শিশু কেনেকুৱা হ’ব সেয়া নিৰ্ভৰ কৰে তেওঁলোকক ঘৰখনে দিয়া সংস্কাৰৰ ওপৰত। যদি শিশুৱে সঠিক সংস্কাৰ নাপায় তেন্তে প্ৰতিবাৰেই তেওঁলোকৰ ভুলৰ বাবে আপোনাক দোষাৰোপ কৰা হ’ব। ভাল কাম কৰিলে প্ৰশংসাও লাভ কৰে ঘৰখনে। সেইবাবেই প্ৰতিবাৰেই তেওঁলোকৰ বেয়া অভ্যাসক সমালোচনা কৰা হয়। কিন্তু এগৰাকী মাতৃৰ লগত এনেকুৱা এটা ঘটনা ঘটিল যে যিকোনো অভিভাৱকে নিজৰ কন্যাক এই অৱস্থাত দেখিলে স্তম্ভিত হ’ব। এদিন মাতৃ কন্যাৰ শোৱা কোঠালৈ গৈছিল, কিন্তু দুৱাৰখন খুলি দিয়াৰ লগে লগে এই দৃশ্য দেখি চকু কপালত উঠিল মাতৃৰ। মাত্ৰ ২০ বছৰ বয়সত কন্যাই যিটো কাম কৰি আছিল সেয়া যিকোনো পিতৃ-মাতৃৰ বাবে বেদনাদায়ক। কোনোৱে এই দৃশ্য দেখিলে বিচলিত হোৱাটো স্বাভাৱিক।
আমেৰিকাৰ ফ্ল’ৰিডাৰ বাসিন্দা ব্ৰেণ্ডী মেকে নিজৰ কন্যাৰ এই কাৰ্যক সমগ্ৰ বিশ্বক জনাইছিল যাতে প্ৰতিজন পিতৃ-মাতৃয়ে সচেতন হ’ব পাৰে। ডেইলী ষ্টাৰৰ এক প্ৰতিবেদন অনুসৰি ব্ৰেণ্ডী মেকে সামাজিক মাধ্যম টিকটকত কৈছিল, “মই প্ৰায়ে ৰাতিপুৱা মোৰ কন্যাৰ কোঠালৈ যাওঁ। আগতে তাইক শোৱাৰ পৰা জগাই দিছিলো। বহু সময়ত মই সন্ধিয়াও গৈছিলো। কিন্তু ২০১৯ চনৰ ডিচেম্বৰ মাহত এদিন ৰাতিপুৱা কন্যাৰ শোৱা কোঠাৰ দুৱাৰখন খুলি দিয়াৰ লগে লগে চকুৰ সন্মুখৰ দৃশ্যটো দেখি মই হতবাক হৈ পৰিলোঁ। মোৰ ২০ বছৰীয়া কন্যাই ড্ৰাগছ সেৱন কৰি আছিল। কেৱল মনোৰঞ্জনৰ বাবেই নহয়, আই ভি ড্ৰাগছ, ক্ৰেক, ক্রিষ্টাল মেথ, অপিঅ’ইড আৰু এম্ফেটামাইনৰ দৰে ড্ৰাগছও খাইছিল। ICUত নাৰ্ছ হিচাপে জীৱনৰ বহু সময় কটালোঁ, গতিকে এই দৃশ্য দেখি মই থতমত খালোঁ। এই বয়সতো যে ড্ৰাগছৰ আসক্তিৰ সৃষ্টি হ’ব পাৰে!”
জন্মৰ ৯ মাহৰ পিছৰ পৰাই ফ্ল’ৰিডাত বাস কৰি আছে
ব্ৰেণ্ডীয়েও কন্যা সন্তানটিক ডাঙৰ-দীঘল কৰাৰ কথা উল্লেখ কৰে। তেওঁ কয়, “ছোৱালীজনীয়ে জন্মৰ ন মাহৰ পিছৰ পৰাই ফ্ল’ৰিডাত বাস কৰি আহিছে, আনহাতে মই আইডাহ’ত তাইৰ পৰা বহু দূৰত বাস কৰিছিলোঁ। আগতে তিনিমাহৰ মূৰে মূৰে তাইৰ ওচৰলৈ গৈছিলোঁ। কিন্তু কিছুদিনৰ পৰা তাৰ মেজাজৰ পৰিৱৰ্তন আহিল। তাই ক্ৰমান্বয়ে খিংখিঙীয়া হৈ আহিছিল। ১৩ বা ১৪ বছৰ বয়সত মায়ে এবাৰ মোক কৈছিল যে তাই ফেণ্টানিলৰ বিষয়ে কিবা এটা কথা কৈছে। মই ভাবিছিলো যে আমি দন্ত চিকিৎসকৰ ওচৰলৈ গৈছিলো আৰু এই বিষয়ে কথা পাতিছিল, গতিকে ছোৱালীজনীয়েও নিশ্চয় সেই কথা শুনিছে। কিন্তু মই নাজানিছিলো যে সেই বয়সৰ পৰাই তাই ড্ৰাগছৰ প্ৰতি আসক্ত হ’বলৈ আৰম্ভ কৰিছিল।”
ড্ৰাগছৰ দ্বাৰা নিজৰ ক্ষতি কৰিছে কন্যাই
কন্যা হাইস্কুল পাওঁতে ব্ৰেণ্ডীয়ে গম পালে যে কন্যাই ড্ৰাগছৰ দ্বাৰা নিজৰ ক্ষতি কৰিছে। ইয়াৰ বাবেই তেওঁ চূড়ান্ত সিদ্ধান্তও ল’ব পাৰে বুলি ভয় কৰিবলৈ ধৰিলে। হাইস্কুললৈ যোৱাৰ সময়তে কন্যাই মিছা কথা ক’বলৈ ধৰিলে। নিশা মনে মনে ওলাই যাবলৈ ধৰিলে। কলেজৰ দিনতে কিশোৰীগৰাকী ড্ৰাগছৰ প্ৰতি আসক্ত হৈ পৰিছিল। পিছত কিশোৰীগৰাকীয়ে মেথামফেটামাইন ব্যৱহাৰ কৰা বুলি স্বীকাৰ কৰে। তাৰ পিছত জনা গ’ল যে কিশোৰীগৰাকী ডিপ্ৰেছন আৰু পিটিএছডিত আক্ৰান্ত। কিন্তু কিশোৰীগৰাকীয়ে যে এনে বিপজ্জনক ড্ৰাগছ সেৱন কৰিছিল, সেই কথাটো মাতৃয়ে মাত্ৰ কেইবছৰমান আগতেহে গম পালে। দুঃখৰ বিষয় যে কিশোৰীগৰাকী এতিয়াও ড্ৰাগছৰ আসক্তি নিবাৰণৰ সৈতে যুঁজি আছে।