক বিচাৰি হাহাকাৰ লগালে পৰিয়ালৰ লগতে আৰক্ষীয়ে। দুদিনমান বিচৰাৰ পাছত ক্ৰমে শিথিল হৈ আহিল আৰক্ষীৰ অভিযান। বিপৰীতে তৎপৰতা বাঢ়িল ৰীমাৰ পিতৃ পৰিয়ালৰ। কোনোবাখিনিত পৰিয়ালটোৰ সন্দেহ হ’ল জোঁৱায়েকৰ ওপৰত। নাতি দুটাৰ লগত ফোনত কথা পাতিব নিদিয়াৰ বাবেই জোঁৱায়েক ৰাকেশৰ ওপৰত সন্দেহ বাঢ়িল ৰীমাৰ মাক দেউতাকৰ। লগে লগে নাইট চুপাৰত উঠি জোঁৱায়েকৰ ঘৰত উপস্থিত হ’ল দুয়োজন।

কন্যাক বিচাৰি শহুৰ-শাহুৱে সোধাপোছা কৰিলে জোঁৱায়েক ৰাকেশক। নিমাতে থকা নাতি দুটাৰ মুখ দুখনেও বহু কথা জনাই দিলে ককাক-আইতাকক। তেতিয়াই উপৰ্যুপৰি জেৰাত ৰাকেশে স্বীকাৰ কৰিবলৈ বাধ্য হ’ল ঘৰতে পত্নীক গুলীয়াই হত্যা কৰাৰ কথা। জোঁৱায়েকৰ স্বীকাৰোক্তি শুনা মাত্ৰকে শিল পৰা কপৌৰ দৰে জঠৰ হৈ পৰিল ৰীমাৰ পিতৃ-মাতৃ। বিপৰীতে স্বীকাৰোক্তি দিয়াৰ পাছতে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলেগৈ ঘাতক স্বামী ৰাকেশ চোনিয়ে।

হাৰিয়ানাৰ ৰাডাউৰত সংঘটিত হৈছে নৃশংস ঘটনাটো। ঘাতকৰ স্বীকাৰোক্তিৰ পাছত আৰক্ষীয়ে ঘৰৰ পাছ চোতালৰ পৰা উদ্ধাৰ কৰিলে গাঁতত পুতি থোৱা মৃতদেহ। তাৰপাছত পোহৰলৈ আহিল হত্যাকাণ্ডৰ আঁৰৰ ৰহস্য। ২০ ছেপ্টেম্বৰৰ পুৱা ৪ বজাত শোৱাপাটীতে শূণ্য দূৰত্বৰ পৰা স্বামী ৰাকেশ চোনিয়ে চাইলেঞ্চাৰ লগোৱা পিষ্টলেৰে গুলীয়াই হত্যা কৰিছিল পত্নীক। তাৰপাছত প্লাষ্টিকেৰে মেৰিয়াই শোৱনী কোঠাতে তিনি দিন ধৰি মৃতদেহ থৈ দিছিল ৰাকেশে। তিনিদিনৰ পাছত দুৰ্গন্ধই ছানি ধৰাৰ পাছত ঘাতক স্বামীয়ে প্লাষ্টিকেৰে মেৰিয়াই থোৱা পত্নীৰ মৃতদেহ গাঁত খান্দি পুতি থ’লে ঘৰৰে পাছ চোতালত। তাৰপৰাই মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

মৃতদেহ পুতি থোৱাৰ পূৰ্বে ৰাকেশে বন্ধ কৰি লৈছিল ঘৰতে সংযোজিত হৈ থকা চিচি টিভিটো। হত্যাকাণ্ডৰ আঁৰত কি? প্ৰেম! পত্নীৰ পৰকীয়া প্ৰেমৰ সন্দেহত কিছুদিন ধৰি জ্বলিপুৰি মৰিছিল ৰাকেশ চোনি। তাকে লৈ পত্নীৰ সৈতে প্ৰায়েই কাজিয়া লাগিছিল ৰাকেশৰ। ২০ ছেপ্টেম্বৰৰ কাহিলী পুৱাতে কাজিয়াই চুড়ান্ত ৰূপ লোৱাৰ পাছতে পত্নীক শূণ্য দূৰত্বৰ পৰা গুলী চলাই হত্যা কৰিলে স্বামীয়ে।

পত্নীক গুলীয়াবলৈ পিষ্টল ক’ত পালে ৰাকেশে? পেছাত চিকিউৰিটি গাৰ্ডৰ চাকৰি কৰা ৰাকেশ চোনিৰ আছিল এটা লাইচেঞ্চ থকা পিষ্টল। লগতে আছিল এটা চাইলেঞ্চাৰো। সেইটোৰেই পত্নীৰ প্ৰাণ ল’লে ৰাকেশে। ২০০৫ৰ ১৮ নবেম্বৰত হিমাচল প্ৰদেশৰ শিৰমৌৰ জিলাৰ কোডকা গাঁৱৰ ৰীমাৰে বিয়া হোৱা ৰাকেশ চোনীয়ে সন্দেহৰ বাবেই শেষ কৰি দিলে পত্নীক।

You May Also Like

More From Author