এক পৌৰাণিক কথা অনুসাৰে-দেৱী লক্ষ্মী আৰু তেওঁৰ ভগ্নী দৰিদ্ৰা ভগৱান বিষ্ণুৰ ওচৰলৈ গল-আৰু প্ৰাৰ্থনা কৰি কলে যে-হে প্ৰভূ-আমি কত থাকিম?তেতিয়া ভগৱান বিষ্ণুৱে দেৱী লক্ষ্মী আৰু দৰিদ্ৰাক আহঁত গছত থাকিবলৈ অনুমতি প্ৰদান কৰিলে।তেতিয়াৰপৰা দুয়ো ভগ্নীয়ে আহঁত গছত থাকিবলৈ ললে।
*ভগৱান বিষুৱে তেওঁলোকক এই বৰদান দিছিল যে-যিয়ে শনিবাৰে আহঁতৰ পূজা কৰিব,সেইজনাৰ শনিগ্ৰহৰ প্ৰভাৱৰ পৰা মুক্তি পাব।সেইজনৰ ওপৰত দেৱী লক্ষ্মীৰ অপাৰ কৃপা থাকিব।
*শনিদেৱৰ ক্ৰোপ দৃষ্টিৰপৰাই ঘৰৰ ঐশ্বৰ্য ধ্বংস হয়।কিন্তু শনিবাৰৰ দিনা আহঁত গছৰ পূজা কৰাজনৰ ওপৰত-দেৱী লক্ষ্মী আৰু শনিদেৱৰ কৃপা থাকিব।
*ধৰ্মশাস্ত্ৰত আহঁতৰ গছত ভগৱান বিষ্ণুৰ নিবাস কোৱা হয়।
*এই লোক বিশ্বাসৰ আধাৰত আহঁতৰ গছক কাটিবলৈ আজিও ময় কৰে।আৰু এয়াও কোৱা হয় যে-অত্যন্ত প্ৰয়োজনীয় যদি আহঁতৰ গছ কাটিব লাগে-তেতিয়া ৰবিবাৰে কাটিব লাগে।গীতাত আহঁত গছৰ উপমা শৰীৰৰ লগত কৰা হৈছে।
*অশ্বত্থম প্ৰাহুখ্যম-অৰ্থাৎ-অশ্বত্থ-আহঁত গছক)আঘাট কৰা,কটা-শৰীৰক আঘাট কৰা হয়।বৈজ্ঞানিক দৃষ্টি অনুসাৰে-আহঁতৰ গছ-প্ৰাণবায়ুৰ কেন্দ্ৰ হয়।অৰ্থাৎ আহঁত গছে পৰ্যাপ্ত পৰিমাণে কাৰ্বনডাই অক্সাইড গ্ৰহণ কৰে অক্সিজেন এৰি দিয়ে।
*সংস্কৃতত ছলদতৰু কোৱা হয়।বতাহ নামাৰিলেও আহঁতৰ পাত লৰা দেখা যায়। পাত লৰিলে-মনে নাচিলে।অলপ বতাহতে পাত লৰিলত-তুলসীদাসে মনৰ চঞ্চলতাৰ তুলনাক আহঁতৰ পাতৰ লগত কৰিছে।
*পদ্মপুৰাণৰ অনুসাৰে-আহঁত গছৰ পৰিক্ৰমা কৰি প্ৰণাম কৰিলে আয়ুষ বৃদ্ধি হয়।শনিদেৱৰ চাৰেচাতি কালত আহঁত গছৰ পৰিক্ৰমা আৰু পূজা কৰিলে শনিদেৱৰ প্ৰকোপ দূৰ হয়।ধৰ্মশাস্ত্ৰ অনুসাৰে আহঁতৰ গছত বেয়া শক্তিৰ বাস হোৱা লগতে দেৱতাৰো বাস হয়।
*স্কন্ধ পুৰাণৰ অনুসাৰে-আহঁত গছৰ শিপাত-শ্ৰী বিষ্ণু,ডালত-কেশৱ,শাখাত- নাৰায়ণ,পাতত ভগৱান শ্ৰী হৰি আৰু ফলত সকলো দেৱতাৰে যুক্ত বাস হয়।সেইবাবে আহঁতৰ গছক পূজা কৰা হয়।