আঙুৰ সকলোৰে প্ৰিয়৷ কিন্তু এইবিধ প্ৰিয় ফল কিনিবলৈ গৈ বহুতে চিন্তাত পৰে–ক’লা আঙুৰ কিনিব নে সেউজীয়া? কোনবিধ আঙুৰ স্বাস্থ্যৰ বাবে বেছি উপকাৰী? উল্লেখ্য যে গ্ৰীষ্মকাল আৰম্ভ হোৱাৰ লগে লগে তাপমাত্ৰা ব্যাপক হাৰত বাঢ়িবলৈ ধৰিছে৷ এই সময়চোৱাত খাদ্যৰ তালিকাত ফল আৰু পানীয় ৰখাটো অত্যন্ত জৰুৰী৷ দেহত পানীৰ অভাৱ পূৰণৰ ক্ষেত্ৰত ফল আৰু পানীৰ বিকল্প আন একো হ’ব নোৱাৰে৷ এনে পৰিস্থিতিত শৰীৰ শীতল কৰি ৰাখিবলৈ বহুতে ক’লা বা সেউজীয়া আঙুৰৰ ওপৰত ভৰসা কৰে৷ ক’লা আঙুৰত প্ৰচুৰ পৰিমাণে পটাছিয়াম, মেগনেছিয়াম, কেলছিয়াম আৰু ভিটামিন ‘চি’থাকে৷ ইয়াৰ বিপৰীতে সেউজীয়া আঙুৰত থাকে প্ৰচুৰ পৰিমাণে কাৰ্বোহাইেড্ৰট, প্ৰটিন, ফাইবাৰ, ভিটামিন ‘চি’আৰু ভিটামিন ‘কে’৷
আপোনাৰ যদি ক’লা আঙুৰ বেছি প্ৰিয়, তেন্তে ক’লা আঙুৰৰ উপকাৰিতাৰ বিষয়ে জানি থওঁক–
আঙুৰ চকুৰ বাবে বিশেষভাৱে উপকাৰী৷ আঙুৰে দৃষ্টিশক্তি বৃদ্ধি কৰে৷ ক’লা আঙুৰ ডায়েবেটিছ ৰোগীসকলৰ বাবেও অতি উপকাৰী বুলি ধাৰণা কৰা হয়৷ কিন্তু ডায়েবেটিছ ৰোগীয়ে আঙুৰ খোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব৷ ভিটামিন ‘ই’সমৃদ্ধ ক’লা আঙুৰ চুলি আৰু ছালৰ বাবেও বিশেষভাৱে উপকাৰী৷
আনহাতে সেউজীয়া আঙুৰে হূদৰোগৰ আশংকা হ্ৰাস কৰে৷ সেউজীয়া আঙুৰত থকা ফাইটোকেমিকেল নামৰ উপাদানবিধে মস্তিষ্কৰ বাৰ্ধক্যত প্ৰভাৱ পেলায়৷ সেউজীয়া আঙুৰত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে৷ ফলত ই ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷
ৰক্তহীনতাত ভুগিলে সেউজীয়া আঙুৰ অতি উপকাৰী৷ এইবিধ আঙুৰে তেজত হিমগ্লবিনৰ মাত্ৰা বৃদ্ধি কৰে৷
কোষ্ঠকাঠিন্যৰ সমস্যা আৰু এচিডিটিৰ পৰা পৰিত্ৰাণ পোৱা যায় সেউজীয়া আঙুৰ খালে৷
ক’লা আঙুৰৰ দৰে সেউজীয়া আঙুৰেও ছালৰ উজ্জ্বলতা বঢ়ায়৷ অৱশ্যে তুলনামূলকভাৱে সেউজীয়া আঙুৰতকৈ ক’লা আঙুৰৰ গুণাগুণ অধিক৷