প্ৰাকৃতিকভাৱে ৰক্তচাপ কমোৱাৰ কেইটামান গুৰুত্বপূৰ্ণ টিপ্‌চ

1 min read

আজি কালি প্ৰতিজন ব্যক্তিয়েই কম-বেছি পৰিমাণে ৰক্তচাপৰ সমস্যাত ভোগে৷ উচ্ছ ৰক্তচাপৰ সমস্যা এতিয়া একপ্ৰকাৰ পৰিচিত ৰোগ৷ এই সমস্যা প্ৰায় প্ৰতিটো পৰিয়ালতেই দেখা যায়৷ পৰিচিত সমস্যা হোৱাৰ বাবে উচ্ছ ৰক্তচাপৰ প্ৰতি মানুহৰ এতিয়া ভয় কমিছে৷ ইপিনে ষ্ট্ৰোক বা হাৰ্টএটেকৰ নিচিনা সমস্যাৰসৃষ্টি হয় উচ্ছ ৰক্তচাপৰ বাবেই৷ উচ্ছ ৰক্তচাপ হৈছে সকলো ৰোগৰ বাবে তৃতীয় গুৰুত্বপূৰ্ণ সমস্যা৷ ইয়াৰ আগৰ আন দুটা কাৰণ হ’ল ধুমপান আৰু অস্বাস্থ্যকৰ খাদ্য৷ ধমনী আৰু হৃদপিণ্ডৰ দীৰ্ঘম্যাদী ক্ষতি কমোৱাৰ বাবে উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণ কৰা অত্যন্ত গুৰুত্বপূৰ্ণ৷ ৰক্তচাপৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ হ’লে জীৱনধাৰাত এই পৰিৱৰ্তনসমূহ সংযোগ কৰক–

এলকহল এৰাই চলকঃ সুৰাপানে শৰীৰত ৰক্তচাপৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে৷ অত্যধিক সুৰাপানে ৰক্তচাপ বৃদ্ধিৰ সমান্তৰালকৈ ওজনো বৃদ্ধি কৰে৷ এনে পৰিস্থিতিত এলকহল এৰাই চলিলে ৰক্তচাপৰ মাত্ৰা স্থিতিশীল অৱস্থাত ৰখাত সহায় কৰে৷

মেগনেছিয়ামযুক্ত খাদ্য খাওকঃ বিভিন্ন গৱেষণাত দেখা গৈছে খাদ্য তালিকাত মেগনেছিয়ামযুক্ত খাদ্য ৰাখিলে ৰক্তচাপ কমাত সহায় কৰে৷ যিসকলে খাদ্যৰ তালিকাত মেগনেছিয়ামযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰে তেওঁলোকৰ ৰক্তচাপ কম আছিল বুলি গৱেষণাত প্ৰকাশ পাইছে৷ বিশেষকৈ সতেজ শাক, ডাৰ্ক চকোলেট, কল, মচুৰ দাইল আৰু ব্ৰাউন ব্ৰেডত অধিক মেগনেছিয়াম উপলব্ধ৷

পটাছিয়ামযুক্ত খাদ্য খাওকঃ পটাছিয়ামযুক্ত খাদ্যই ৰক্তচাপ নিয়ন্ত্ৰণত অধিক উপযুক্ত বুলি প্ৰমাণিত হৈছে৷ কাৰণ পটাছিয়ামে ছডিয়ামৰ প্ৰভাৱৰ ভাৰসাম্য বজাই ৰাখে আৰু অধিক কাৰ্যকৰীভাৱে ৰক্তচাপ কমাই দিয়ে৷ পটাছিয়ামে ৰক্তনলীত উত্তেজনা কমোৱাতো সহায় কৰে৷ আলু, কমলা, মাছৰুম, কিছমিছ, খেজুৰ আদিত অধিক পটাছিয়াম উপলব্ধ৷

ধূমপান বাদ দিয়কঃ সাময়িকভাৱে নহয়, সম্পূৰ্ণৰূপে ধূমপান ত্যাগ কৰিব পাৰিলে ৰক্তচাপৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাটো সম্ভৱ৷ চিগাৰেটত থকা ৰাসায়নিক পদাৰ্থই ধমনীৰ অভ্যন্তৰত সোমাই যায় আৰু ইয়াৰ চৌপাশ আঠাযুক্ত কৰি তোলে আৰু ৰাসায়নিক পদাৰ্থবোৰ জমা কৰি ৰাখে৷ ইয়ে শৰীৰত ৰক্তপ্ৰবাহ ব্যাহত কৰে আৰু শৰীৰৰ বিভিন্ন অংগত অক্সিজেনৰ পৰিমাণ কমি ৰক্তচাপ, হৃদপিণ্ডৰ স্পন্দন বৃদ্ধি কৰে৷ কম অক্সিজেন বহনৰ বাবে হাৰ্টএটেক আৰু ষ্ট্ৰোক হোৱাৰ পথ মুকলি হয়৷ গতিকে ধুমপান সমূলি এৰাই চলক৷ নাচ, দৌৰ, চিৰি বগোৱা, চাইকেল চলোৱা, বাস্কেট বলৰ দৰে খেল খেলা আদি নিয়মীয়াকৈ কৰিলে হাৰ্ট শক্তিশালী হৈ পৰে৷

নিমখ খোৱাটো কমাই দিয়কঃ উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সকলোতকৈ সাধাৰণ পৰামৰ্শসমূহৰ এটা হৈছে নিমখ কমকৈ খোৱা৷ নিমখে শৰীৰত পানীবোৰ ধৰি ৰাখে, শৰীৰৰ অতিৰিক্ত পানীয়ে ৰক্তনলীত চাপ বৃদ্ধি কৰে আৰু ৰক্তচাপ বৃদ্ধি কৰে৷ ছডিয়াম সমৃদ্ধ খাদ্য খালে ষ্ট্ৰোক, কিডনী ৰোগ আৰু ডিমেনছিয়াৰ দৰে অন্যান্য ৰোগসমূহে আক্ৰমণ কৰিব পাৰে৷ এনে পৰিস্থিতিত ছচ, আচাৰ আৰু পনীৰ আদি খাদ্যবোৰ খাদ্য তালিকাৰ পৰা বাদ দিয়া উচিত৷

You May Also Like

More From Author